ভূপেন বৰাৰ বিজেপি গমনক লৈ গৰজি উঠিল গৌৰৱ গগৈ; হিমন্ত বিশ্ব শৰ্মাক ‘অসমৰ জিন্নাহ’ আখ্যা

প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাৰ বিজেপি গমনৰ দিন ধাৰ্য হোৱাৰ পাছতেই বুধবাৰে শাসকীয় পক্ষৰ বিৰুদ্ধে একপ্ৰকাৰ যুদ্ধংদেহী মনোভাৱ গ্ৰহণ কৰে সাংসদ তথা এপাচিচিৰ সভাপতি গৌৰৱ গগৈয়ে। এখন সংবাদমেল সম্বোধন কৰি গগৈয়ে দাবী কৰে যে এজন বিশেষ নেতাৰ বিদায়ে দলৰ সাংগঠনিক ভেটিত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ পেলাব নোৱাৰে। তেওঁ লগতে কটাক্ষ কৰি কয় যে যিসকল নেতাই ইতিপূৰ্বে কংগ্ৰেছ এৰি বিজেপিত যোগ দিছে, তেওঁলোকৰ ৰাজনৈতিক কেৰিয়াৰ এতিয়া অতি নগণ্য হৈ পৰিছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাক কংগ্ৰেছৰ ‘শেষ হিন্দু নেতা’ বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি গৌৰৱ গগৈয়ে এক গুৰুত্বপূৰ্ণ আৰোপ কৰে। মুখ্যমন্ত্ৰীক ‘অসমৰ জিন্নাহ’ বুলি অভিহিত কৰি তেওঁ কয়, “মুখ্যমন্ত্ৰীয়ে ৰাজনীতিবিদসকলক হিন্দু ধৰ্মৰ চাৰ্টিফিকেট দিয়া বন্ধ কৰা উচিত।” তেওঁৰ মতে ২০২৬ চনৰ নিৰ্বাচন হ’ব ‘প্ৰকৃত কংগ্ৰেছ’ আৰু ‘পুৰণি কংগ্ৰেছৰ’ (বৰ্তমানৰ বিজেপি) মাজত এক যুঁজ, যিহেতু বিজেপি এতিয়া কংগ্ৰেছৰ পৰা যোৱা দুৰ্নীতিগ্ৰস্ত নেতাসকলেৰে ভৰি পৰিছে।

ইফালে, বিজেপিত যোগদান কৰাটো নিশ্চিত হোৱাৰ পাছতেই প্ৰাক্তন সভাপতি ভূপেন বৰাই ৰাজ্যিক কংগ্ৰেছৰ নেতৃত্বক তীব্ৰ সমালোচনা কৰি কয় যে বৰ্তমান দলটো গৌৰৱ গগৈৰ নিয়ন্ত্ৰণত নাই। তেওঁৰ মতে গৌৰৱ গগৈ কেৱল এটা ‘মুখ’ হে, আচলতে ৰকিবুল হুছেইনহে বৰ্তমান দলটোৰ একমাত্ৰ সাংগঠনিক ভেটি। সোমবাৰে পদত্যাগ পত্ৰ দাখিল কৰাৰ পাছত ৰাহুল গান্ধীয়ে তেওঁক ব্যক্তিগতভাৱে ফোন কৰি দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা সোঁৱৰাইছিল যদিও পদত্যাগ পত্ৰৰ বিষয়ে একো কোৱা নাছিল বুলিও বৰাই সদৰী কৰে।

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াইও এই ৰাজনৈতিক পৰিৱৰ্তনক লৈ বিশেষ গুৰুত্ব নিদি কয় যে দলটো কোনো ব্যক্তি বিশেষৰ নহয়, ই সাগৰ সদৃশ। তেওঁ উল্লেখ কৰে যে এজন নেতা গ’লেই সকলো শেষ হৈ নাযায়, জনসাধাৰণে দলৰ আদৰ্শ আৰু স্থিতিকহে মনত ৰাখিব। ২২ ফেব্ৰুৱাৰীত লখিমপুৰত হ’বলগীয়া যোগদান কাৰ্যসূচীৰ পূৰ্বে বিজেপি আৰু কংগ্ৰেছৰ মাজত চলা এই বাকযুদ্ধই এতিয়া ৰাজ্যৰ নিৰ্বাচনী বতৰত এক নতুন মাত্ৰা যোগ কৰিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *