বাংলাদেশীৰ বিৰুদ্ধে চলিছে অভিযান

অসমত অবৈধভাৱে বাস কৰা বাংলাদেশীক আটক কৰাৰ বাবে বিশেষ অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে। একে সময়তে দেশৰ বহু ৰাজ্যত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চলিছে অভিযান। ইয়াৰ ফলস্বৰূপে অবৈধ বাংলাদেশীয়েও স্বদেশলৈ উভতি যোৱাৰ বাবে নিজেই লৈছে সিদ্ধান্ত।শেহতীয়াকৈ এজন দুজন নহয়, শিশু-মহিলাসহ ১৫ জন বাংলাদেশীক আটক কৰিছে অসম আৰক্ষীয়ে । আটকাধীন লোকসকলক শিলচৰৰ এটা অস্থায়ী ডিটেনচন চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। বৈধ নথি-পত্ৰ অবিহনে বাস কৰা অনুপ্ৰৱেশকাৰী বিশেষকৈ বাংলাদেশীৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিছে অসম আৰক্ষীয়ে। ইয়াৰ অংশ হিচাপে এই বাংলাদেশীসকলক আটক কৰিছে আৰক্ষীয়ে । তেওঁলোকে আৰক্ষীক জনাইছে যে, ৫–৬ বছৰ পূৰ্বে তেওঁলোকে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি গুজৰাটত বাস কৰিছিল আৰু বৰ্তমান নিজ ঘৰলৈ উভতি যোৱাৰ চেষ্টা কৰিছিল।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *