Sonali

51 Posts
খেলপথাৰত বেটিং কৰি থাকোতেই হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু মিজোৰামৰ প্ৰবীণ ক্ৰিকেটাৰৰ

খেলপথাৰত বেটিং কৰি থাকোতেই হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু মিজোৰামৰ প্ৰবীণ ক্ৰিকেটাৰৰ

ক্ৰিকেট খেলি থকাৰ সময়তে হঠাৎ ক্ৰীড়াঙ্গনত ঢলি পৰি মৃত্যুক সাৱটিলে এগৰাকী প্ৰবীণ ক্ৰিকেটাৰে। মিজোৰামৰ ৩৮ বছৰীয়া অভিজ্ঞ ক্ৰিকেটাৰ খাউলহ্ৰিং লালৰেমৰুৱাতাইৰ আকস্মিক মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে ক্ৰিকেট মহলক। বৃহস্পতিবাৰে চিহ্মুইৰ চুৱাকা খেলপথাৰত এখন ক্ৰিকেট মেচত অংশ লোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা। খেলৰ মাজভাগলৈকে সকলো স্বাভাৱিক হৈ আছিল যদিও কিছু সময়ৰ পাছতে খেলপথাৰত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। বেটিং সম্পূৰ্ণ কৰাৰ মাত্ৰ কেইমিনিটমানৰ পাছতে খেলুৱৈগৰাকীয়ে বুকুত তীব্ৰ বিষ অনুভৱ কৰে আৰু হঠাতে ঢলি পৰে। ক্ৰিকেট এছ’চিয়েশ্যন অৱ মিজোৰামৰ উদ্যোগত আয়োজিত খালেদ মেম’ৰিয়েল দ্বিতীয় ডিভিজন স্ক্ৰীনিং টুৰ্ণামেণ্টত লালৰেমৰুৱাতাই ভি আৰ চি চি দলক প্ৰতিনিধিত্ব কৰিছিল। চাউনপুই আই এল এম অ’ ভি ক্ৰিকেট…
Read More
বন্ধাকবিত থকা ফিটা পলুৱে কাঢ়িলে প্ৰাণ! উত্তৰ প্ৰদেশত চাঞ্চল্যকৰ ঘটনা

বন্ধাকবিত থকা ফিটা পলুৱে কাঢ়িলে প্ৰাণ! উত্তৰ প্ৰদেশত চাঞ্চল্যকৰ ঘটনা

বন্ধাকবিৰ ভিতৰত থকা ফিটা পলুৱে অকাল মৃত্যুৰ কাৰণ হৈ পৰিল এগৰাকী ১৭ বছৰীয়া ছাত্ৰীৰ। উত্তৰ প্ৰদেশৰ অমৰোহা জিলাৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী ইলমাৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হোৱা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰে। চিকিৎসকৰ মতে, ফাষ্ট ফুডত ব্যৱহাৰ কৰা সংক্ৰমিত বন্ধাকবিৰ জৰিয়তে এই পৰজীৱীবিধ ছাত্ৰীগৰাকীৰ মগজুত প্ৰৱেশ কৰে আৰু তাৰ ফলতেই মগজুত গাঠিৰ সৃষ্টি হয়। দিল্লীৰ ডাঃ ৰাম মনোহৰ লোহিয়া হাস্পতালত মগজুৰ জটিল অস্ত্ৰোপচাৰ কৰা হৈছিল যদিও ছাত্ৰীগৰাকীক ৰক্ষা কৰা সম্ভৱ নহ’ল। প্ৰাপ্ত তথ্য অনুসৰি, উত্তৰ প্ৰদেশৰ আমৰোহা জিলাৰ চুচেলা কলা গাঁৱৰ নদীম আখতাৰৰ কন্যা ইলমা যোৱা এমাহ ধৰি তীব্ৰ জ্বৰ আৰু মূৰৰ বিষত আক্ৰান্ত হৈ আছিল। নয়ডাৰ এজন চিকিৎসকে স্বাস্থ্য পৰীক্ষাৰ…
Read More
সুখদায়ক নহ’ল নৱবৰ্ষৰ আদৰণি! বনভোজলৈ গৈ কৰুণ মৃত্যু প্ৰজ্ঞাশ্ৰীৰ

সুখদায়ক নহ’ল নৱবৰ্ষৰ আদৰণি! বনভোজলৈ গৈ কৰুণ মৃত্যু প্ৰজ্ঞাশ্ৰীৰ

এটা বছৰক বিদায় দি আন এটা বছৰৰ আদৰণি জনোৱাৰ উল্লাসেৰে এতিয়া ভৰি পৰিছে ৰাজ্যৰ বনভোজস্থলীসমূহ। নতুন বছৰটোক সুখেৰে আদৰাৰ এই পৰিকল্পনাৰ মাজতে কাল অমানিশা নামি আহিল এটা পৰিয়াললৈ। ব্ৰহ্মপুত্ৰৰ পাৰত সমনীয়াৰ সৈতে পিকনিক খাবলৈ গৈ কৰুণ মৃত্যু ঘটে প্ৰজ্ঞাশ্ৰী ফুকন নামৰ এগৰাকী যুৱতীৰ। যোৰহাটৰ বাঘমৰা বনভোজস্থলীত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা। ঘটনাৰ বিৱৰণী অনুসৰি, নৈত হাত ধুবলৈ যোৱাৰ সময়তে যুৱতীগৰাকী হঠাতে নদীৰ পলসত সোমাই পৰে। ইয়াৰ পাছতে যুৱতীগৰাকীক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। নিহত প্ৰজ্ঞাশ্ৰী ফুকন জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰী আছিল। ছাত্ৰীগৰাকীৰ এই অকাল মৃত্যুয়ে এতিয়া সমগ্ৰ অঞ্চলটোত…
Read More
১০ শতাংশ মুছলিম জনসংখ্যা বাঢ়িলেই বাংলাদেশত বিলীন হ’ব অসমঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

১০ শতাংশ মুছলিম জনসংখ্যা বাঢ়িলেই বাংলাদেশত বিলীন হ’ব অসমঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমৰ ভৌগোলিক অস্তিত্ব আৰু জনগাঁথনিক লৈ এক ভয়ংকৰ ভৱিষ্যদ্বাণী কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। চুবুৰীয়া দেশৰ লোকৰ সংখ্যা যদি ৰাজ্যখনত আৰু মাত্ৰ ১০ শতাংশ বৃদ্ধি পায়, তেন্তে অসম স্বয়ংক্ৰিয়ভাৱে বাংলাদেশৰ অংশ হৈ পৰিব বুলি তেওঁ মঙলবাৰে এক বিস্ফোৰক দাবী কৰে। উত্তৰ-পূৰ্বাঞ্চলক বাংলাদেশৰ সৈতে চামিল কৰাৰ সন্দৰ্ভত ঢাকাৰ এজন ৰাজনৈতিক নেতাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই সতৰ্কবাণী শুনায়। মুখ্যমন্ত্ৰীৰ মতে, বৰ্তমান অসমৰ জনসংখ্যাৰ প্ৰায় ৪০ শতাংশই বাংলাদেশী মূলৰ লোক। এই সংখ্যা ৫০ শতাংশ পাৰ হোৱাৰ লগে লগে ৰাজ্যখনৰ পৰিচয় আৰু মানচিত্ৰ সলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তেওঁ উল্লেখ কৰে যে এই বিপদৰ প্ৰতি লক্ষ্য কৰিয়েই তেওঁ যোৱা পাঁচ বছৰ…
Read More
মণিপুৰত সুৰক্ষা বাহিনীৰ বৃহৎ সফলতাঃ অভিযানত জালত পৰিল নিষিদ্ধ ঘোষিত কেচিপিৰ ৮ কেডাৰ

মণিপুৰত সুৰক্ষা বাহিনীৰ বৃহৎ সফলতাঃ অভিযানত জালত পৰিল নিষিদ্ধ ঘোষিত কেচিপিৰ ৮ কেডাৰ

মণিপুৰৰ অশান্ত জৰ্জৰ পৰিৱেশৰ মাজতে নিষিদ্ধ ঘোষিত সংগঠনৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই সুৰক্ষা বাহিনীয়ে লাভ কৰিছে এক বৃহৎ সফলতা। ৰাজ্যখনৰ ইম্ফল পূব আৰু ইম্ফল পশ্চিম জিলাত চলোৱা পৃথক পৃথক অভিযানত নিষিদ্ধ কেংলেইপাক কমিউনিষ্ট পাৰ্টিৰ (কেচিপি) বিভিন্ন গোটৰ মুঠ আঠগৰাকী সক্ৰিয় সদস্যক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। শনিবাৰে আৰক্ষীৰ তৰফৰ পৰা জনোৱা এই তথ্যই প্ৰমাণ কৰিছে যে জাতিগত সংঘৰ্ষৰ সুযোগ লৈ সক্ৰিয় হ’বলৈ চেষ্টা কৰা বিদ্ৰোহীৰ বিৰুদ্ধে প্ৰশাসন এতিয়া অধিক কঠোৰ হৈ পৰিছে। ইম্ফল পূব জিলাৰ এন্দ্ৰ' লৈটানপেকফাম অঞ্চলৰ পৰা বৃহস্পতিবাৰে কেচিপিৰ (পিপলছ ৱাৰ গ্ৰুপ) চাৰিজন সদস্যক গ্ৰেপ্তাৰ কৰা হয়। তেওঁলোকৰ পৰা এটা .৩২ পিষ্টল, সজীৱ গুলী আৰু দুটাকৈ ৰেডিঅ' ছেট…
Read More
প্ৰধানমন্ত্ৰীৰ সৈতে মুখামুখি শান্তি কুমাৰী বড়োঃ কাবাদী খেলুৱৈগৰাকীৰ আত্মবিশ্বাসে জয় কৰিলে সকলোৰে মন

