পাকিস্তানত বোমা বিস্ফোৰণ

পাকিস্তানৰ বেলুচিস্তানত বুধবাৰে এখন স্কুল বাছত সংঘটিত বিস্ফোৰণত ৪টা শিশুৰ মৃত্যু হোৱাৰ লগতে ৩৮টা শিশু আহত হয়। বিষয়াসকলৰ উদ্ধৃতিৰে জনোৱা মতে, দক্ষিণ-পশ্চিম পাকিস্তানত পুৱা এখন আত্মঘাতী বোমাৰু গাড়ীয়ে এখন স্কুল বাছত খুন্দা মাৰে, তাৰ পিছত বাছখন বিস্ফোৰণ ঘটে।জানিব পৰা মতে খুজদাৰ জিলাত সংঘটিত হৈছে এই বিস্ফোৰণ। জিৰ’ পইণ্টৰ সমীপত বাছখনক লক্ষ্য কৰি লোৱা হয়। উপ আয়ুক্ত ইয়াছিৰ ইকবাল দষ্টীয়ে কয় যে বিস্ফোৰণত চাৰিটা শিশু নিহত হোৱাৰ লগতে আহতসকলক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *