অসমৰ শ্ৰেষ্ঠ দলৰ সন্মান লাভ ; মালিগাঁৱত জু জিৎসু নৰ্থ ইষ্ট আৰু অসম অপেন ৰেংকিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতা সম্পন্ন

জু জিৎসু এছচিয়েচন অৱ অসমে পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ  মালিগাঁওস্থিত এন এফ ৰেলৱে ষ্টেডিয়ামত পহিলা ফেব্ৰুৱাৰীত অনুষ্ঠিত হয় জু-জিৎসু নৰ্থ ইষ্ট আৰু অসম অপেন ৰেংকিং প্ৰতিযোগিতা তথা চেম্পিয়নশ্বিপ।  উত্তৰ পূৰ্বাঞ্চলৰ ছয়খন ৰাজ্যৰ জু জিৎসু খেলুৱৈ সকলক সামৰি প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত ত্ৰিপুৰা , মণিপুৰ, মিজোৰাম, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু অসমৰ  তিনিশৰো অধিক খেলুৱৈয়ে ভাগ লৈছিল।

জু জিৎসু এছচিয়েচন অৱ  অসমৰ সভাপতি ঋতুবৰণ  শৰ্মা   আৰু সাধাৰণ সম্পাদক সঞ্জয় শ্বৰ নেতৃত্বত অনুষ্ঠিত এই প্ৰতিযোগিতাখন তদাৰক বাবে জু জিৎসু এছচিয়েচন অৱ ইণ্ডিয়া ৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে – ৰেনচি বিনয় যোশী আৰু চিহান অমৃত আৰোৰা উপস্থিত থাকে। অন্যহাতে প্ৰতিযোগিতাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কাকতি,  অসম চৰকাৰৰ ক্ৰীড়া সঞ্চালক  অংকুৰ ভৰালী, বিশিষ্ট সাংবাদিক পুলিন সাহা , জু জিৎসু এচোছিয়েশ্যনৰ অৱ আসামৰ উপ সভাপতি অমল ডেকা, প্ৰাণ বৰুৱা আৰু ৰাজীৱ দাসকে ধৰি কেবাজনো কৰ্মকৰ্তা আৰু ক্ৰীড়াৰ লগত জড়িত কেবাজনো গণ্যমান্য ব্যক্তি উপস্থিত আছিল।

আনহাতে  প্ৰতিযোগিতাখনত অসমে প্রথম শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰাৰ বিপৰীতে মণিপুৰে  দ্বিতীয় শ্ৰেষ্ঠ দল  আৰু অৰুণাচল প্রদেশে তৃতীয় শ্ৰেষ্ঠ দলৰ খিতাপ  লাভ কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *