আজাৰাত বিজেপিৰ বিমানকোঠ মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা আৰু বিকশিত ভাৰতৰ সংকল্প গ্ৰহণ

বিজেপি দলৰ জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিমানকোঠ মণ্ডল সমিতিৰ উদ্যোগত আজি আজাৰা ৰাজহুৱা সভাঘৰ প্ৰাংগণত মণ্ডলৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিমানকোঠ মণ্ডলৰ সভাপতি তীৰ্থ মেধিয়ে আৰু বন্তি প্ৰজ্বলন কৰে মণ্ডল প্ৰভাৰী তথা গুৱাহাটী জিলা সমিতিৰ উপ সভাপতি দেৱজিৎ ৰাজবংশীয়ে। আনহাতে বিমানকোঠ মণ্ডলৰ অন্তৰ্গত পাঁচখন গাওঁ পঞ্চায়তৰ দলীয় কৰ্মকৰ্তা, অৰ্দ্ধ শতাধিক বুথ কমিটীৰ সভাপতি, প্ৰভাৰী, বিগত পঞ্চায়ত নিৰ্বাচনত দলীয় বিজয়ী প্ৰাৰ্থীসকলৰ উপস্থিতিত অনুষ্ঠিত সভাখনত শোক প্ৰস্তাৱ পাঠ কৰে মণ্ডল কমিটীৰ উপ সভাপতি হিতেশ কলিতাই।

আনহাতে মণ্ডল সমিতিৰ সভাপতি তীৰ্থ মেধিৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মাৰ্গদৰ্শন মূলক ভাষণ প্ৰদান কৰে  গুৱাহাটী জিলা সমিতিৰ সভাপতি তপন চন্দ্ৰ দাসে আৰু সাংগঠনিক বক্তব্য প্ৰদান কৰে উপ সভাপতি দেৱজিৎ ৰাজবংশীয়ে। সভাত মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, অসম ৰাজ্যিক কৃষান মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টই বিশিষ্ট অতিথি হিচাপে ভাগ লৈ উপস্থিত দলীয় কৰ্মী – কাৰ্যকৰ্তা সকলক দলৰ সাংগঠনিক দিশ শক্তিশালীকৰণত মনোনিবেশ কৰিবলৈ আহ্বান জনায়। আনহাতে সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “বিকশিত ভাৰত ২০৪৭” ৰ নাগৰিক সংকল্প পত্ৰ কাৰ্যকৰীকৰণ কৰাৰ বাবে সমূহীয়াভাবে শপত গ্ৰহণ কৰা হয়।

সভাত ৰাণী চাপৰি জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্য কুশল দাস, দীপৰ বিল জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্য গিৰিজা মেধিকে ধৰি কেবাজনো বিজেপি নেতা উপস্থিত থাকে। সভাত আগন্তুক ২৩ জুনত বলিদান দিৱস আৰু জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰাৰ ২৫ জুনৰ দিনটোক কলা দিৱস পালন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ উপৰিও অহা ২৯ জুনত আকাশবাণী যোগে সম্প্ৰচাৰ হবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “মন কি বাত” অনুষ্ঠানটোত সকলো কাৰ্যকৰ্তাই ভাগ লৈ সাফল্যমণ্ডিত কৰি তুলিবলৈও সিদ্ধান্ত গ্ৰহণ কৰা হয়।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *