সাৱধান! আপোনাৰ পোহনীয়া কুকুৰে কামুৰিলে এতিয়া আপুনি যাব লাগিব জেললৈ

এতিয়াৰে পৰা আপোনাৰ পোহনীয়া কুকুৰটোৰ আচৰণৰ বাবে আপুনি আইনী সংকটত পৰিব পাৰে। উত্তৰাখণ্ডৰ দেৰাডুনত পোহনীয়া কুকুৰে কোনো ব্যক্তিক কামুৰিলে তাৰ গৰাকীৰ বিৰুদ্ধে চিধাই এজাহাৰ পঞ্জীয়ন কৰা হ’ব। কুকুৰৰ আক্ৰমণৰ বৰ্ধিত ঘটনা, বিশেষকৈ ‘ৰটৱেইলাৰ’ৰ দৰে আক্ৰমণাত্মক প্ৰজাতিৰ উপদ্ৰৱ ৰোধ কৰিবলৈ পৌৰ নিগমে এই কঠোৰ ‘দেৰাডুন কুকুৰ অনুজ্ঞাপত্ৰ উপ-আইন-২০২৫’ প্ৰস্তুত কৰিছে।

নতুন নিয়ম অনুসৰি, কেৱল জৰিমনা বিহাৰ উপৰিও আৰক্ষীৰ গোচৰত পৰিব লাগিব গৰাকী। আনকি পৌৰ নিগমে সেই কুকুৰটোক নিজৰ জিম্মালৈ লৈ যোৱাৰো অধিকাৰ থাকিব। চৰকাৰী অধিসূচনাত প্ৰকাশ পোৱাৰ পিছৰে পৰা এই নিয়ম কাৰ্যকৰী হ’ব। ইয়াৰ ফলত কুকুৰ পালকসকলে পূৰ্বতকৈ অধিক দায়িত্বশীল হ’বলৈ বাধ্য হ’ব।

পঞ্জীয়নৰ ক্ষেত্ৰতো পৌৰ নিগমে নতুন নিৰ্দেশনা জাৰি কৰিছে। তিনি মাহতকৈ অধিক বয়সৰ কুকুৰৰ বাবে অনুজ্ঞাপত্ৰ লোৱাটো এতিয়া বাধ্যতামূলক। এই অনুজ্ঞাপত্ৰ পঞ্জীয়ন বা নৱীকৰণৰ তাৰিখৰ পৰা এবছৰৰ বাবে বৈধ হ’ব। ইয়াৰ উপৰিও কুকুৰটোৰ পঞ্জীয়নৰ সময়ত পশু চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা ‘এণ্টি-ৰেবিজ’ ভেকচিনৰ প্ৰমাণপত্ৰ জমা দিয়াটোও বাধ্যতামূলক কৰা হৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *