জম্মু-কাশ্মীৰত সুৰা নিষিদ্ধকৰণৰ দাবীত বিজেপিৰ উত্তাল প্ৰতিবাদ; শ্ৰীনগৰত আৰক্ষীৰ হাতত আটক কেইবাজনো নেতা

কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰত সম্পূৰ্ণৰূপে সুৰা নিষিদ্ধ কৰাৰ দাবীত শুকুৰবাৰে ৰাজপথলৈ ওলাই আহে ভাৰতীয় জনতা পাৰ্টিৰ শতাধিক নেতা-কৰ্মী। শ্ৰীনগৰৰ ৰাম মুন্সীবাগ পাৰ্কৰ সমীপত সমবেত হোৱা প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ চৰকাৰী বাসগৃহ অভিমুখে এক সমদল উলিাবলৈ চেষ্টা কৰে। বিজেপিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ ফলত গুপকাৰ অঞ্চলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

প্ৰতিবাদকাৰীসকলে জম্মু-কাশ্মীৰত সুৰাৰ প্ৰচলন বন্ধ কৰিবলৈ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। সমদলটো মুখ্যমন্ত্ৰীৰ বাসগৃহৰ দিশে আগবঢ়াৰ সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতাক আটক কৰে।

ইফালে, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত আৰক্ষীয়ে গঢ়ি তোলা কটকটীয়া নিৰাপত্তা বেহু ভাঙিবলৈ চেষ্টা কৰাৰ পাছতে একাংশ প্ৰতিবাদকাৰীক জিম্মাত লয় আৰক্ষীয়ে। অৱশ্যে কিছু সময়ৰ পাছত পৰিস্থিতি স্বাভাৱিক হোৱাত আৰক্ষীয়ে বিজেপি কৰ্মীসকলক শান্তিপূৰ্ণভাৱে আঁতৰাই পঠিয়াবলৈ সক্ষম হয়। জম্মু-কাশ্মীৰত শেহতীয়াকৈ বৃদ্ধি পোৱা সুৰাৰ ব্যৱসায়ৰ বিৰুদ্ধে বিজেপিৰ এই তৎপৰতাই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *