বাংলাদেশত হিন্দুৰ বিৰুদ্ধে হিংসা অব্যাহত আছে

ইউনুছ চৰকাৰৰ অধীনত শ্বেখ হাছিনাৰ চৰকাৰ পতনৰ পিছৰে পৰা বাংলাদেশত হিন্দুৰ বিৰুদ্ধে হিংসা অব্যাহত আছে। বাংলাদেশত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ সময়তো লক্ষ্য কৰি লোৱা হৈছিল ভাৰতীয় দূতাবাস। বাংলাদেশত এতিয়া ১২ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। বাংলাদেশত বসবাস কৰা ভাৰতীয়সকলক নিৰ্বাচনৰ পূৰ্বে আক্ৰমণৰ বলি হোৱাৰ আশংকা। এই সম্ভাৱ্য আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে।বাংলাদেশৰ ভাৰতীয় স্থানসমূহৰ ওপৰত হিংসাৰ ভাবুকিৰ মাজতে ভাৰত চৰকাৰে দেশৰ ভাৰতীয় কূটনীতিবিদ আৰু বিষয়াসকলৰ পৰিয়ালক ভাৰতলৈ উভতি যাবলৈ পৰামৰ্শ দিছে। ভাৰতে নিজৰ কূটনীতিবিদসকলৰ বাবে বাংলাদেশক নন-ফেমিলি পোষ্টিং হিচাপে লোৱাৰ সিদ্ধান্ত লৈছে।ভাৰতে নিজৰ কূটনৈতিক পদসমূহক “নন-ফেমিলি ” হিচাপে শ্ৰেণীভুক্ত কৰিছে, যিটো আটাইতকৈ কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ ভিতৰত অন্যতম। পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্ক সৰ্বকালৰ নিম্নতম স্তৰত আছে যদিও বাংলাদেশত থকা ভাৰতীয় কূটনীতিবিদসকলৰ বাবে ব্যৱস্থা আৰু কঠোৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *