বাজেট অধিৱেশনৰ বিৰতি; অহা ৯ মাৰ্চত পুনৰ মিলিত হ’ব সংসদৰ দুয়োখন সদন

সংসদৰ বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায়ৰ কাম-কাজ অন্ত পৰাৰ পাছত শুকুৰবাৰে দুয়োখন সদনৰে কাৰ্যসূচী অহা ৯ মাৰ্চলৈ স্থগিত ৰাখে অধ্যক্ষই। যোৱা ২৮ জানুৱাৰীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণেৰে আৰম্ভ হোৱা এই অধিৱেশনৰ দ্বিতীয় পৰ্যায় অহা মাহৰ ৯ তাৰিখৰ পৰা ২ এপ্ৰিললৈ অনুষ্ঠিত হ’ব। শুকুৰবাৰে লোকসভাত বিৰোধীৰ তীব্ৰ হুলস্থূলৰ মাজতে কেইবাজনো মন্ত্ৰীয়ে নিজ নিজ বিভাগৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰ সদনৰ মেজত দাখিল কৰে।

লোকসভাৰ কাম-কাজ আৰম্ভ হোৱাৰ পাছতে পিঠাসীন বিষয়া সন্ধ্যা ৰায়ে প্ৰাক্তন সাংসদ ভগৱান দাস ৰাঠোৰৰ মৃত্যুত শোক প্ৰকাশ কৰে। ইয়াৰ পাছতে প্ৰশ্নোত্তৰ কালত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাই ক’ডিনযুক্ত কাহৰ চিৰাপ সেৱনৰ ফলত হোৱা মৃত্যুৰ সন্দৰ্ভত উত্তৰ দিবলৈ চেষ্টা কৰে যদিও কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ আৰু ডি এম কেৰ সাংসদসকলে সদনৰ মজিয়ালৈ নামি আহি প্ৰতিবাদ সাব্যস্ত কৰাত বাধাৰ সৃষ্টি হয়। বিৰোধীৰ এই শ্ল’গানবাজিৰ বাবে সদন প্ৰথমে ১২ বজালৈ আৰু পিছত ৯ মাৰ্চলৈ স্থগিত কৰা হয়।

ইফালে, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে সংবাদ মাধ্যমৰ আগত বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপি সাংসদ নিশিকান্ত ডুবেই অনা ‘চাবষ্টেন্টিভ মচন’ৰ সন্দৰ্ভত মন্তব্য কৰে। ৰিজিজুৱে অভিযোগ কৰে যে গান্ধীয়ে তেওঁৰ বাজেট ভাষণত অপ্ৰকাশিত কিতাপৰ উদ্ধৃতি দি আৰু প্ৰধানমন্ত্ৰীক লক্ষ্য কৰি ‘দেশ বিক্ৰী হ’ল’ৰ দৰে সংসদীয় নীতি-বিৰুদ্ধ শব্দ ব্যৱহাৰ কৰি নিয়ম উলংঘা কৰিছে। এই বিষয়টো বিশেষাধিকাৰ কমিটি নে নীতি নিৰ্ধাৰণ কমিটীলৈ প্ৰেৰণ কৰা হ’ব, সেই সন্দৰ্ভত অধ্যক্ষৰ সৈতে আলোচনা কৰি সিদ্ধান্ত লোৱা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

আনহাতে, ৰাজ্যসভাত কাম-কাজ তুলনামূলকভাৱে শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। ৰাজ্যসভাৰ অধ্যক্ষ চি পি ৰাধাকৃষ্ণণে ৰাষ্ট্ৰপতিৰ উত্তৰী বাৰ্তা পাঠ কৰাৰ পাছতে সদস্যসকলে শূন্য কালত গুৰুত্বপূৰ্ণ জনস্বার্থমূলক বিষয়সমূহ উত্থাপন কৰে। সদনৰ বাহিৰত কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙে ভাৰত-আমেৰিকা চুক্তিৰ সন্দৰ্ভত বিৰোধীয়ে বিভ্ৰান্তি বিয়পোৱা বুলি সমালোচনা কৰি কয় যে কৃষকৰ স্বাৰ্থৰ সৈতে চৰকাৰে কোনো ধৰণৰ আপোচ নকৰে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *