27
Jan
বিহাৰৰ পিছত দিল্লী! "অপাৰেচন লোটাছ" চলাই দিল্লীত আম আদমী পাৰ্টিৰ চৰকাৰ উফৰাই পেলোৱাৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে বিজেপিয়ে। গেৰুৱা শিবিৰে আপৰ বিধায়কক দল সলনি কৰিবলৈ বিপুল পৰিমাণৰ ধন দিছে। দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে এনে অভিযোগ উত্থাপন কৰে। আবকাৰী দুৰ্নীতিৰ গোচৰত কেজৰিৱালক কেইবাবাৰো চমন কৰিছে বলবৎকাৰী সঞ্চালকালয়ে। প্ৰতিবাৰেই ইডি অফিচত উপস্থিত হোৱাৰ পৰা বিৰত আছে কেজৰিৱাল। এই বিষয়টোক আহিলা হিচাপে ব্যৱহাৰ কৰি বিজেপিয়ে আপৰ বিধায়কসকলক দল সলনি কৰিবলৈ ২৫ কোটি টকাকৈ ঘোচ দিয়া বুলি অভিযোগ কৰিছে কেজৰিৱালে। এনে অভিযোগ উত্থাপন কৰি কেজৰিৱালে শনিবাৰে এক্স হেণ্ডেলত লিখিছে, “শেহতীয়াকৈ বিজেপিয়ে দিল্লীত থকা আমাৰ ৭ জন বিধায়কৰ সৈতে যোগাযোগ কৰি…
