কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে দেওবাৰে বিহাৰৰ সাছাৰামৰ পৰা আৰম্ভ কৰিলে ‘ভোট অধিকাৰ যাত্ৰা। বিহাৰত নিৰ্বাচন আয়োগে বিশেষ ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়াৰ আৰম্ভ কৰাৰ প্ৰতিবাদত এই যাত্ৰা উলিওৱা হৈছে। ৰাহুল গান্ধীৰ লগতে ইণ্ডিয়া মহাযোটৰ সকলো দলৰ নেতাই এই যাত্ৰাত অংশগ্ৰহণ কৰে। ১ ছেপ্টেম্বৰলৈ চলিবলগা ৰাহুল গান্ধীৰ এই যাত্ৰাই ২০ খনতকৈও অধিক জিলাত প্ৰায় ১৩০০ কিলোমিটাৰ যাত্ৰা কৰিব। ইণ্ডিয়া মহাযোটৰ অভিযোগ যে নিৰ্বাচন আয়োগে শাসক দলৰ সৈতে মিলি ভোট চুৰি কাৰ্যত লিপ্ত হৈ পৰিছে। ইয়াৰ মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পুনৰবাৰ বিধানসভা আৰু লোকসভা নিৰ্বাচনত ভোট চুৰিৰ অভিযোগ উত্থাপন কৰে। ৰাহুল গান্ধীয়ে কয় যে ভাৰতীয় জনতা পাৰ্টি আৰু নিৰ্বাচন আয়োগে একেলগে ‘ভোট চুৰি’ আৰু বিহাৰত বিশেষ ভোটাৰ তালিকা পুনৰীক্ষণ (SIR) ৰে ভোট চুৰিৰ প্ৰয়াস কৰি আছে। ৰাহুল গান্ধীয়ে কয়- সমগ্ৰ ভাৰতত বিধানসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত ভোট চুৰি হৈ আছে আৰু তেওঁলোকৰ শেষ ষড়যন্ত্ৰ হৈছে বিহাৰত SIR কৰি নতুন ভোটাক অন্তৰ্ভুক্ত কৰি আৰু পুৰনি ভোটাৰৰ নাম কৰ্তন কৰি বিহাৰৰ নিৰ্বাচন চুৰি কৰা।
আমি তেওঁলোকক এই নিৰ্বাচনত ভোট চুৰি কৰিবলৈ নিদিওঁ। আনহাতে, এই অনুষ্ঠানত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে প্ৰধানমন্ত্ৰী মোদীক লক্ষ্য কৰি কয়-এইবোৰ অতি বিপজ্জনক। যেতিয়ালৈকে আপোনালোকে তেওঁলোকক ক্ষমতাৰ পৰা আঁতৰাই নিদিয়ে তেতিয়ালৈকে আপোনাৰ ভোট, আপোনাৰ স্বাধীনতা আৰু সংবিধান সুৰক্ষিত নহ’ব। গতিকে বিজেপিক ক্ষমতাৰ পৰা আঁতৰাই দিয়ক। বিহাৰে এই কাম কৰিব পাৰে। খাৰ্গে সাছাৰামত কয় যে এই ভূমি ৰাম বাবু জগজীৱন ৰামৰ কৰ্মভূমি হৈ আহিছে, য’ৰ পৰা তেওঁ বৈষম্যৰ বিৰুদ্ধে যুঁজি থাকিল আৰু মেইৰা কুমাৰ দুবাৰকৈ সাংসদ হৈছিল – এই সকলোবোৰ কংগ্ৰেছৰ অৱদান। ভাষণত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কয়-কংগ্ৰেছে সকলোকে সম দৃষ্টিভংগীৰে একত্ৰিত কৰে আৰু ভোটাধিকাৰ ৰক্ষাৰ বাবে যুঁজিছে। আমি কেৱল নিৰ্বাচনৰ বাবেই নহয়, গণতন্ত্ৰৰ বাবেও যুঁজিছো। সংবিধান বচাবলৈ আমি যুঁজি আছো। আমি ভোট সুৰক্ষাৰ বাবে যুঁজি আছো। ভোট বিভাজন কৰি নিজৰ শাসন চলাব বিচাৰে। এনে চৰকাৰক উভালি পেলাব লাগিব। গতিকে সকলোৱে মিত্ৰজোঁটৰ জনসাধাৰণৰ লগত দৃঢ়তাৰে থাকিব লাগে। এই চৰকাৰখন নিশ্চিতভাৱে সলনি হ’ব৷ তেওঁলোকৰ কোনো অস্তিত্ব নাথাকিব। আপোনালোকৰ সমৰ্থনত বিহাৰতো চৰকাৰ সলনি হ’ব। উল্লেখযোগ্য যে ৰাহুল গান্ধীৰ ‘ভোটাৰ অধিকাৰ যাত্ৰা’ আৰম্ভ হোৱাৰ পূর্বে অনুষ্ঠিত বৈঠকত বিহাৰ বিধানসভাৰ বিৰোধী দলপতি তেজস্বী যাদৱে ভাষণ দিয়ে৷
তেজস্বী যাদৱে কয়-আমাৰ সংবিধানত বাবা চাহেব আম্বেদকাৰে সকলোকে ভোটদানৰ সমান অধিকাৰ আৰু ক্ষমতা দিছে। শক্তিশালী মানুহ হওক বা দুখীয়া মানুহ হওক। কিন্তু এতিয়া সেই অধিকাৰ আমাৰ পৰা কৰ্তন কৰাৰ চেষ্টা চলি আছে। বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি তেওঁ কয়,-বহুত জীৱিত লোকৰ নাম ডিলিট কৰা হ’ল আৰু মৃত বুলি কোৱা হ’ল। আমি ৰাঘোপুৰ বিধানসভাৰ পৰা নিৰ্বাচিত হৈছো আৰু ইয়াত বহু লোকক মৃত বুলি ঘোষণা কৰা হৈছে, যদিও তেওঁলোক জীয়াই আছে। তেজস্বী যাদৱে কয়-আমি সেই লোকসকলক উচ্চতম ন্যায়ালয়লৈ পঠিয়াই দিলোঁ যে নিৰ্বাচন আয়োগে স্বতন্ত্ৰভাৱে কাম কৰা নাই। তেওঁ দাবী কৰে যে নিৰ্বাচন আয়োগে মৃত ঘোষণা কৰা সেইসকল লোকৰ লগত আমি চাহ খাইছিলো। তেওঁ কয়-প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নিৰ্বাচন আয়োগে বিহাৰীক ‘প্ৰতাৰণা’ কৰিব বিচাৰিছে। আমি ক’ব বিচাৰো যে বিহাৰীক দুৰ্বল বুলি নাভাবিব। আমি বিহাৰত অসৎ কাম হ’বলৈ নিদিওঁ।
