06
Apr
লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছে ৫ এপ্ৰিলত নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে আৰু ৰাইজক বহুতো ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে। কংগ্ৰেছে তেওঁলোকৰ ইস্তাহাৰক 'ন্যায় পাত্ৰ ২০২৪' বুলি নামাকৰণ কৰিছে। কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 'ন্যায় পাত্ৰ ২০২৪'ত অন্তৰ্ভুক্ত প্ৰতিশ্ৰুতিসমূহৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে। মুখ্যমন্ত্ৰী শৰ্মাই তেওঁৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম 'এক্স'ত এটা পোষ্ট শ্বেয়াৰ কৰি কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয়। কংগ্ৰেছে প্ৰকাশ কৰা 'ন্যায় পাত্ৰ'ৰ কথা উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছে তেঁওলোকৰ ইস্তাহাৰত তিনি তালাক আৰু অ'পিএছ পুনৰুদ্ধাৰৰ কথা কৈছে কিন্তু ইয়াৰ কোনো প্ৰতিশ্ৰুতিৰ ওপৰত কোনো সময়সীমা দিয়া নাই। ইয়াৰ উপৰিও, ন্যায় ইস্তাহাৰত অন্তৰ্ভুক্ত পানী ব্যৱস্থাপনাৰ ফটোক লৈও…
