ৰাজ্যজুৰি ‘বিদুৰভাই’ৰ মুক্তি

76

কেইবছৰমান আগতে আমি সৃষ্টি কৰা বিদুৰভাইৰ প্ৰতি ৰাইজে দেখুওৱা মৰম আৰু সমৰ্থন দেখি আচৰিত হৈছিলোঁ। মই এই চিনেমাখন মোৰ ৰাজ্যৰ লোকসকললৈ উৎসৰ্গা কৰিছোঁ কিয়নো কেৱল মাথো ৰাইজৰ চাহিদাৰ বাবেই বিদুৰভাই আজি বৃহৎ পৰ্দালৈ আহিবলৈ সক্ষম হৈছে, ইউটিউবৰ পৰা বৃহৎ পৰ্দালৈ এই যাত্ৰাৰ অনুভৱ মোৰ আৰু বিদুৰভাইৰ গোটেই দলটোৰ বাবে এটি সপোনৰ সাৰ্থকতাতকৈয়ো অধিক।”

সুব্ৰত কাকতি আৰু জ্যোতিষ্মান চেতিয়াৰ কাহিনীৰে প্ৰাণ পাই উঠা চলচ্চিত্ৰখনৰ চিত্ৰনাট্যকাৰ হৈছে সুব্ৰত কাকতি; আনহাতে, সহকাৰী পৰিচালক হৈছে হেমন্ত গগৈ আৰু জ্যোতিষ্মান চেতিয়া, সংগীত পৰিচালক হৈছে প্ৰণয় দত্ত, চিত্ৰগ্ৰহণকাৰী হৈছে বিতুল দাস, সহকাৰী চিনেমেট’গ্ৰাফাৰ হৈছে উত্তম কলিতা, ৰূপসজ্জা বিজেইতা পাটগিৰিৰ আৰু সাজসজ্জা জুৰি কলিতাৰ।

বিদুৰভাই শীৰ্ষক বহুচৰ্চিত ব্যংগাত্মক হাস্যমধুৰ চলচ্চিত্ৰখনে অৱশেষত ৰাজ্যজুৰি মুক্তি লাভ কৰে। ইয়াৰ লগে লগে, চলচ্চিত্ৰখন দেশৰ আন চহৰসমূহতো মুক্তি পাব বুলি আশা কৰা হৈছে। যোৱা ১ জুলাইত মুক্তি লাভ কৰা ট্ৰেইলাৰটোৱে চলচ্চিত্ৰপ্ৰেমীসকলৰ মাজত বহুল জনপ্ৰিয়তা অৰ্জন কৰিছিল আৰু তেতিয়াৰ পৰাই চলচ্চিত্ৰখনে ৰাজ্যখনৰ চিনেমা হলৰ স্বত্ত্বাধিকাৰীসকলৰ মাজত ব্যাপক চাহিদা অৰ্জন কৰিবলৈ সক্ষম হৈছে।