কেৱল অসমতেই নহয় বিশ্বৰ প্ৰান্তে প্ৰান্তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সুঁৱৰিছে অজস্ৰ গুণমুগ্ধই

কেৱল অসমতেই নহয় বিশ্বৰ প্ৰান্তে প্ৰান্তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সুঁৱৰিছে অজস্ৰ গুণমুগ্ধই। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সুধাকণ্ঠলৈ জনাইছে সশ্ৰদ্ধ প্ৰণাম। ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ তত্বাৱধানত “বিস্তীৰ্ণ পৰৰে: শদিয়াৰ পৰা ধুবুৰীলৈ সংগীত যাত্ৰা” আৰম্ভ কৰিছে।বিশ্ব বৰণ্য শিল্পী সুধাকণ্ঠ ভূপেন হাজৰিকাৰ আজি ৯৯ সংখ্যক জন্মদিন। তেওঁৰ জন্মদিনটো অতি উলহ-মালহেৰে উদযাপন কৰিছে অসমীয়াই। শদিয়াৰ পৰা ধুবুৰীলৈ বৈ যোৱা ব্ৰহ্মপুত্ৰই অসমৰ বৈচিত্ৰময় জাতি-সাংস্কৃতিক, ভাষিক জনগোষ্ঠীসমূহক একত্ৰিত কৰি দীৰ্ঘদিন ধৰি অসমৰ জীৱনৰেখা হৈ আহিছে। ড° হাজৰিকাই এই নদীখনক মানৱতাৰ বাবে এক উপমালৈ ৰূপান্তৰিত কৰিলে- ইয়াৰ সীমাহীনতাই তেওঁৰ সাৰ্বজনীন সমতা, বন্ধুত্ব আৰু ন্যায়ৰ বাৰ্তাক প্ৰতিফলিত কৰিছিল। তেওঁৰ সংগীতত এই নদীখন সাংস্কৃতিক সংহতি আৰু বিশ্বজনীন সমন্বয়ৰ প্ৰতীক হৈ পৰিছিল।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *