এখন তীব্ৰবেগী স্কৰ্পিঅ’ বাহনে সৃষ্টি কৰা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনাই সোমবাৰে সন্ধিয়া এক ভয়ংকৰ ৰূপ ধাৰণ কৰে কোকৰাঝাৰত। জিলাখনৰ কাৰিগাঁৱৰ গৌৰীনগৰত দুটা ফৈদৰ মাজত সংঘটিত এই ৰক্তক্ষয়ী সংঘৰ্ষত দুজন যুৱকে প্ৰাণ হেৰুওৱাৰ লগতে আন তিনিজন লোক গুৰুতৰভাৱে আহত হয়। প্ৰাপ্ত তথ্য অনুসৰি, সোমবাৰে সন্ধিয়া প্ৰায় ৭:৩০ বজাত সংঘটিত এই ঘটনাত ৰূপসীৰ বাগৰীবাৰী নিবাসী শিখনা জ্বলাও বিস্মিত নামৰ এজন যুৱকৰ মৃত্যু ঘটে। একাংশ প্ৰত্যক্ষদৰ্শীৰ মতে, এখন স্কৰ্পিঅ’ বাহনে দুজন পথচাৰীক খুন্দিওৱাৰ পিছতে পৰিৱেশ উত্তপ্ত হৈ পৰে আৰু দুটা ফৈদৰ মাজত প্ৰচণ্ড কাজিয়াৰ সূত্ৰপাত হয়। দুষ্কৃতিকাৰীয়ে এখন স্কৰ্পিঅ’ বাহনত অগ্নিসংযোগ কৰাৰ ফলত সমগ্ৰ অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হয়।
এই সংঘৰ্ষত কাৰিগাঁৱৰ মহেশ মুৰ্মু, সুনীল মুৰ্মু আৰু আন্তাইগাঁৱৰ যোগীৰাজ ব্ৰহ্মসহ আন চাৰিজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহতসকলক ততাতৈয়াকৈ কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হয়। কিন্তু শেহতীয়া খবৰ অনুসৰি হাস্পতালত মৃত্যুক সাৱটে আহত সুনীল মুৰ্মূৱে। হাস্পতাল কৰ্তৃপক্ষই জনোৱা মতে, আহত আন কেইজনৰো অৱস্থা সংকটজনক।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ এটা বৃহৎ দল গৌৰীনগৰত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। অঞ্চলটোত যাতে পুনৰ কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে জানিবলৈ দিয়া মতে, সমগ্ৰ ঘটনাৰ এক তদন্ত আৰম্ভ কৰা হৈছে আৰু হিংসাত্মক কাণ্ডত জড়িত দোষীক চিনাক্ত কৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে।
