অৰুণাচল প্ৰদেশত চিলাপথাৰৰ এজন ব্যক্তিক হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, ধেমাজি জিলাৰ চিলাপথাৰ সমীপৰ দ-পথাৰ মাজগাঁৱৰ সিদ্ধাৰ্থ চেতিয়া (৪৩) নামৰ ব্যক্তিজনৰ অৰ্ধগলিত আৰু ক্ষত-বিক্ষত মৃতদেহ সন্ধানহীন হোৱাৰ কেইবাদিনো পাছত অৰুণাচল আৰক্ষীয়ে উদ্ধাৰ কৰে।
প্ৰাপ্ত তথ্যমতে, সিদ্ধাৰ্থ চেতিয়াই অৰুণাচলৰ দাপৰিঞ্জুৰ বাজু ডুবি নামৰ এজন ঠিকাদাৰৰ অধীনত কৰ্মসংস্থানৰ বাবে গৈছিল। যোৱা নৱেম্বৰ মাহৰ ২৫ তাৰিখে পাওনা ধনক লৈ ঠিকাদাৰজনৰ সৈতে সিদ্ধাৰ্থৰ বিবাদৰ সৃষ্টি হৈছিল আৰু বাজু ডুবিয়ে তেওঁক শাৰীৰিক নিৰ্যাতন চলোৱাৰ কথা পৰিয়ালক জানিবলৈ দিছিল।
তাৰ পাছৰে পৰা সিদ্ধাৰ্থৰ কোনো সম্ভেদ নোপোৱাত পৰিয়ালে ২ ডিচেম্বৰত চিচিবৰগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। অৱশেষত ২৬ জানুৱাৰীত কৰ্মস্থানৰ পৰা প্ৰায় ৫০০ মিটাৰ দূৰৈৰ হাবিৰ মাজত তেওঁৰ মৃতদেহ উদ্ধাৰ হয়।
ইফালে, পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তিজনৰ মৃত্যুত স্থানীয় ৰাইজে অভিযুক্তক শীঘ্ৰে আটক কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে।
