দীপিকা পাডুকনে ইনষ্ট্ৰাগ্ৰামৰ এটা পোষ্টৰ জৰিয়তে দুৱাৰ মুখ ৰিভিল কৰে

অৱশেষত তাৰকা দম্পতী দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে নিজৰ কন্যা দুৱাৰ মুখখন সকলোৰে আগত প্ৰকাশ কৰে ।দীপিকা পাডুকনে ইনষ্ট্ৰাগ্ৰামৰ এটা পোষ্টৰ জৰিয়তে দুৱাৰ মুখ ৰিভিল কৰে । দুৱাৰ মুখমণ্ডল দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ বন্ধুবৰ্গ সকলো আচৰিত হৈ পৰিছে ।দীপাৱলীৰ আনন্দৰ মাজতে প্ৰথমবাৰৰ বাবে অকণমানি দীপিকা(দুৱা)ৰ চেহেৰা দেখি আনন্দিত হৈ অনুৰাগীয়েও ফটোত কমেণ্ট কৰিছ, লগতে সকলোৱে দীপিকা-ৰণবীৰক শুভেচ্ছা বাৰ্তাও প্ৰেৰণ কৰিছে ।উল্লেখ্য যে, ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত দীপিকা পাডুকনে এটি কন্যা সন্তানক জন্ম দিয়ে আৰু সেই কন্যা সন্তানটিৰ নাম দুৱা ৰাখে । প্ৰায় এটা বছৰৰো আধিক সময় দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে ছ’চিয়েল মিডিয়া আৰু পাপাৰাজীৰ পৰা আঁতৰাই ৰাখিছিল তেওঁলোকৰ মৰমৰ দুৱাক ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *