বিজেপিৰ প্ৰাৰ্থী তালিকাত নতুন মুখৰ পয়োভৰ; ২৪ মাৰ্চৰ পৰা ৰাজ্যত প্ৰচাৰ আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত সলনি হৈছে ৰাজ্যৰ ৰাজনৈতিক দৃশ্যপট। বৃহস্পতিবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে সমষ্টিৰ সীমা সালসলনি হোৱাৰ বাবে বহুকেইগৰাকী বিদায়ী বিধায়কে নিজৰ সমষ্টি হেৰুৱাবলগীয়া হৈছে। ইয়াৰ পৰিৱৰ্তে ভাৰতীয় জনতা পাৰ্টীয়ে বহুসংখ্যক নতুন মুখক নিৰ্বাচনী টিকট প্ৰদান কৰিছে।

দলীয় প্ৰাৰ্থী তালিকাৰ সন্দৰ্ভত সন্তুষ্টি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “আমি মহিলা, অনুসূচিত জনজাতি, অনুসূচিত জাতি আৰু নাথ জনগোষ্ঠীৰ প্ৰাৰ্থীক অন্তৰ্ভুক্ত কৰি এক ব্যাপক প্ৰতিনিধিত্ব নিশ্চিত কৰিবলৈ চেষ্টা কৰিছোঁ। আমাৰ দলীয় কৰ্মীসকল এই তালিকাক লৈ যথেষ্ট সুখী। বিজেপিয়ে এইবাৰ নিৰ্বাচনত যথেষ্ট উন্নত ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব বুলি মই আশাবাদী।”

বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ইতিমধ্যে ৮৯টা সমষ্টিৰ ভিতৰত ৮৮টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। কেৱল চিচিবৰগাঁও সমষ্টিৰ প্ৰাৰ্থীৰ নামহে চূড়ান্ত হ’বলৈ বাকী আছে বুলি ড° শৰ্মাই অৱগত কৰে। তেওঁ লগতে ঘোষণা কৰে যে অহা ২৪ মাৰ্চৰ পৰা দলৰ নিৰ্বাচনী প্ৰচাৰ আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব। এই প্ৰচাৰ অভিযানত প্ৰধানমন্ত্ৰী নৰেন্দ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় নেতা নীতিন নবীনৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াও অংশগ্ৰহণ কৰিব।

মিত্ৰজোঁটৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে অসম গণ পৰিষদক ২৬খন আসন এৰি দিয়া হৈছে আৰু এই সন্দৰ্ভত আলোচনা ইতিমধ্যে সম্পূৰ্ণ হৈছে। অতি সোনকালে এজিপি আৰু বিপিএফৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। আনহাতে, শুক্ৰবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব। তেওঁৰ লগতে দলৰ আন কেইবাগৰাকীও প্ৰাৰ্থীয়ে কাইলৈ মনোনয়ন পত্ৰ দাখিল কৰিব বুলি জানিবলৈ দিয়ে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *