BSNL ৰ মৃত্যু ঘণ্টা



BSNL ৰ মৃত্যু ঘণ্টা।বিজনীত এসপ্তাহ ধৰি বিকল BSNL ৰ নেটৱৰ্ক।অতিষ্ঠ হৈ পৰিছে BSNL ৰ গ্ৰাহক।অসহায় স্বীকাৰুক্তি BSNL কৰ্তৃপক্ষৰ।

মৃত্যুৰ ক্ষণ গণিছে নেকি ভাৰতৰ একমাত্ৰ চৰকাৰী গণসংযোগ স্থাপনৰ প্ৰতিষ্ঠান ভাৰত সংচাৰ নিগম লিমিটেড চমুকৈ BSNL য়ে। যি সময়ত ব্যক্তিগত খণ্ডৰ মোবাইল নেটৱৰ্ক কোম্পানী সমূহ বিভিন্ন অভিলাশী আঁচনিৰে প্ৰতিযোগিতাত নামি পৰিছে এনে সময়ত চৰকাৰৰ পৃষ্ঠপোষকতাত পৰিচালিত একমাত্ৰ মোবাইল নেটৱৰ্ক প্ৰতিষ্ঠান BSNL য়ে গ্ৰাহকক পৰ্যাপ্ত সুবিধা দিয়াত ব্যৰ্থ হৈছে। ইয়াৰ জলন্ত উদাহৰণ হৈ পৰিছে চিৰাং জিলাৰ বিজনী। বিজনীত আজি এসপ্তাহ ধৰি বিকল হৈ আছে BSNL Network.।যাৰ বাবে অতিষ্ঠ হৈ পৰিছে বিজনীৰ BSNL ৰ গ্ৰাহক সকল।বিজনী চহৰস্থিত BSNL ৰ কাৰ্যালয়ত থকা বৈদ্যুতিক ট্ৰেন্সফৰ্মা বিকল হৈ পৰাত বিগত ২৫ অক্টোবৰৰ পৰা বন্ধ হৈ আছে বিজনীৰ BSNL Network।ফলত অতিষ্ঠ গ্ৰাহকে নিজেও BSNL ছিম বৰ্জন কৰাৰ লগতে আনকো বৰ্জিত কৰিবলৈ আহ্বান BSNL ব্যৱহাৰ কাৰীৰ।

এইক্ষেত্ৰত বিজনীৰ BSNL কাৰ্যালয়ৰ কৰ্তৃপক্ষই উৰ্দ্ধতম কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো কোনো ফলপ্ৰসূ ব্যৱস্থা নোলোৱা বুলি অসহায় স্বীকাৰুক্তি প্ৰদান কৰে BSNL কৰ্তৃপক্ষই।আনকি চৰকাৰৰ ফালৰ পৰা জেনেৰেটৰৰ বাবে পৰ্যাপ্ত ডিজেল যোগান নধৰা বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে BSNL কৰ্তৃপক্ষই।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *