তিনিটা বিহুৰ ভিতৰত ব’হাগ বিহু বা ৰঙালী বিহুৱেই প্ৰধান। চ’ত মাহৰ শেষ দিনা বা সংক্ৰান্তিৰ পৰা ব’হাগ বিহু আৰম্ভ হয়। ইয়াক সাধাৰণতে চ’তৰ বিহু বুলিও জনা যায়। চ’তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈ মুঠ সাতদিন পালন কৰা হয় ব’হাগ বিহু।সাতবিহুৰ প্ৰতিটো দিনৰে আছে সুকীয়া নাম, সুকীয়া বৈশিষ্ট্য ৷ এই সাতবিহু হ’ল – গৰু বিহু, মানুহ বিহু, গোসাঁই বিহু অথবা কুটুম বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বিহু অথবা চেনেহী বিহু আৰু চেৰা বিহু ৷
সাতবিহুৰ কথা আপুনি বাৰু জানেনে
