আজি নাঙল বিহু। ৰঙালী বিহুৰ পঞ্চম দিনা তথা ব’হাগৰ ৪ তাৰিখে এই বিহু পালন কৰা হয়। কৃষিজীৱি অসমীয়াৰ জীৱনত এই বিহুৰ বিশেষ গুৰুত্ব আছে। বিশেষকৈ কৃষকসকলে এই বিহু পালন কৰা হয় দেখা যায়। বিহুৰ পাছত খেতি কৰিবলৈ খেতিত ব্যৱহৃত সকলো সামগ্ৰী আজিৰ দিনটোত চাকি-ধূপ দি সেৱা জনাই সকলোৰে মংগল কামনা কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি কৃষকসকলে পৰম্পৰা ৰক্ষা কৰি এই বিহু পালন কৰিব।আজিৰ দিনটোক কৃষকসকলে খেতিপথাৰত ব্যৱহৃত সঁজুলি যেনে নাঙল, যুঁৱলি, জাপি, মৈ আদিৰ ওচৰত চাকি-ধূপ জ্বলাই সেৱা জনাই লগতে সকলোৰে সমৃদ্ধি তথা মংগল কামনা কৰে।
ৰঙালী বিহুৰ আজি পঞ্চম দিন
