চাৰিদিনত ২ কোটি ২০ লাখ টকাৰ কিতাপ বিক্ৰী অসম গ্ৰন্থমেলাত

গুৱাহাটী অসম গ্ৰন্থমেলাৰ  চতুৰ্থ দিনটোত ২কোটি ২০ লাখ টকাৰ কিতাপ বিক্ৰী হোৱা বুলি জনাইছে অসম গ্ৰন্থমেলাৰ উদ্যোক্তাসকলে৷ ইপিনে প্ৰতিদিনে গ্ৰন্থমেলা প্ৰাংগণত আয়োজন কৰা হৈছে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা সত্ৰ ৷ সোমবাৰে বিয়লি  অসম প্ৰকাশন পৰিষদে গন্থমেলাৰ বাকৰিত আয়োজন কৰে “চলচ্চিত্ৰৰ প্ৰচাৰ আৰু ব্যৱসায়” শীৰ্ষক আলোচনা সত্ৰ৷ ইয়াত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে নতুন দিল্লীৰ বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, লেখক মনোজ শ্ৰীৱাস্তৱে৷ তেওঁ বিষয় প্ৰসংগত কয় —“ চলচ্চিত্ৰ হৈছে কাহিনী কোৱা কলা৷ কাহিনীৰ গাঁথনি শক্তিশালী হ’লে সেই চিনেমাও শক্তিশালী হয় ৷ মূল কথাটো হ’ল চিনেমাও এটা উৎপাদিত পণ্য৷ গতিকে ইয়াক বিক্ৰী কৰিব পাৰিব লাগিব ৷” তেওঁ লগতে কয় যে বিক্ৰী কৰিবলৈ হ’লে উৎপাদিত পণ্যৰ মানো গুণসম্পন্ন হ’ব লাগিব৷

গতিকে ভাল চিনেমা নিৰ্মাণ কৰাটো হ’ল প্ৰথম চৰ্ত ৷ ভাল চিনেমাৰ প্ৰচাৰ কৰিবলৈও ভাল আৰু ইয়াৰ বাণিজ্যও ভাল ৷ প্ৰচাৰে বাণিজ্যিক সফলতা কঢ়িয়াই আনে৷ আলোচক অতিথি, বিশিষ্ট পৰিচালক, চলচ্চিত্ৰ সমালোচক নয়ন প্ৰসাদে কয়—“ মানুহক সদায় নতুন কিবা এটা লাগে৷ এই নতুন কিবাটো যিয়ে দিব পাৰে সেই চিনেমা বা নাটক সফল হয় ৷ নতুনত্ব বহন কৰা চলচ্চিত্ৰৰ প্ৰচাৰ কৰিবলৈ ভাল৷ আগতে বিভিন্ন চলচ্চিত্ৰ উৎসৱত মালায়ালম চিনেমাৰ সমানে অসমীয়া চিনেমাৰ নাম উচ্চাৰিত হৈছিল ৷ সেই পৰ্যায়লৈ যোৱাৰ বাবে কষ্ট কৰাৰ প্ৰয়োজন আছে৷

আলু-পিঁয়াজৰ ব্যৱসায় আৰু চিনেমাৰ ব্যৱসায়ৰ মাজত পাৰ্থক্য আছে ৷ এই কথাটো আমি বুজিব পাৰিব লাগিব৷” আন এগৰাকী আলোচক , বিশিষ্ট পৰিচালক কেনি বসুমতাৰীয়ে কয় যে চিনেমা এখন নিৰ্মাণ কৰা হয় চলোৱাৰ বাবে৷ চিনেমা এখন ভালদৰে চলা মানেই ব্যৱসায়িক সফলতা লাভ কৰা৷ গতিকে ইয়াৰ বাবে কি কাহিনীক কেনেকৈ কেনেধৰণৰ ৰুচিৰ দৰ্শকৰ ওচৰলৈ লৈ যাব লাগিব এই কথাবোৰ চালিজাৰি চাবই লাগিব৷ আকৰ্ষণীয় আৰু প্ৰভাৱশালী প্ৰচাৰ কৌশলে চিনেমাক বাণিজ্যিক সফলতা দিয়ে৷

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *