19
May
গুৱাহাটীত বাৰ্ষিক টাক্টছাং ট্ৰেইল ৰাইড - জৱা-য়েজদী মটৰ চাইকেলে সামৰণি মাৰে। ডিমাপুৰৰ পৰা ১৪ গৰাকী ৰাইডাৰৰ সৈতে এই ৰাইড আৰম্ভ হৈছিল। জাৱা & য়েজদী মটৰ চাইকেলেৰে ১০০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি উত্তৰ-পূবৰ ৰাজ্যসমূহ পাৰ হৈ গৈছিল। প্ৰত্যাহ্বানমূলক ৰাইডিং পথ আৰু ব্যতিক্ৰমী দৃশ্যপটত অঞ্চলটোৰ লুকাই থকা ৰত্নসমূহ আৱিষ্কাৰ আৰু অন্বেষণ কৰিবলৈ জাৱা-য়েজদি নোমাডৰ ৰাইড কেলেণ্ডাৰত টাক্টছাং ট্ৰেইল ৰাইড প্ৰৱৰ্তন কৰা হৈছে। ডিমাপুৰ, যোৰহাট, ইটানগৰ, আৰু তেজপুৰৰ মাজেৰে পাৰ হৈ যোৱাৰ পূৰ্বে গুৱাহাটীত ৰাইডৰ শিখৰত উপনীত হয়, য’ত কোম্পানীটোৱে ইতিমধ্যে নিজৰ ডিলাৰশ্বিপ আৰু সেৱা নেটৱৰ্কৰ সৈতে এক শক্তিশালী উপস্থিতি প্ৰতিষ্ঠা কৰিছে। এই ৰাইডৰ সময়ছোৱাত নোমাডসকলৰ লগত আছিল অঞ্চলটোৰ ভাৰতীয় সেনাৰ ৰাইডাৰ। ১১…
