চুবুৰীয়া দেশ বাংলাদেশৰ আকাশ-বতাহ এতিয়া কঁপি উঠিছে সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ লোকৰ আৰ্তনাদেৰে। যোৱা ২৪ ঘণ্টাৰ ভিতৰত দেশখনত পুনৰ দুজন হিন্দু লোকক অতি নিষ্ঠুৰভাৱে হত্যা কৰাৰ ঘটনাই সমগ্ৰ বিশ্বতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা ১৮ দিনৰ ভিতৰত এইটোকে ধৰি মুঠ ৬ জন হিন্দু লোকক হত্যা কৰা হয় বাংলাদেশত। যোৱা নিশা নৰসিংদীৰ এজন গেলামাল দোকানীক আৰু যশোহৰত এজন হিন্দু সাংবাদিকক দুষ্কৃতিকাৰীয়ে হত্যা কৰে। প্ৰাপ্ত তথ্য অনুসৰি, নৰসিংদীৰ চৰসিন্ধুৰ বজাৰত দোকান চলাই থকা অৱস্থাত ৪১ বছৰীয়া শৰৎ চক্ৰৱৰ্তী মণিৰ ওপৰত চোকা অস্ত্ৰৰে আক্ৰমণ চলোৱা হয়। গুৰুতৰভাৱে আহত মণিক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও তেওঁৰ আদবাটতে মৃত্যু ঘটে।
উল্লেখযোগ্য যে, যোৱা ১৯ ডিচেম্বৰত মণিয়ে ফেচবুকত এটা প’ষ্ট দি দেশৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি লিখিছিল। তেওঁ লিখিছিল- “প্ৰতিটো কোণতে জুই, চাৰিওফালে কেৱল হিংসা। মোৰ জন্মভূমি এটা মৃত্যু উপত্যকালৈ ৰূপান্তৰিত হৈছে।”
ঠিক তেনেদৰেই একেদিনাই যশোহৰৰ মণিৰামপুৰত ৪৫ বছৰীয়া সাংবাদিক ৰাণা প্ৰতাপ বৈৰাগীকো গুলীয়াই আৰু ডিঙি ৰেপি হত্যা কৰা হয়। মটৰচাইকেলেৰে অহা দুষ্কৃতিকাৰীয়ে তেওঁক বজাৰৰ পৰা মাতি আনি নিৰ্মমভাৱে হত্যা কৰে।কেৱল হত্যাই নহয়, ঝিনাইদহ জিলাত এগৰাকী ৪০ বছৰীয়া হিন্দু বিধৱা মহিলাক গছত বান্ধি ধৰ্ষণ কৰাৰ লগতে চুলি কাটি বৰ্বৰ নিৰ্যাতন চলোৱাৰ ঘটনাই মানৱতাক লজ্জানত কৰিছে। বাংলাদেশৰ এই ক্ৰমান্বয়ে অৱনতি ঘটা নিৰাপত্তাহীন পৰিৱেশক লৈ ভাৰত চৰকাৰে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।দিল্লীয়ে জনোৱা মতে, মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰৰ আমোলত সংখ্যালঘুসকল ধাৰাবাহিক হিংসাৰ বলি হৈছে আৰু ভাৰতে সমগ্ৰ পৰিস্থিতি অতি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি আছে।
