বি এছ এফৰ চকুত ধুলি দি ভাৰতলৈ অবৈধ বাংলাদেশীৰ অনুপ্ৰবেশ অব্যাহত আছে। এইদৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা ছয় গৰাকী বাংলাদেশী নাগৰিকক আটক কৰে শ্ৰীভূমি আৰক্ষীয়ে। ভাৰতত প্ৰৱেশ কৰা বাংলাদেশী কেইজনৰ ভিতৰত এগৰাকী মহিলাও আছে। অবৈধভাৱে ভাৰতত প্ৰবেশ কৰা এই বাংলাদেশী নাগৰিক কেইজনক ক্ৰমে মহম্মদ মনিৰ, মহম্মদ অহিদুল শ্বেখ, আজিজুল শ্বেখ, ৰকিয়া বিবি, মহম্মদ আহাছান উল্লাহ আৰু মহম্মদ হাৰেছ বুলি চিনাক্ত কৰা হৈছে।জানিব পৰা মতে পু্ংখানুপুংখ ভাবে জেৰা কৰাৰ পিছত বাংলাদেশী নাগৰিক কেইগৰাকীক বাংলাদেশ সীমান্তৰ সিপাৰলৈ ওভতাই পঠিওৱা হয়।
BSF জোৱানৰ পুনৰ বৃহৎ সাফল্য
