ৰঙিয়াত জিআৰপি জোৱানৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ! দুৰ্বৃত্তৰ আক্ৰমণৰ সন্দেহ

কৰ্তব্যৰ পৰা ঘৰলৈ ওভতাৰ পথতে নৃশংস হত্যাৰ বলি হ’ল এজন জিআৰপি জোৱান। ৰঙিয়াৰ বলাগাঁও ২নং ৱাৰ্ডৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত আজি এগৰাকী জিআৰপি জোৱানৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে। নিহত জোৱানজনক ৰঙিয়াৰ সমীপৱৰ্তী কনিহাৰ গাঁৱৰ ইমৰান হুছেইন বুলি চিনাক্ত কৰা হয়।

নিশা প্ৰায় ১০ বজাত ৰঙিয়া জিআৰপি থানাৰ পৰা নিজৰ ঘৰলৈ বাইকেৰে গৈ থকা অৱস্থাতে এই শোকাৱহ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

ঘটনাস্থলীৰ সবিশেষ তথ্য অনুসৰি, মৃতদেহটো উদ্ধাৰ হোৱা স্থানৰ কাষতে আৰক্ষীয়ে তেজৰ চেকুৰা লগা কেবাটাও শিল উদ্ধাৰ কৰে। ইয়াৰ উপৰি ঘটনাস্থলীত ইমৰান হুছেইনৰ বান্দৰ টুপী আৰু হেলমেট পৰি থকা অৱস্থাত পোৱা যায় যদিও তেওঁ চলাই অহা বাইকখনৰ কোনো সন্ধান পোৱা নাই। দুৰ্বৃত্তই জোৱানজনক হত্যা কৰি মৃতদেহ পেলাই থৈ বাইকখন লৈ উধাও হোৱাৰ সন্দেহ এতিয়া অধিক ঘনীভূত হৈছে।

এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। এজন চৰকাৰী সুৰক্ষাকৰ্মীৰ এনেদৰে ৰহস্যজনক মৃত্যু হোৱা বিষয়টোক ৰাইজে সহজভাৱে ল’ব পৰা নাই। আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে দুৰ্বৃত্তৰ সন্ধানত তীব্ৰ তদন্ত আৰম্ভ কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *