ৰাজনীতি

লোকসভা নিৰ্বাচনত পঞ্জাৱত কংগ্ৰেছৰ সৈতে মিত্ৰতা নহয়! স্পষ্ট ইংগিত আম আদমী পাৰ্টীৰ…

লোকসভা নিৰ্বাচনত পঞ্জাৱত কংগ্ৰেছৰ সৈতে মিত্ৰতা নহয়! স্পষ্ট ইংগিত আম আদমী পাৰ্টীৰ…

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে ঘোষণা কৰিছিল যে তেওঁৰ দলে বংগত অকলে নিৰ্বাচনত অৱতীৰ্ণ হ’ব। এই বক্তব্যৰ পিছতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানেও কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰাৰ ইংগিত দিছে। কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে আমি পঞ্জাৱত এনেকুৱা একো (মিত্ৰতাৰ সন্দৰ্ভত) কৰা নাই। তেওঁ কয় যে পঞ্জাৱৰ ১৩খন আসনত লোকসভাৰ নিৰ্বাচন আম আদমী পাৰ্টিৰ সপক্ষে ১৩-০। ইফালে সাংবাদিকে মমতা বেনাৰ্জীক লৈ প্ৰশ্ন উত্থাপন কৰাৰ সময়ত তেওঁ কয় যে হয়তো কিছু কথা-বতৰা চলি আছে। কিন্তু আমি পঞ্জাৱত এনেকুৱা একো কৰিবলৈ যোৱা নাই। মুখ্যমন্ত্ৰীৰ বক্তব্যই ইংগিত দিয়ে যে আগন্তুক দিনত পঞ্জাৱত কংগ্ৰেছ আৰু আপৰ মাজত কোনো…
Read More
২৫ জানুৱাৰীৰ পৰা সমগ্ৰ দেশতে ৰাজ্যিক পৰ্যায়ৰ কৰ্মী সন্মিলনৰ আয়োজন কৰিব কংগ্ৰেছে

২৫ জানুৱাৰীৰ পৰা সমগ্ৰ দেশতে ৰাজ্যিক পৰ্যায়ৰ কৰ্মী সন্মিলনৰ আয়োজন কৰিব কংগ্ৰেছে

কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি তীব্ৰতৰ কৰাৰ বাবে ২৫ জানুৱাৰীৰ পৰা সমগ্ৰ দেশতে ৰাজ্যিক পৰ্যায়ৰ কৰ্মী সন্মিলনৰ আয়োজন কৰিব, য'ত দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে কংগ্ৰেছ কৰ্মীসকলক উৎসাহিত কৰিব। দলটোৰ সংগঠনৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে মঙলবাৰে এই তথ্য প্ৰদান কৰে। বেণুগোপালে এক্সত পোষ্ট কৰি কয়, "আমাৰ কৰ্মীসকল আমাৰ দলৰ মেৰুদণ্ড। ২০২৪ চনৰ নিৰ্বাচনৰ বাবে, কংগ্ৰেছে অহা কেইসপ্তাহমানৰ ভিতৰত বিভিন্ন ৰাজ্যত ৰাজ্যিক পৰ্যায়ৰ কৰ্মী সন্মিলন আয়োজন কৰিব, য'ত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেজীয়ে বুথৰ পৰা ৰাজ্যিক পৰ্যায়লৈ কাৰ্য্যালয়-বহনকাৰীসকলৰ বৈঠকত সভাপতিত্ব কৰিব আৰু আমাৰ সমৰ্পিত কৰ্মীসকলক উৎসাহিত কৰিব। '' ২৫ জানুৱাৰীত তেলেংগানাত, উত্তৰাখণ্ডত ২৮ জানুৱাৰীত, উৰিষ্যাত ২৯ জানুৱাৰীত, দিল্লীত ৩ ফেব্ৰুৱাৰীত, কেৰালাত ৪ ফেব্ৰুৱাৰীত,…
Read More
পৰিয়ালৰ সদস্য জেল’লৈ যোৱাৰ ভয়তে বিজেপিত যোগদান কৰিছিল হিমন্ত বিশ্ব শৰ্মাইঃ বিস্ফোৰক দাবী ভূপেন বৰাৰ

পৰিয়ালৰ সদস্য জেল’লৈ যোৱাৰ ভয়তে বিজেপিত যোগদান কৰিছিল হিমন্ত বিশ্ব শৰ্মাইঃ বিস্ফোৰক দাবী ভূপেন বৰাৰ

৮ বছৰ পূৰ্বে পৰিয়ালৰ দাবীতে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। বিজেপিত যোগদানৰ পূৰ্বে দিল্লীত সাক্ষাৎ কৰি ভূপেন বৰাকো জোৰ দিছিল বিজেপিমুখী হ’বলৈ। অসমত চলি থকা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মাজতে এক সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ এনে বিস্ফোৰক মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। অসমত ন্যায় যাত্ৰাৰ দ্বিতীয় দিনটোত এক সংবাদমেল সম্বোধন কৰি ৮ বছৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰাৰ আঁৰৰ উদ্দেশ্য প্ৰকট কৰে ভূপেন বৰাই। ভূপেন বৰাই কয় যে ২০১৫ চনলৈ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত আছিল৷ ২০১৪ চনত যেতিয়া দিল্লীত বিজেপিয়ে চৰকাৰ গঠন কৰিছিল, তেতিয়া অসমৰ বিজেপিৰ তত্বাৱধায়ক…
Read More
কংগ্ৰেছ ছিজনেল হিন্দু! ৰাম মন্দিৰৰ উদ্বোধনৰ নিমন্ত্ৰণ নাকচ কৰাৰ পিছতে সৰৱ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং

কংগ্ৰেছ ছিজনেল হিন্দু! ৰাম মন্দিৰৰ উদ্বোধনৰ নিমন্ত্ৰণ নাকচ কৰাৰ পিছতে সৰৱ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং

অযোধ্যাত ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ আমন্ত্ৰণ নাকচ কৰি বিজেপিৰ ৰাডাৰত কংগ্ৰেছ। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা গিৰিৰাজ সিঙে বিৰোধী দলটোক আক্ৰমণ কৰি কয় যে কংগ্ৰেছীসকল ঋতুভিত্তিক হিন্দু। অযোধ্যালৈ যাবলৈ তেওঁলোকৰ শক্তি নাই। জৱাহৰলাল নেহৰুৰ পিছত কংগ্ৰেছৰ কোনো লোক অযোধ্যালৈ যোৱা নাই। উল্লেখ্য যে, ২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া অযোধ্যাৰ ৰাম মন্দিৰৰ উদ্বোধন অনুষ্ঠানৰ বাবে কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে, প্ৰাক্তন অধ্যক্ষা ছোনিয়া গান্ধী আৰু সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে নিমন্ত্ৰণ লাভ কৰিছিল যদিও তেওঁলোকে নাকচ কৰে। কংগ্ৰেছে কয় যে মন্দিৰটো সম্পূৰ্ণৰূপে নিৰ্মাণ কৰা হোৱা নাই, সেয়েহে বিজেপিয়ে প্ৰথমে উদ্বোধন কৰি নিৰ্বাচনী সুবিধা লাভৰ চেষ্টা কৰিছে। কংগ্ৰেছৰ এক বিবৃতি অনুসৰি ছোনিয়া গান্ধী, দলৰ মুৰব্বী…
Read More
‘মই নিৰ্বাচন নেখেলো…’! ৰাজনীতিৰ পৰা অৱসৰক লৈ কি ক’লে শৰদ পাৱাৰে

‘মই নিৰ্বাচন নেখেলো…’! ৰাজনীতিৰ পৰা অৱসৰক লৈ কি ক’লে শৰদ পাৱাৰে

ৰাজনীতিৰ পৰা অৱসৰক লৈ চলি থকা জল্পনা কল্পনাৰ মাজতে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য এন চি পিৰ নেতা শৰদ পাৱাৰৰ। তেওঁ কয় যে মোৰ ৰাজ্যসভাৰ কাৰ্যকাল ডেৰ-দুবছৰ বাকী আছে। তেতিয়ালৈকে মোক সেৱা কৰিবলৈ দিয়ক। ইয়াৰ পিছত মই কোনো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰো। শৰদ পাৱাৰৰ এই বক্তব্য অজিত পাৱাৰৰ সেই বক্তব্যৰ পিছত আহিছে, য’ত তেওঁ তেওঁক বয়সৰ ওপৰত সমালোচনা কৰিছিল। অজিত পাৱাৰে কৈছিল যে বয়সৰ এই পৰ্যায়ত তেওঁ ঘৰতে বহি কেতিয়া অৱসৰ ল’ব নাজানে। অজিত পাৱাৰৰ এই বক্তব্যক প্ৰতিহত কৰি এই বক্তব্য দিছে শৰদ পাৱাৰে। তেওঁ কয় যে অজিত পাৱাৰে মোৰ বয়সৰ সন্দৰ্ভত বাৰে বাৰে বক্তব্য দিয়ে। ৰাজ্যসভাত মোৰ ডেৰ-দুবছৰ বাকী আছে। তেতিয়ালৈকে…
Read More
মই কোনো দুৰ্নীতি কৰা নাই! গ্ৰেপ্তাৰৰ সম্ভাৱনাৰ মাজতে নিজৰ স্থিতি স্পষ্ট দিল্লীৰ মুখ্যমন্ত্ৰীৰ…

মই কোনো দুৰ্নীতি কৰা নাই! গ্ৰেপ্তাৰৰ সম্ভাৱনাৰ মাজতে নিজৰ স্থিতি স্পষ্ট দিল্লীৰ মুখ্যমন্ত্ৰীৰ…

মূৰৰ ওপৰত ওলমি ৰৈছে গ্ৰেপ্তাৰৰ তৰোৱাল। ভয়ত ত্ৰস্তমান তেওঁৰ গোটেই দলটো। কিন্তু অৰবিন্দ কেজৰিৱাল নিজৰ স্থিতিৰ প্ৰতি অটল। তেওঁৰ স্পষ্ট কথা, "মই কোনো দুৰ্নীতি কৰা নাই। বিজেপিয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে মোৰ সততাক কলংকিত কৰিব বিচাৰিছে।" ইডিয়ে ইতিমধ্যে দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়া আৰু সাংসদ সঞ্জয় সিঙক। আন এজন মন্ত্ৰী ৰাজকুমাৰ আনন্দৰ ঘৰত তালাচী চলোৱা হয়। ইণ্ডিয়া মিত্ৰজোঁটৰ কাৰ্যকলাপৰ মাজতে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ সম্ভাৱনাই আপৰ ভিতৰত আলোড়নৰ সৃষ্টি কৰিছে। অৱশ্যে কেজৰিৱালে কয়, ‘মই কোনো দুৰ্নীতি কৰা নাই। দুৰ্নীতি হ’লে সেই কোটি কোটি টকা ক’লৈ গ’ল?” আপ ছুপ্ৰেমোৱে কয়, "মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ হ'ল মোৰ…
Read More
‘অব কী বাৰ ৪০০ পাৰ’! লোকসভা নিৰ্বাচনত নতুন শ্লোগান লৈ এইবাৰ বিজেপিৰ ৰণনীতি

‘অব কী বাৰ ৪০০ পাৰ’! লোকসভা নিৰ্বাচনত নতুন শ্লোগান লৈ এইবাৰ বিজেপিৰ ৰণনীতি

'তিছৰী বাৰ মোডী চৰকাৰ, অব কী বাৰ ৪০০ পাৰ।' ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ এই শ্লোগান। মঙলবাৰে এখন বৈঠকৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে। এনে দাবী এক সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰৰ। মঙলবাৰৰ বৈঠকত উপস্থিত থাকে বিজেপিৰ সভাপতি জে পি নাড্ডা। দুঘণ্টাৰো অধিক সময় ধৰি চলি থকা এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, ভূপেন্দ্ৰ যাদৱ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আদি উপস্থিত থাকে। সংবাদ মাধ্যমৰ আগত দলটোৰ এগৰাকী জ্যেষ্ঠ নেতাই কয় যে বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে ‘অব কী বাৰ ৪০০ পাৰ’ শ্লোগানেৰে বিজেপিয়ে আগবাঢ়ি যাব বিচাৰে। প্ৰসংগক্ৰমে যোৱা ডিচেম্বৰ মাহত জনা গৈছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ নেতাসকলৰ বৈঠক আৰম্ভ…
Read More
বাৰাণসীত প্ৰধামন্ত্ৰী মোদীৰ বিৰুদ্ধে ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী হ’ব পাৰে মল্লযুঁজাৰু সাক্ষী মালিক

বাৰাণসীত প্ৰধামন্ত্ৰী মোদীৰ বিৰুদ্ধে ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী হ’ব পাৰে মল্লযুঁজাৰু সাক্ষী মালিক

যদি সকলো ঠিকে থাকে তেন্তে আগন্তুক লোকসভা নিৰ্বাচনত বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী হ’ব পাৰে মল্লযুঁজাৰু সাক্ষী মালিক। বিজেপিৰ সাংসদ ব্রিজভূষণ শৰণ সিঙৰ ঘনিষ্ঠ সঞ্জয় সিঙে শেহতীয়াকৈ ভাৰতীয় মল্লযুঁজ সন্থাৰ নতুন সমিতিৰ সভাপতি নির্বাচিত হোৱাৰ দিনাই নিজৰ জোতা টেবুলত থৈ মল্লযুঁজৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে সাক্ষী মালিকে৷ তেতিয়াই সাক্ষীক বাৰাণসীৰ পৰা মোডীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইণ্ডিয়া এলায়েন্সে প্ৰস্তাৱ দিছিল আৰু তেওঁ সেই কথাত সন্মতি প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে। চলিত মাহত ৰাজধানী দিল্লীত অনুষ্ঠিত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকত তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বাৰাণসীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে ইণ্ডিয়া মিত্ৰজোঁটৰ কোনোবা…
Read More
ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানত অংশ ল’লে ছোনীয়া গান্ধীৰ পাপ হ্ৰাস পাবঃ হিমন্ত বিশ্ব শৰ্মা

ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানত অংশ ল’লে ছোনীয়া গান্ধীৰ পাপ হ্ৰাস পাবঃ হিমন্ত বিশ্ব শৰ্মা

অযোধ্যাত ৰাম মন্দিৰৰ অভিষেকৰ পূৰ্বে ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাও তীব্ৰতৰ হৈ পৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে যদি ছোনিয়া গান্ধী অযোধ্যালৈ যায় তেন্তে হয়তো তেওঁৰ পাপ কমি যাব। ৰাম মন্দিৰৰ অভিষেক আৰু প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীত অংশগ্ৰহণৰ বাবেও বহু বিৰোধী নেতাক নিমন্ত্ৰণ প্ৰেৰণ কৰা হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে কথা পাতি হিমন্ত শৰ্মাই কয় যে কংগ্ৰেছৰ নেতা ৰাম মন্দিৰৰ অনুষ্ঠানলৈ যাওক বা নাযাওক, সকলো কংগ্ৰেছ কৰ্মীয়ে নিশ্চিতভাৱে যাব। হিমন্ত শৰ্মাই কয় যে ‘২২ জানুৱাৰীৰ পিছত কংগ্ৰেছৰ হিন্দু বুথ নেতা, মণ্ডল নেতা আৰু তেওঁৰ পৰিয়াল ৰাম মন্দিৰলৈ যাব।’ কংগ্ৰেছৰ নেতা মন্দিৰলৈ যাব নেকি বুলি সোধাত অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে ‘যদি নাযায়, যদি…
Read More
মোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিলেও লোকসভা নিৰ্বাচনত ময়েই জয়ী হ’মঃ শশী থাৰুৰ

মোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিলেও লোকসভা নিৰ্বাচনত ময়েই জয়ী হ’মঃ শশী থাৰুৰ

কংগ্ৰেছ নেতা শশী থাৰুৰে মঙলবাৰে কয় যে ২০২৪ চনত তিৰুৱনন্তপুৰম লোকসভাৰ আসনৰ পৰা চতুৰ্থবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু, যিটো তেওঁৰ শেষ আসন হ’ব পাৰে, আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে যুঁজিবলগীয়া হ’লেও যিকোনো ক্ষেত্ৰতে তেওঁ জয়ী হ’ব। থাৰুৰে তেওঁৰ ভৱিষ্যতৰ পৰিকল্পনাৰ ওপৰত টিভি চেনেলৰ ডিবেটত অংশগ্ৰহণ কৰি এই কথা কয়। তেওঁ কয়, ‘মই ইয়াৰ পৰা পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু, কিন্তু চূড়ান্ত সিদ্ধান্ত দলে ল’ব আৰু মোক কোৱা হ’লে কৰিম। এইটোৱেই হ’ব মোৰ লোকসভালৈ শেষ প্ৰতিদ্বন্দ্বিতা।’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিৰুৱনন্তপুৰমৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বুলি জল্পনা-কল্পনাৰ সন্দৰ্ভত থাৰুৰে কয়, ‘মোদীয়ে মোৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হ’লেও মই জয়ী হ’ম।’ থাৰুৰে লগতে কয়, ‘মই…
Read More