বীৰ লাচিত সেনাৰ বিৰুদ্ধে উঠিছে এক বৃহৎ অপৰাধৰ অভিযোগ

বীৰ লাচিত সেনাৰ বিৰুদ্ধে উঠিছে এক বৃহৎ অপৰাধৰ অভিযোগ। সংগঠনটোৰ সদস্যৰ বিৰুদ্ধে অপহৰণৰ চেষ্টাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই গোচৰত আৰক্ষীয়ে ৮ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। এই সন্দৰ্ভত লাভ কৰা অভিযোগৰ ভিত্তিত দেওবাৰে নিশা প্ৰায় ৯.৩০ বজাত দিছপুৰ আৰক্ষীয়ে এক অভিযান চলাই আটক কৰে এই লোককেইজনক। ধৃত লোককেইজনৰ পৰা বহু আপত্তিজনক সামগ্ৰীৰ লগতে সংগঠনৰ কিছু নথি-পত্ৰ উদ্ধাৰ হোৱা বুলিও জানিব পৰা গৈছে।গোটটোৱে লগতে ৰাহুল মিশ্ৰৰ মুক্তিৰ বাবে ১৫-২০ লাখ টকা দাবী কৰা বুলিও ঈৰশাদ খানে অভিযোগ কৰে। লগে লগে দিছপুৰ আৰক্ষীৰ এটা দলে অভিযান চলাই ত্ৰিবেনী পথৰ পৰা ৬ যুৱকৰ জিম্মাত ৰাহুল মিশ্ৰক উদ্ধাৰ কৰে। আৰক্ষীয়ে লগে লগে যুৱককেইজনকো গ্ৰেপ্তাৰ কৰে।ইয়াৰ পিছতে আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত আন দুজন লোককো আটক কৰে। ধৃত লোককেইজনক বিশ্বজিত দলে, ইমজাজুল হ’ক, ৰোহন আলী, মোহন বৰা, নিতু আহমেদ, চিন্ময় দেৱ, ৰিয়াজ আহমেদ, বিৰাজ বল্লভ কলিতা বুলি চিনাক্ত কৰা হৈছে। এই আটাইকেইজন লোকৰ লগতে তেওঁলোকৰ পৰা জব্দ কৰা সামগ্ৰী তথা বাহন থানালৈ লৈ যোৱা হয়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *