আগন্তুক বিধানসভা নিৰ্বাচনত অসমত পুনৰ ক্ষমতা দখল কৰিব ভাৰতীয় জনতা পাৰ্টীয়ে- এই দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ত্ৰিপুৰাৰ উদয়পুৰত অৱস্থিত মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰত পূজা অৰ্চনা কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ফেব্ৰুৱাৰী মাহত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ সম্ভাৱনা আছে। মাৰ্চ বা এপ্ৰিল মাহত অনুষ্ঠিত হ’বলগীয়া ১২৬ জনীয়া বিধানসভাৰ এই নিৰ্বাচনত বিজেপি চৰকাৰে কৰা উন্নয়নমূলক কামৰ বাবেই দলটোৱে বৃহৎ সংখ্যাত জয়লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে।
চৰকাৰে বিগত পাঁচ বছৰত ১০০ শতাংশ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ লগতে প্ৰায় ১.৬ লাখ যুৱক-যুৱতীক স্বচ্ছতাৰে চৰকাৰী চাকৰি প্ৰদান কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে সদৰী কৰে। তেওঁ উল্লেখ কৰে যে এইবাৰৰ নিৰ্বাচনত উন্নয়ন আৰু পৰিচয়ৰ বিষয়টোৱেই হ’ব মুখ্য ইছ্যু। ইয়াৰোপৰি উত্তৰ-পূৰ্বাঞ্চলত বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বৃদ্ধিক লৈ তেওঁ গভীৰ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে লোকপিয়লৰ পাছত অসমত মুছলমান জনসংখ্যা ৪০ শতাংশ হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত খিলঞ্জীয়া লোকসকল বৰ্তমান অস্তিত্বৰ সংকটত ভুগিছে।
অনুপ্ৰৱেশৰ বিৰুদ্ধে অসম আৰু ত্ৰিপুৰা চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে যদিও পশ্চিম বংগ চৰকাৰে ৰাষ্ট্ৰীয় স্বাৰ্থৰ হকে কাম কৰা নাই বুলি তেওঁ অভিযোগ উত্থাপন কৰে। হিমন্ত বিশ্ব শৰ্মাৰ মতে, উত্তৰ-পূৰ্বাঞ্চলৰ সুৰক্ষাৰ বাবে ভাৰত-বাংলাদেশ সীমান্তত অধিক সক্ৰিয়তাৰ প্ৰয়োজন আৰু ইয়াৰ বাবে অসম, ত্ৰিপুৰাৰ লগতে পশ্চিম বংগতো বিজেপিৰ বিজয় অতি গুৰুত্বপূৰ্ণ
