পশ্চিমবংগ

আকাশমাৰ্গৰ পৰা আমফানৰ ধ্বংসলীলা চালে মোদী-মমতাই

ষ্টাফৰিপোৰ্টাৰ, ২২ মে': আকাশমাৰ্গৰ পৰা আমফানৰ ধ্বংসলীলা চালে মোদী-মমতাই। একেখন হেলিকপ্টাৰত উঠি প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰে। ২৪ পৰগনাৰ বছিৰহাটত নামি প্ৰশাসনীয় বিষয়াৰে প্ৰধানমন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰীৰ ১০০০ কোটি টকাৰ সাহায্য ঘোষণা পশ্চিমবংগত।পশ্চিমবংগত ঘূৰ্ণী বতাহ আমফানত ৮০ জনৰ মৃত্যু হয়। বহু বছৰৰ পাছত হোৱা ভয়ংকৰ ঘূৰ্ণী সমীক্ষাৰ বাবে কেন্দ্ৰৰ দল পশ্চিমবংগলৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমীয়াৰ স্বাভিমান ফুলাম গামোছা খন ডিভিত মেৰিয়াই লৈ আকাশ মাৰ্গৰ পৰা এই ধ্বংসলীলা পৰ্যবেক্ষণ কৰে।
Read More

ঘূৰ্ণীবতাহ ‘আমফান’ক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট

ষ্টাফৰিপোৰ্টাৰ, ১৬ মে' : ঘূৰ্ণীবতাহ ‘আমফান’ক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। বতৰ বিজ্ঞান কেন্দ্ৰৰ আশংকা মতে শনিবাৰে এই ঘূৰ্ণীবতাহে বংগোপসাগৰৰ ওপৰ এলেকা আৰু দক্ষিণ আন্দামান সাগৰৰ সমীপত নিম্ন চাপৰ সৃষ্টি কৰিছে। ইয়াৰ ফলত ওড়িশা আৰু আশে–পাশে থকা এলেকাত শনিবাৰে সন্ধিয়া ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰাৰ আশংকা আছে।বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে এই ঘূৰ্ণীবতাহজাক শক্তিৰে আগবাঢ়িলে ১৭মে’লৈকে উত্তৰ–পূৱলৈকে আগবাঢ়িব আৰু তাৰ পিছত উত্তৰ–পশ্চিমৰ দিশলৈ যাব। এই সময়ত বতাহৰ গতিবেগ ঘণ্টাত ৫৫–৬৫ কিলোমিটাৰ প্ৰতি ঘণ্টাত হ’ব পাৰে। এই গতিবেগ বৃদ্ধি পাই ৭৫ কিলোমিটাৰ প্ৰতি ঘণ্টাত হ’ব পাৰে। বতৰ বিজ্ঞান কেন্দ্ৰই ওড়িশাৰ উপকূলীয় এলেকাত এলাৰ্ট জাৰি কৰিছে, লগতে পশ্চিম বংগ, ত্ৰিপুৰা, মিজোৰাম, মণিপুৰতো অৰেঞ্জ…
Read More