প্ৰধানমন্ত্ৰীৰ সৈতে মুখামুখি শান্তি কুমাৰী বড়োঃ কাবাদী খেলুৱৈগৰাকীৰ আত্মবিশ্বাসে জয় কৰিলে সকলোৰে মন

দৰংঃ দেশজুৰি পালন কৰা সু-শাসন দিৱস আৰু এন ডি এ সাংসদসকলৰ উদ্যোগত আয়োজিত সাংসদ খেল মহোৎসৱ ২০২৫-ৰ সামৰণি অনুষ্ঠানৰ এক বিশেষ মূহূৰ্তৰ সাক্ষী হৈ ৰ’ল মঙলদৈবাসী। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ নিৰ্বাচিত একাংশ প্ৰতিভাশালী খেলুৱৈৰ সৈতে ভাৰ্চুৱেলী বাৰ্তালাপ কৰে। সমগ্ৰ অসমৰ ভিতৰত একমাত্ৰ খেলুৱৈ হিচাপে দৰং জিলাৰ ভকতপাৰাৰ নিবাসী তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ চাব-জুনিয়ৰ কাবাদী খেলুৱৈ শান্তি কুমাৰী বড়োৱে প্ৰধানমন্ত্ৰীৰ সৈতে পোনপটীয়া কথা-বতৰাত মিলিত হোৱাৰ গৌৰৱ অৰ্জন কৰে। মঙলদৈৰ বিষ্ণু মন্দিৰ প্ৰাংগণত দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ উদ্যোগত এই বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে অতি আন্তৰিকতাৰে শান্তিক কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰে। তেওঁ জানিব বিচাৰে যে কিয়…
Read More
মছজিদৰ দেৱাল উচ্ছেদক কেন্দ্ৰ কৰি আৰক্ষীৰ ওপৰত শিলাক্ৰমণ, আহত কেইবাগৰাকী আৰক্ষী

মছজিদৰ দেৱাল উচ্ছেদক কেন্দ্ৰ কৰি আৰক্ষীৰ ওপৰত শিলাক্ৰমণ, আহত কেইবাগৰাকী আৰক্ষী

জয়পুৰঃ ৰাজস্থানৰ জয়পুৰ জিলাৰ চৌমু চহৰত এটা মছজিদৰ কাষৰ অবৈধ নিৰ্মাণ উচ্ছেদ কৰাক কেন্দ্ৰ কৰি শুকুৰবাৰে পুৱতি নিশা এক ভয়াৱহ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। নিশা প্ৰায় ৩ বজাত সংঘটিত এই ঘটনাত উগ্ৰ জনতাই আৰক্ষীৰ ওপৰত নিৰ্মমভাৱে শিলগুটি বৰ্ষণ কৰে। এই আক্ৰমণত চাৰিগৰাকীকৈ আৰক্ষী গুৰুতৰভাৱে আহত হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ আৰু লাঠীচালনা কৰিবলগীয়া হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি, মছজিদৰ বাহিৰত ৰাস্তাৰ অংশ দখল কৰি লোহাৰ বেৰা দিয়াৰ অভিযোগ উঠিছিল। প্ৰশাসনে বৃহস্পতিবাৰে সন্ধিয়া এক আলোচনাৰ জৰিয়তে উক্ত নিৰ্মাণ আঁতৰাই পেলাবলৈ নিৰ্দেশ দিছিল আৰু স্থানীয় লোকসকলো মান্তি হৈছিল। কিন্তু নিশাৰ ভিতৰতে পুনৰ লোহাৰ বেৰা লগোৱাৰ খবৰ পোৱাৰ পাছত যেতিয়া আৰক্ষীয়ে জে…
Read More
এয়াৰ ইণ্ডিয়াৰ পাইলটৰ আক্ৰমণত ভাগিল যাত্ৰীৰ নাক! দিল্লী বিমানবন্দৰত ভয়ংকৰ কাণ্ড

এয়াৰ ইণ্ডিয়াৰ পাইলটৰ আক্ৰমণত ভাগিল যাত্ৰীৰ নাক! দিল্লী বিমানবন্দৰত ভয়ংকৰ কাণ্ড

নিউজ ডেস্কঃ আকাশত যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰিবলগীয়া এজন পাইলটৰ পৰা যেতিয়া এগৰাকী যাত্ৰী খোদ বিমানবন্দৰৰ ভিতৰতে শাৰীৰিক নিৰ্যাতনৰ বলি হয়, তেতিয়া সমগ্ৰ ব্যৱস্থাটোৰ ওপৰতে প্ৰশ্ন উত্থাপন হোৱাটো স্বাভাৱিক। দিল্লী বিমানবন্দৰত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এজন অফ-ডিউটি পাইলটে এজন যাত্ৰীক আক্ৰমণ কৰা ঘটনাই বৰ্তমান দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। শেহতীয়া চিটি স্কেন ৰিপৰ্টত ভুক্তভোগী যাত্ৰীজনৰ নাকৰ হাড় স্থানচ্যুত হোৱা বুলি ধৰা পৰাৰ পাছতে এই আক্ৰমণৰ ভয়াবহতা স্পষ্ট হৈ পৰিছে। ইফালে ভুক্তভোগী যাত্ৰী অংকিত দেৱানে জনোৱা মতে, ১৯ ডিচেম্বৰত টাৰ্মিনেল-১ৰ নিৰাপত্তা বেষ্টনীৰ ওচৰত এই অনাকাংক্ষিত ঘটনাটো সংঘটিত হয়। নিৰাপত্তা পৰীক্ষাৰ শাৰী ভংগ কৰাক লৈ কৰা প্ৰতিবাদৰ পৰাই সংঘাতৰ সূত্ৰপাত ঘটে আৰু কেপ্তেইন বীৰেন্দ্ৰ…
Read More
১৭ জানুৱাৰীত ৰাজ্যিক বিজেপিৰ নতুন সভাপতি মনোনয়ন দাখিল কৰিব পাৰিব

১৭ জানুৱাৰীত ৰাজ্যিক বিজেপিৰ নতুন সভাপতি মনোনয়ন দাখিল কৰিব পাৰিব

সমষ্টি পুনৰ গঠনৰ পিছত নতুনকৈ গঠন হোৱা বিজেপিৰ জালুকবাৰী সমষ্টিৰ চাৰিটা মণ্ডলৰ ভিতৰত আজাৰা ভি আই পিস্থিত বিমানকোঠ মণ্ডল সমিতিৰ অস্থায়ী কাৰ্যালয়টো আজি মাংগলিক কাৰ্যৰ মাজেৰে শুভ উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই উপলক্ষে বিমানকোঠ মণ্ডলৰ নৱনিৰ্বাচিত সভাপতি তীৰ্থ মেধিৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা সভাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে আজিৰ এই শুভ দিন তথা পহিলা মঘাৰ দিনত বিমানকোঠ মণ্ডল কাৰ্যালয়টো শুভ উদ্বোধন কৰা হ’ল। অস্থায়ী কাৰ্যালয় আজি শুভ-উদ্বোধন কৰা হৈছে যদিও অনাগত সময়ত স্থায়ীকৈ চাৰি মহলীয়া বিল্ডিং নিৰ্মাণ কৰা হ’ব। লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৱল নেতৃত্বত দেশখন আগুৱাই লৈ গৈছে। যোৱা তিনিমাহ ধৰি ভাৰতীয় জনতা…
Read More
সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই আনুষ্ঠানিকভাৱে আৰ্নেষ্টো অট্টন ৰামিৰেজৰ পৰা বিশ্ব ঐতিহ্যক্ষেত্ৰৰ প্ৰমাণ পত্ৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে

সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই আনুষ্ঠানিকভাৱে আৰ্নেষ্টো অট্টন ৰামিৰেজৰ পৰা বিশ্ব ঐতিহ্যক্ষেত্ৰৰ প্ৰমাণ পত্ৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে

ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংস্হা চমুকৈ ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য সমিতিয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰা চৰাইদেউ মৈদাম ক্ষেত্রৰ প্ৰমাণ পত্ৰ আজি পেৰিচৰ এক অনুষ্ঠানত গ্ৰহণ কৰে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই।কেবাগৰাকীও আহোম স্বৰ্গদেউ  মৈদামেৰে সমৃদ্ধ চৰাইদেউ মৈদাম ক্ষেত্ৰক বিগত বৰ্ষৰ জুলাই মাহত নতুন দিল্লীত অনুষ্ঠিত ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য সমিতিৰ সভাত ভাৰত বৰ্ষৰ ৪৩ সংখ্যক ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। পেৰিচৰ ইউনেস্ক' মুখ্য কাৰ্যালয়ত  আয়োজিত এক অনুষ্ঠানত সাংস্কৃতিক মন্ত্ৰী বড়াই বিশ্ব সংস্থাটোৰ সাংস্কৃতিক বিভাগৰ সহকাৰী সঞ্চালক প্ৰধান  আৰ্নেষ্টো অট্টন ৰামিৰেজৰ পৰা আজি আনুষ্ঠানিক ভাৱে বিশ্ব ঐতিহ্য প্ৰমাণ পত্ৰখন গ্ৰহণ কৰে।…
Read More