সীমান্তৰে ভাৰতত প্ৰৱেশৰ চেষ্টা অব্যাহত ৰাখিছে বাংলাদেশী নাগৰিকে

সীমান্তৰে ভাৰতত প্ৰৱেশৰ চেষ্টা অব্যাহত ৰাখিছে বাংলাদেশী নাগৰিকে। বিগত সময়ছোৱাত বাংলাদেশী নাগৰিকৰ ভাৰতৰ সীমাৰ ভিতৰত প্ৰৱেশৰ চেষ্টাৰ এনে বহুকেইটা ঘটনা পোহৰলৈ আহিছে। বিশেষকৈ অসমৰ সীমাৰে অনুপ্ৰৱেশৰ চেষ্টা কৰি বহু বাংলাদেশী নাগৰিক নিৰাপত্তা বাহিনীৰ হাতত ধৰা পৰিছে। অনুপ্ৰৱেশকাৰী বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে চলোৱা এই অভিযানৰ তথ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধাৰাবাহিকভাৱে সামাজিক মাধ্যম যোগে প্ৰচাৰ কৰি আহিছে। কালি নিশা মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ নিজা ফেচবুক একাউণ্ট যোগে বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ চেষ্টা প্ৰতিহত কৰাৰ তথ্য সদৰী কৰিছে।ফেচবুক পোষ্টটোত তেওঁ উল্লেখ কৰা মতে শ্ৰীভূমি জিলাত আৰক্ষীয়ে ১১ গৰাকী অনুপ্ৰৱেশকাৰীক ধৰা পেলাইছে আৰু নিজ দেশলৈ ঘূৰাই পঠাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই অনুপ্ৰৱেশকাৰীসকলক নমতা আলহী আখ্যা দিছে। শনিবাৰে নিশা আৰক্ষীয়ে এই সফলতা লাভ কৰা বুলি তেওঁ কয়।নিশাও শ্ৰীভূমি আৰক্ষীৰ কবলত পৰে ১১গৰাকীকৈ ‘নমতা আলহী’৷ আৰক্ষীয়ে তেওঁলোকক অহাৰ দৰেই ওভতাই আঁতৰাই পঠিয়ায় নিজ দেশলৈ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *