03
Dec
মধ্যপ্ৰদেশ, ছত্তীশগড়, ৰাজস্থান আৰু তেলেংগানাত আজি অব্যাহত আছে ভোটগণনা। ইফালে, ৬ ডিচেম্বৰত দিল্লীত কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেয়ে বিৰোধী মিত্ৰজোঁট INDIAৰ বৈঠক আহ্বান কৰিছে। আচলতে চাৰিখন ৰাজ্যৰ প্ৰাৰম্ভিক ধাৰাত কংগ্ৰেছে যেন কেৱল তেলেংগানাতহে ঠাই পাইছে, ইয়াৰ বাহিৰেও ই আন ৰাজ্যত বিজেপিতকৈ বহু পিছ পৰি আছে। ইফালে, কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেয়ে বিৰোধী দলসমূহৰ INDIA মিত্ৰজোঁটৰ বৈঠকৰ বাবে আহ্বান জনাইছে। অহা ৬ ডিচেম্বৰত দিল্লীত বিৰোধী দলৰ সমাৱেশ অনুষ্ঠিত হ’ব। অৱশ্যে খৰ্গেয়ে পূর্বেও উল্লেখ কৰিছিল যে পাঁচখন ৰাজ্যৰ ফলাফল ওলোৱাৰ পাছত বিৰোধী মিত্রজোঁটৰ বৈঠক আহ্বান কৰা হ’ব৷ প্ৰাৰম্ভিক ধাৰাত তেলেংগানাত কংগ্ৰেছ চৰকাৰ গঠন হোৱা যেন লাগে। একে সময়তে ছত্তীশগড়ত কংগ্ৰেছ আৰু বিজেপিৰ মাজত ঘনিষ্ঠ…