প্ৰতিদিনে কমেও এখন বাংলা ছবি প্ৰদৰ্শন কৰাটো বাধ্যতামূলক কৰিলে পশ্চিম বংগ চৰকাৰে

ৰাজ্যৰ চিনেমা হল আৰু মাল্টিপ্লেক্সত প্ৰাইম টাইমত প্ৰতিদিনে কমেও এখন বাংলা ছবি প্ৰদৰ্শন কৰাটো বাধ্যতামূলক কৰিছে পশ্চিম বংগ চৰকাৰে। পশ্চিম বংগ চিনেমা আইন ১৯৫৪ৰ অধীনত বুধবাৰে তথ্য আৰু সংস্কৃতি বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা। ইয়াত উল্লেখ আছে যে বছৰটোৰ ভিতৰতে চিনেমা হল আৰু মাল্টিপ্লেক্সৰ সকলো পৰ্দাত প্ৰতিদিনে অন্ততঃ এখনকৈ বাংলা ছবি প্ৰদৰ্শন কৰিব লাগিব।

চৰকাৰৰ মতে প্ৰাইম টাইম মানে নিশা ৩ বজাৰ পৰা নিশা ৯ বজালৈ। ইয়াৰ সৈতে জড়িত আইন সংশোধনৰ কথাও চৰকাৰে কৈছে৷ ৰাজ্যিক সচিবালয়ে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে এই নিৰ্দেশনা তাৎক্ষণিকভাৱে কাৰ্যকৰী হৈছে আৰু পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত বলবৎ থাকিব।

যোৱা কেইমাহমানত বংগৰ পৰা অহা প্ৰব্ৰজিত শ্ৰমিকৰ বিষয়টো বিভিন্ন ৰাজ্যত উত্তপ্ত হৈ পৰিছে। শেহতীয়াকৈ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভাষা আন্দোলনৰ বাবে আবেদন জনাইছে, আৰু শেহতীয়া নিৰ্দেশক এই অভিযানৰ অংশ হিচাপে বিবেচনা কৰা হৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *