Blog

এদিনীয়া মহিলা বিশ্বকাপত অভিযান অন্ত টীম ইণ্ডিয়াৰ

এদিনীয়া মহিলা বিশ্বকাপত অভিযান অন্ত টীম ইণ্ডিয়াৰ

ক্মিগনন ডু প্ৰিজে (৫২ অপৰাজিত) অন্তিম বলটোত মৰা বাউণ্ডেৰীৰ সহায়ত দক্ষিণ আফ্ৰিকাই আইচিচি মহিলা বিশ্বকাপ ২০২২ত ভাৰতীয় ক্ৰিকেট দলটোৰ বিৰুদ্ধে জয় লাভ কৰে আৰু এই পৰাজয়ৰ পিছত বিশ্বকাপত টীম ইণ্ডিয়াৰ যাত্ৰা ইতি পৰে। প্ৰতিযোগিতাখনৰ অন্তিম লীগ পৰ্যায়ত ভাৰতে দক্ষিণ আফ্ৰিকাৰ হাতত তিনিটা উইকেটত পৰাজিত হৈছিল। ক্ৰিষ্টচাৰ্চত খেলা খেলখনত ভাৰতে প্ৰথমে বেটিং কৰে আৰু ৫০ অভাৰত ৭ টা উইকেট হেৰুৱাই ২৭৪ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই অন্তিম বলটোত সাতটা উইকেট হেৰুৱাই লক্ষ্য প্ৰাপ্ত কৰে। আইচিচি বিশ্বকাপ ২০২২ ত ভাৰতীয় মহিলাৰ যাত্ৰা সমাপ্ত হৈছে। ছেমি ফাইনেলত উপনীত হোৱা ৱেষ্ট ইণ্ডিজ চতুৰ্থ দল হৈ পৰিছে।
Read More
অসমৰ লোক কলা পুতলা নাচক

অসমৰ লোক কলা পুতলা নাচক

মুকাক পাপেট থিয়েটাৰে প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অহৰহ চেষ্টা চলাই আহিছে। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা স্কলাৰশ্বিপ প্ৰাপ্ত ধ্ৰুৱ জ্যোতি কলিতাই হেৰাই যাব ধৰা কলা পুতলা নাচকো পুন:ৰ্জীৱিত কৰাৰ প্ৰচেষ্টা চলাই আহিছে। মুকাক পাপেট থিয়েটাৰে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ আৰ্থিক অনুদানত পুতলা নাচৰ মাধ্যমত বিনীতা দেৱীৰ পৰিচালনাত "অঙ্কীয়া নাট ৰাম বিজয়" শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ ড. বানীকান্ত কাকতি প্ৰেক্ষাগৃহত  অলপতে অনুষ্ঠিত হৈ যায় । অঙ্কীয়া নাট খন উদ্ধোধন কৰে শিক্ষাবিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপিকা ড. ময়ুৰী শৰ্মাই । ড. ময়ুৰী শৰ্মাই উদ্ধোধনী ভাষণত পুতলা নাচ শিক্ষাৰ ক্ষেত্ৰত উপযুক্ত পথ। শিশু সকলক পাঠ্যক্ৰমৰ অধ্যায় সমূহ সুন্দৰকৈ নাটকীয় ভাৱে পুতলা নাট…
Read More
সৰুসজাই ষ্টেডিয়ামত প্রথম বাৰৰ বাবে  তিনিদিনীয়াকৈ সীমান্ত ক্ৰীড়া মহোৎসৱৰ আয়োজন

সৰুসজাই ষ্টেডিয়ামত প্রথম বাৰৰ বাবে তিনিদিনীয়াকৈ সীমান্ত ক্ৰীড়া মহোৎসৱৰ আয়োজন

 উত্তৰ পূৰ্বাঞ্চলৰ  আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সুৰক্ষা , একতা আৰু উন্নয়নৰ বাবে কাম কৰি অৰাজনৈতিক সামাজিক , সাংস্কৃতিক সংগঠন সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰৰ অসম প্ৰদেশ কমিটিয়ে অহা ৪ - ৬ এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামত প্ৰথম বাৰৰ বাবে " সীমান্ত ক্ৰীড়া মহোৎসৱ ২০২২ " অনুষ্ঠিত কৰিব । আজি  সৰুসজাই ষ্টেডিয়ামৰ সভাগৃহত আয়োজিত এক সংবাদ মেলত এই কথা সদৰি কৰে মহোৎসৱৰ অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক সুজল বৰদলৈয়ে । সংবাদ মেলত সুজল বৰদলৈয়ে কয় আগন্তক ক্ৰীড়া মহোৎসৱত ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা  ১৫ কিঃমিঃ ভিতৰৰ   ৯ খন জিলা ক্ৰমে - ধুবুৰী , কৰিমগঞ্জ , কাছাৰ , দক্ষিণ শালমাৰা   , কোকৰাঝাৰ , চিৰাং , বাগছা , তামুলপুৰ আৰু …
Read More
আজিৰ পৰা আই পি এল, CSK Vs KKR

আজিৰ পৰা আই পি এল, CSK Vs KKR

আজি সন্ধিয়া ৭.৩০বজাৰ পৰা আৰম্ভ হব আই পি এল ২০২২। এইবেলি ছিজনত ১০টা দলে অংশ গ্ৰহণ কৰিছে। ২০২২ ছিজনত আই পি এলত নতুনকৈ সংযোজন হোৱা দুটা দল হৈছে গুজৰাট আৰু লক্ষ্ণৌৰ। আই পি এল ২০২২ত প্ৰথম খন খেলত চি এছ কেৰ বিৰুদ্ধে ৰণ নামিব কে কে আৰ।
Read More
এটিএম চুৰিত মাজগাঁৱৰ কমল গগৈ

এটিএম চুৰিত মাজগাঁৱৰ কমল গগৈ

এইবাৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ সংঘটিত হ’ল গহপুৰত।মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ কাৰ্যকালত গহপুৰত প্ৰথমবাৰৰ বাবে সংঘটিত হোৱা অসম আৰক্ষীৰ এই এনকাউণ্টাৰত কমল গগৈ(৩১) নামৰ এগৰাকী দুৰ্ধষ অপৰাধী গুলীবিদ্ধ হৈছে।গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ছত্ৰং মাজগাঁও নিবাসী বাবুল গগৈৰ পুত্ৰ কমল গগৈ এটিএম চুৰি কাৰ্য্যৰ লগত জড়িত বুলি আৰক্ষী সূত্ৰই সদৰী কৰিছে। গহপুৰ আৰক্ষী থানাৰ অধীনস্থ হাৱাজান আৰক্ষী চকীৰ এলেকাধীন কলাবাৰী চেণ্টাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা ভাৰতীয় ষ্টেট বেংকৰ এটা এটিএমৰ লকাৰ ভাঙি যোৱা ২০ ফ্ৰেব্ৰুৱাৰীৰ নিশা কেইবালাখ টকা চুৰি কৰি নিছিল এটা বৃহৎ চুৰি চক্ৰই।এই চুৰি কাৰ্য্য সন্দৰ্ভত আৰক্ষীয়ে চলোৱা যাবতীয় তদন্ত আৰু অনুসন্ধানত পুৰ্বৰ পৰা বিভিন্ন…
Read More
ভিডিঅ’ সহায়ক থোৰাকোস্কোপিক অস্ত্ৰোপচাৰ

ভিডিঅ’ সহায়ক থোৰাকোস্কোপিক অস্ত্ৰোপচাৰ

যোৱা 2 বছৰত কোভিডৰ ফলত শ্বাস-প্ৰশ্বাসৰ ৰোগৰ বিষয়ে সজাগতাও বৃদ্ধি পাইছে। বহুতো শ্বাস-প্ৰশ্বাসজনিত ৰোগ আছে যাক অস্ত্ৰোপচাৰৰ দ্বাৰা সফলতাৰে সমাধান কৰিব পাৰি।ব্ৰংকাইটেচিছ, এস্পাৰগিলোমা, মিউকৰ্মাইকোচিছ, বুকুৰ টিউমাৰ আৰু হাঁওফাঁওৰ কৰ্কট ৰোগৰ দৰে ৰোগবোৰ বক্ষঅস্ত্ৰোপচাৰৰ দ্বাৰা সফলতাৰে সমাধান কৰিব পাৰি। আগতে এই অস্ত্ৰোপচাৰবোৰ মুকলি থোৰাকোটমীৰ জৰিয়তে কৰা হৈছিল; অৱশ্যে এই অস্ত্ৰোপচাৰৰ বেছিভাগ ভিডিঅ' সহায়ক থোৰাকোস্কোপিক অস্ত্ৰোপচাৰৰ দ্বাৰা কৰা হৈছে। চেন্নাইৰ এপোলো চিকিৎসালয়ৰ পৰামৰ্শদাতা ডাঃ অজয় নৰসিংহন এজন দক্ষ থোৰাচিক চাৰ্জন যাৰ কীহোল বক্ষ অস্ত্ৰোপচাৰৰ সমৃদ্ধ অভিজ্ঞতা আছে আৰু 26 আৰু 27 মাৰ্চ 2022 তাৰিখে আমাৰ সৈতে শিলিগুৰি আৰু কলকাতাত উপলব্ধ হ'ব আৰু এই সেৱাবোৰৰ দ্বাৰা ৰোগীসকল উপকৃত হ'ব পাৰে।
Read More
ৰবটিক সহায়ক অস্ত্ৰোপচাৰৰ সৈতে ১০০% শুদ্ধতা

ৰবটিক সহায়ক অস্ত্ৰোপচাৰৰ সৈতে ১০০% শুদ্ধতা

আৰ্থ্ৰাইটিছৰ স্থায়ী আৰোগ্য নাথাকিব পাৰে কিন্তু দীৰ্ঘম্যাদী বিষ উপশম প্ৰদান কৰাত নতুন চিকিৎসা পদ্ধতি উন্নত আৰু উন্নত হৈ আহিছে। পৰম্পৰাগত আঁঠু প্ৰতিস্থাপন অস্ত্ৰোপচাৰত সফলতাৰ হাৰ প্ৰায় ৯০-৯৫% কিন্তু ৰবটিক সহায়ক অস্ত্ৰোপচাৰৰ সৈতে শুদ্ধতা হৈছে ১০০%।যদি আপুনি টিকেআৰৰ বাবে ভাল প্ৰাৰ্থী, আপুনি আৰটিকেআৰৰ বাবে এজন ভাল প্ৰাৰ্থী। আপোনাৰ স্থিতিৰ ওপৰত নিৰ্ভৰ কৰি, আমি প্ৰথমে কম আক্ৰমণাত্মক চিকিৎসাযেনে এনএছএআইডিএছ, ওজন হ্ৰাস আৰু ব্যায়াম, ইণ্ট্ৰা-আৰ্টিকুলাৰ শ্বট, শাৰীৰিক চিকিৎসা আৰু আঁঠুৰ ব্ৰেছ সহ জীৱন শৈলীৰ সংশোধনৰ পৰামৰ্শ দিওঁ। পৰম্পৰাগত টিকেআৰ ইমপ্লাণ্ট ২০-২৫ বছৰ ধৰি চলিব পাৰে আৰু পৰম্পৰাগত টিকেআৰ ৬০ বছৰৰ তলৰ লোকসকলৰ বাবে পৰামৰ্শ দিয়া কঠিন। আৰটিকেআৰ সম্পৰ্কে এটা আটাইতকৈ সচৰাচৰ ভুল ধাৰণা…
Read More
(এবিৰ) গুৱাহাটীত প্ৰথম ৰেষ্টুৰেণ্ট আৰম্ভ

(এবিৰ) গুৱাহাটীত প্ৰথম ৰেষ্টুৰেণ্ট আৰম্ভ

আগশাৰীৰ বাৰবিকিউ ৰেষ্টুৰেণ্ট শৃংখলা, গুৱাহাটীৰ এবচলুট বাৰবিকিউচ (এবি)য়ে ইয়াৰ অসমীয়া খাদ্য মহোৎসৱ আৰম্ভ কৰিছে – য'ত অসমীয়া বিশেষ সুস্বাদু খাদ্যৰ এক বহিৰাগত বিস্তাৰ দেখা পোৱা যাব ২৩ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈকে। আনন্দ বৃদ্ধি কৰিবলৈ, জনপ্ৰিয় অসমৰ অভিনেত্ৰী অমৃতা গগৈ ২৫ মাৰ্চৰ নিশা ১২:৩০ বজাত উপস্থিতি হ’ব আৰু অসমীয়া সুস্বাদু খাদ্যৰ সুস্বাদু মঙ্গলময়তাত লিপ্ত হ'বলৈ উৎসৱটো পৰিদৰ্শন কৰিব।এই উৎসৱটো খাদ্য সংগ্ৰাহকসকলক অসমৰ পৰা প্ৰামাণিক সোৱাদত লিপ্ত হোৱাৰ এক আদৰ্শ সুযোগ প্ৰদান কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। উৎসৱৰ মেনুত খাৰ, মাচৰ টেঙা, হাঁহ জহাকুমুৰা, মুৰ্গীৰ আঞ্জা, আলুৰ সৈতে মটন তৰকাৰী, পাটট দিয়া মাছ, পিটিকা, আনজা, দৈ-চিৰা, খুলাচাপৰি পিথা, গুৰৰ পাইশ, নাৰিকলৰ লাড়ু…
Read More
মন্ত্ৰী অজন্তা নেওগৰ পুত্তালিকা

মন্ত্ৰী অজন্তা নেওগৰ পুত্তালিকা

ৰাজ্য চৰকাৰৰ  এগৰাকী দায়িত্বশীল মন্ত্ৰী হৈ স্বাস্থ্য বিভাগৰ চালিকা শক্তি স্বৰূপ আশা কৰ্মী সকলৰ প্ৰতি দায়িত্বহীন আৰু বেপৰোৱা মন্তব্য কৰি গণ ৰোষৰ সন্মুখীন হ’ব লগা হৈছে অজন্তা নেওগ। বতৰৰ প্ৰতিকূলতা , বিধ্বস্ত যাতায়ত আৰু দিবা নৈশ একাকাৰ কৰি স্বাস্থ্য বিভাগটোক উজ্জীৱিত কৰি তোলাৰ লগতে প্ৰসুতী মাতৃ আৰু নৱ জাতকৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাত অভূতপূৰ্ব অৱদান আগবঢ়াই অহা আশা কৰ্মী সকলৰ পৰিবৰ্তে অংগনৱাদী কৰ্মী সকলৰ বাবেহে এনে সফলতা অৰ্জন কৰা বুলি মন্ত্ৰী নেওগে  কৰা কাণ্ডজ্ঞানহীন মন্তব্যত সোচ্চাৰ হৈ উঠিছে খাটি খোৱা নিষ্ঠাবান আশা কৰ্মী সকল।  ৰাজ্যখনৰ বিত্ত  বিভাগৰ দৰে  গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰীত্ব লাভ কৰা নেওগে  যোৱা ১৮ মাৰ্চত সদনত কৰা  এই বিতৰ্কিত মন্তব্যত…
Read More
যুৱ- ব্যৱসায়ীক আক্ৰমণ

যুৱ- ব্যৱসায়ীক আক্ৰমণ

বৃহস্পতিবাৰে পুৱা ভূপেন বৰগোঁহাই আৰু সঞ্জীৱ বৰগোঁহাইয়ে অঞ্চলটোৰ যুৱ ব্যৱসায়ী তথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সাংগাঠনিক সম্পাদক চন্দন গগৈক চোকা দাৰে আক্ৰমণ কৰে। তাৰ পাছতেই আক্ৰমণকাৰীক বিচাৰি যুৱ ছাত্ৰ আৰু স্হানীয় মহিলাই কাকতিবাৰী আৰক্ষী থানা ঘেৰাও কৰি এক উত্তপ্তময় পৰিবেশৰ সৃষ্টি কৰে। আজি পুনৰ আক্ৰমণ কৰি চন্দন গগৈক প্ৰাণে মৰাৰ অপচেষ্টা অসম আৰক্ষীৰ দুৰ্বলতাৰ বাবেই সংঘটিত হল বুলি অভিযোগ উত্থাপিত কৰিছে যুৱ ছাত্ৰকৰ্মী আৰু স্থানীয় মহিলা সমাজে থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ অৱেশ্যে আৰক্ষীয়ে অভিযুক্ত দুয়োয়ে গ্ৰেপ্তাৰ কৰিছে ৷
Read More