ৰাজ্যৰ হাজাৰ হাজাৰ বিহুৱতীৰ সপোনৰ খিতাপ ‘‘বিহু সম্ৰাজ্ঞী ২০২৫’’ আজুৰি আনিলে মৰাণৰ লিজামণি শেনচোৱাই । খিতাপ লাভ কৰি আৱেগিক হৈ পৰে লিজামণি শেনচোৱা ।অন্ত পৰিল লতাশিল খেল পথাৰত অনুষ্ঠিত হোৱা ৭৪ সংখ্যক ঐতিহাসিক গুৱাহাটী বিহু সন্মিলনীৰ । সমান্তৰালকৈ ঘোষণা হ’ল ৭৪ সংখ্যক ঐতিহ্যমণ্ডিত লতাশিল বিহু সন্মিলনীৰ শ্ৰেষ্ঠ বিহু সম্ৰাজ্ঞী ২০২৫ ৰ নাম ৷ কেইবাগৰাকীও প্ৰতিদ্বন্দ্বীৰ মাজৰ পৰা এই বৰ্ষৰ লতাশিলৰ শ্ৰেষ্ঠ বিহু সম্ৰাজ্ঞীৰ খিতাপ আজুৰি আনিলে মৰাণৰ লিজামণি শেনচোৱাই ।ইয়াৰোপৰি বিহু সম্ৰাজ্ঞীৰ বেণ্ড, বিহু সম্ৰাজ্ঞী দণ্ড, নগদ ১ লাখ ১১ হাজাৰ টকা, ১০ গ্ৰাম সোণৰ মুদ্ৰা, অন্য ৩০ হাজাৰ টকা, স্থায়ী ট্ৰফী, প্ৰমাণ পত্ৰ, টিভি, ফ্ৰীজ, ৱাচিং মেছিনৰ লগতে অন্যান্য বহু উপহাৰৰে উপচাই পেলোৱা হয় বিহু সম্ৰাজ্ঞীগৰাকীক ।
“বিহু সম্ৰাজ্ঞী ২০২৫’’ৰ খিতাপ ঘোষণা
