ভাৰতীয়ৰ বাবে বাংলাদেশে বন্ধ কৰিলে পৰ্যটক ভিছা! ইউনুছ চৰকাৰৰ নতুন সিদ্ধান্তক লৈ চাঞ্চল্য

চুবুৰীয়া দেশ বাংলাদেশৰ বৰ্তমানৰ অস্থিৰ পৰিস্থিতি আৰু বৰ্ধিত ভাৰত-বিৰোধী প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত ঢাকা আৰু নতুন দিল্লীৰ মাজত কূটনৈতিক সংঘাত এতিয়া অধিক তীব্ৰতৰ হৈ পৰিছে। মহম্মদ ইউনুছৰ নেতৃত্বাধীন অন্তৱৰ্তী চৰকাৰে ভাৰতীয় নাগৰিকসকলৰ বাবে পৰ্যটক ভিছা প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে স্থগিত ৰাখিছে। নতুন দিল্লীৰ বাংলাদেশ উচ্চায়ুক্ত আৰু আগৰতলা তথা শিলিগুৰিৰ মিছনসমূহত ইতিমধ্যে ভিছা সেৱা বন্ধ কৰি দিয়াৰ পাছত এতিয়া কলকাতাৰ উপ-উচ্চায়ুক্ত কাৰ্যালয়তো এই সেৱা বন্ধ থকাৰ খবৰে পৰ্যটকসকলৰ মাজত ব্যাপক অনিশ্চয়তাৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, শেহতীয়াকৈ বাংলাদেশত সংঘটিত কেইবাটাও হিংসাত্মক ঘটনা আৰু ছাত্ৰনেতা ওচমান হাদীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবেই ঢাকাই এই পদক্ষেপ গ্ৰহণ কৰিছে। সুৰক্ষাজনিত কাৰণ দৰ্শাই পৰ্যটক ভিছা বন্ধ কৰা হৈছে যদিও ‘এমপ্লয়মেন্ট ভিছা’ আৰু ‘বিজনেছ ভিছা’ এতিয়াও সীমিত পৰ্যায়ত প্ৰদান কৰি থকা হৈছে। বিশেষকৈ সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ বাবে ভিছা প্ৰক্ৰিয়া অধিক কঠোৰ আৰু বহুস্তৰীয় কৰি তোলা হৈছে, যাতে তেওঁলোকৰ সুৰক্ষা আৰু গতিবিধি নিৰীক্ষণ কৰিব পৰা যায়।

ইফালে, অহা ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া বাংলাদেশৰ সাধাৰণ নিৰ্বাচনক কেন্দ্ৰ কৰি দেশখনত ৰাজনৈতিক হিংসা ক্ৰমাৎ বৃদ্ধি পাইছে। এনে পৰিৱেশত ভাৰতীয় পৰ্যটকৰ সুৰক্ষা সুনিশ্চিত কৰাটো কঠিন হৈ পৰা বুলি ঢাকাৰ চৰকাৰী সূত্ৰই দাবী কৰিছে। অৱশ্যে কূটনৈতিক বিশেষজ্ঞসকলৰ মতে, দিল্লীৰ সৈতে সংঘাত অধিক বৃদ্ধি কৰিবলৈ ইউনুছ চৰকাৰে একপ্ৰকাৰ কৌশলেৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰ্তমান এই সেৱা কিমান দিনৰ বাবে বন্ধ থাকিব, সেই সন্দৰ্ভত কোনো নিৰ্দিষ্ট সময়সীমা ঘোষণা কৰা হোৱা নাই।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *