11
Jan
অযোধ্যাত ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ আমন্ত্ৰণ নাকচ কৰি বিজেপিৰ ৰাডাৰত কংগ্ৰেছ। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা গিৰিৰাজ সিঙে বিৰোধী দলটোক আক্ৰমণ কৰি কয় যে কংগ্ৰেছীসকল ঋতুভিত্তিক হিন্দু। অযোধ্যালৈ যাবলৈ তেওঁলোকৰ শক্তি নাই। জৱাহৰলাল নেহৰুৰ পিছত কংগ্ৰেছৰ কোনো লোক অযোধ্যালৈ যোৱা নাই। উল্লেখ্য যে, ২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া অযোধ্যাৰ ৰাম মন্দিৰৰ উদ্বোধন অনুষ্ঠানৰ বাবে কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে, প্ৰাক্তন অধ্যক্ষা ছোনিয়া গান্ধী আৰু সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে নিমন্ত্ৰণ লাভ কৰিছিল যদিও তেওঁলোকে নাকচ কৰে। কংগ্ৰেছে কয় যে মন্দিৰটো সম্পূৰ্ণৰূপে নিৰ্মাণ কৰা হোৱা নাই, সেয়েহে বিজেপিয়ে প্ৰথমে উদ্বোধন কৰি নিৰ্বাচনী সুবিধা লাভৰ চেষ্টা কৰিছে। কংগ্ৰেছৰ এক বিবৃতি অনুসৰি ছোনিয়া গান্ধী, দলৰ মুৰব্বী…