ৰাজ্যৰ চুকে-কোনে ৰৈ ৰৈ বিনালেৰ  পোষ্টাৰিং

জুবিন গার্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে মুক্তিৰ পথত। কিন্তু সপোন বাস্তৱ হোৱাৰ সময়ত নাই জুবিন গার্গ। জুবিন গার্গৰ অনুপস্থিতিত ছবিখনৰ প্ৰচাৰৰ দায়িত্ব লৈছে অসমৰ ৰাইজে। ৰাজ্যৰ চুকে-কোণে কৰিছে পোষ্টাৰিং। ছবিখন চাবলৈ আগ্ৰহেৰে বাট চাইছে অসমীয়া ৰাইজে। জুবিন গাৰ্গৰ এইয়া আছিল ১৫ বছৰীয়া সপোন। এই সপোন বাস্তৱ হ’বলৈ মাজত মাত্ৰ এটা দিন। আনকালে অসমীয়া ছবি প্ৰচাৰৰ বাবে জুবিন নিজে ওলাই আহিছিল। কিন্তু আজি নিজৰ ছবি প্ৰচাৰৰ বাবে নাই জুবিন গাৰ্গ। সেয়ে প্ৰচাৰৰ দায়িত্ব লৈছে নাগৰিক সমাজ , শিল্পী সমাজ , ফেন ক্লাৱ আৰু বন্ধু – বৰ্গয়। মুখত জুবিন গাৰ্গৰ গীত। সকলোৰে মুখে মুখে মায়াবিনী গীত হাতত ৰৈ ৰৈ বিনালেৰ পোষ্টাৰ। গুৱাহাটীকে ধৰি ৰাজ্যৰ প্ৰতিখন জিলাত চলি আছে পোষ্টাৰিং।  কলেজ , বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলেও নিজে কলেজ , বিশ্ববিদ্যালয়ৰ আশে পাশে পোষ্টাৰিং কৰিছে। কটন বিশ্ববিদ্যালয়ৰ আশে পাশে, বি বৰুৱা কলেজৰ আশে পাশে, জোনালীৰ জুবিন ষ্টুডিঅ’ৰ আশে পাশে কৰিছে পোষ্টাৰিং।   

By Mohini

Leave a Reply

Your email address will not be published. Required fields are marked *