বিশ্বকাপ বৰ্জন নাটক বাংলাদেশৰঃ ভাৰতৰ মাটিতে অংশ ল’ব শ্বুটিং চেম্পিনশ্বিপত

টি-২০ বিশ্বকাপ বৰ্জনক লৈ বাংলাদেশে গ্ৰহণ কৰা স্থিতিয়ে এতিয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া মহলত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। নিৰাপত্তাজনিত কাৰণ দেখুৱাই ভাৰতৰ মাটিত অনুষ্ঠিত হ’বলগা এই টুৰ্ণামেণ্টত অংশ নোলোৱাৰ যি সিদ্ধান্ত বাংলাদেশে গ্ৰহণ কৰিছে, সি এতিয়া দেশখনৰ দ্বৈত স্থিতি প্ৰকট কৰিছে। ভাৰতৰ মাটিত বাংলাদেশী ক্ৰিকেটাৰসকল সুৰক্ষিত নহয় বুলি মহম্মদ ইউনুছ চৰকাৰে যুক্তি দি ক্ৰিকেট দলটো পঠোৱাৰ পৰা বিৰত থাকে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত আই চি চিয়ে বাংলাদেশৰ স্থানত ইতিমধ্যে স্কটলেণ্ডক বিশ্বকাপত অন্তৰ্ভুক্ত কৰে।

ক্ৰিকেটৰ ক্ষেত্ৰত নিৰাপত্তাৰ শংকা ব্যক্ত কৰিলেও নতুন দিল্লীত অনুষ্ঠিত হ’বলগা এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে বাংলাদেশ দলে চৰকাৰী অনুমতি লাভ কৰিছে। চৰকাৰৰ এই অনুমতি প্ৰদানৰ কাৰ্যই ক্ৰিকেট বৰ্জনৰ বিষয়টোক লৈ নতুনকৈ চৰ্চা আৰম্ভ কৰিছে। একেখন চহৰ আৰু একেখন দেশত যদি শ্বুটাৰসকলৰ বাবে নিৰাপত্তাৰ সমস্যা নাথাকে, তেন্তে ক্ৰিকেটাৰসকলৰ ক্ষেত্ৰত এই সিদ্ধান্ত কিয় লোৱা হ’ল তাক লৈ এতিয়া বিভিন্ন মহলত প্ৰশ্নৰ উদয় হৈছে।

ভাৰত চৰকাৰে শ্বুটিং দলটোৰ প্ৰতিগৰাকী খেলুৱৈ আৰু প্ৰশিক্ষকৰ বাবে সম্পূৰ্ণ নিৰাপত্তা সুনিশ্চিত কৰে। মন কৰিবলগীয়া যে ক্ৰিকেট দলটোৰ ক্ষেত্ৰতো আই চি চিয়ে একেধৰণৰ নিৰাপত্তাৰ নিশ্চয়তা প্ৰদান কৰিছিল যদিও বাংলাদেশে তাক গ্ৰহণ নকৰিলে। ইয়াৰ পৰাই টি-২০ বিশ্বকাপ বৰ্জনৰ আঁৰত নিৰাপত্তাতকৈ ৰাজনৈতিক দিশ অধিক সক্ৰিয় হৈ থকাৰ তথ্যই এতিয়া বিশেষ গুৰুত্ব লাভ কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *