Priyanka Bhowmick

62 Posts
কন্ঠ শিল্পী ৰমেন দাসৰ শিশুগীত পৰিবেশন কৰিব ৫৫০ খন স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে

কন্ঠ শিল্পী ৰমেন দাসৰ শিশুগীত পৰিবেশন কৰিব ৫৫০ খন স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে

সুৰকাৰ, গীতিকাৰ, প্ৰয়োজক তথা দক্ষ কন্ঠ শিল্পী ৰমেন দাসৰ 'ককা দেউতা তুমি মোক আজি শিকোৱা…….' শীৰ্ষক চেমনীয়া গীতটো অসম শিশু শিক্ষা সমিতি, গুৱাহাটীৰ অধীনত থকা ৫৫০ খনৰো অধিক স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে পৰিবেশনৰ বাবে সাজু হৈছে । উল্লেখযোগ্য যে শিল্পী ৰমেন দাসে ইতিমধ্যে বহু চেমনীয়া গীত নিজে সুৰ, কথা আৰু পৰিচালনা কৰি ৰাজ্যৰ শিশু সকললৈ উপহাৰ দি সুনাম বুটলিবলৈ সক্ষম হৈছে । 'সুৰধ্বনি'ৰ বেনাৰত শিশু গীতৰ বাবে কামত ব্যস্ত হৈ আছে তেঁও। শিশুৰ বাবে, শিশু সকলৰ উপযোগী হোৱাকৈ এটা ভাল বাৰ্তা দিব পৰাকৈ অহৰহ ব্যস্ত থাকি শিশু গীত ৰাইজৰ মাজত উলিয়াই দিছে । ইয়াৰ দ্বাৰা অকল চহৰ বৰপেটাতেই নহয় ৰাজ্যৰ শিশু…
Read More
মজামিল হকক সম্বৰ্ধনা বিজেপিৰ বজালী জিলা সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদকৰ

মজামিল হকক সম্বৰ্ধনা বিজেপিৰ বজালী জিলা সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদকৰ

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ১৫ নং স্থানত উজলিল বৰপেটাৰ মাজদিয়া গৰেমাৰীৰ মজামিল হক। APSC ৰ Urban development technical officer পদত উজলি উঠে বৰপেটাৰ মাজদিয়াৰ মজামিল হক। গৰেমাৰী গাঁওৰ প্ৰথম গৰাকী যুৱক হিচাপে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে।বৰপেটাৰ মাজদিয়া গৰেমাৰি গাঁৱৰ মইনুল হক আৰু মিনুৱাৰা বেগমৰ জ্যেষ্ঠ সন্তান মজ্জামিল হকৰ এই সফলতাত উৎফুল্লিত হৈছে গাঁওবাসী । তেও চাৰি বাৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও কিছু নম্বৰৰ বাবে ভাল ফলাফল প্ৰদৰ্শন কৰিব পৰা নাছিল। পঞ্চম বাৰত পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হয় মজামিল হকে । মজামিলৰ সফলতাত গৌৰৱান্বিত হৈছে তেওঁৰ পৰিয়ালৰ লগতে গাঁওখনৰ সকলো ৰাইজ, দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে । বিজেপিৰ…
Read More
ভক্তৰডবাত উপস্থিত বিদ্যালয় সমূহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাস

ভক্তৰডবাত উপস্থিত বিদ্যালয় সমূহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাস

বৰপেটাৰ ভক্তৰডবাস্থিত পশ্চিম পাকা আজাদ মেমোৰিয়েল হাইস্কুলত উপস্থিত হয় বৰপেটা বিদ্যালয় সমূহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাসে। উল্লেখ্য যে, ধনৰ বিনিময়ত বিদ্যালয়খনৰ খেলপথাৰত পুখুৰী খান্দি লিজত দিছিল বৰপেটা জিলাৰ ভক্তৰডবাস্থিত পশ্চিম পাকা আজাদ মেমোৰিয়েল হাইস্কুল কৰ্তৃপক্ষই। বৃহত্তৰ ভক্তৰডবা অঞ্চলৰ একমাত্ৰ খেলৰ উপযোগী হৈছে পশ্চিম পাকা আজাদ মেমোৰিয়েল হাইস্কুলৰ খেলপথাৰখন। কিন্তু উক্ত খেলপথাৰখনত পুখুৰী খান্দি দুয়োপাৰে বান্ধ দি লিজত দিয়াত বিতৰ্কৰ সৃষ্টি হৈছিল। উল্লেখ্য যে, বিদ্যালয়খনৰ প্ৰধান শিক্ষকে বিগত দুটা বছৰ ধৰি এইদৰেই খেলপথাৰ লিজত দি বৃহৎ অংকৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছিল ৰাইজে। পিছে সমগ্ৰ বিষয়টো সন্দৰ্ভত স্থানীয় ৰাইজে যোৱা ৯ মে'ত বৰপেটা জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত অভিযোগ দাখিল…
Read More
দেশজুৰি হিটৱেভৰ ফলত ২৭০ জন লোকৰ মৃত্যু

দেশজুৰি হিটৱেভৰ ফলত ২৭০ জন লোকৰ মৃত্যু

বৰ্তমান সময়ত দেশৰ অধিক সংখ্যক ৰাজ্য প্ৰচণ্ড গৰমৰ সৈতে তীব্ৰ হিটৱেভৰ সৈতে যুঁজি আছে। ইয়াৰ ফলত, বহুতো ৰাজ্যত বহু লোকৰ মৃত্যু হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, এতিয়ালৈকে দেশৰ বিভিন্ন ৰাজ্যত হিটৱেভ বা তাপ প্ৰবাহৰ ফলত ২৭০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ ফলত উত্তৰ প্ৰদেশত সৰ্বাধিক লোকে প্ৰাণ হেৰুৱাইছে। উত্তৰ প্ৰদেশত ১৬২ জন লোকৰ মৃত্যু হৈছে, আনহাতে বিহাৰত ৬৫ জন লোকে হিটৱেভৰ ফলত প্ৰাণ হেৰুৱাইছে। পূৱ উত্তৰ প্ৰদেশত হিটৱেভৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৮০জনলৈ বৃদ্ধি হৈছে। বাৰাণসীত ৩৪ জন, আজমগড়ত ১৬ জন, মিৰ্জাপুৰত ১০ জন, গাজীপুৰত ৯ জন, জৌনপুৰত ৪ জন, চান্দৌলীত ৩ জন, বালিয়া-ভাদোচীত ২জনকৈ লোকৰ প্ৰাণ হেৰুৱাইছিল। কেন্দ্ৰীয়…
Read More
২০২৪ ৰ লোকসভা নিৰ্বাচনত আয়কৰ বিভাগে জব্দ কৰিলে অভিলেখ ১,১০০ কোটি টকাৰ নগদ ধন

২০২৪ ৰ লোকসভা নিৰ্বাচনত আয়কৰ বিভাগে জব্দ কৰিলে অভিলেখ ১,১০০ কোটি টকাৰ নগদ ধন

চলিত লোকসভা নিৰ্বাচনৰ সময়ত আয়কৰ বিভাগে অভিলেখ ১,১০০ কোটি টকাৰ নগদ ধন আৰু গহনা জব্দ কৰিছে। সূত্ৰই এই কথা প্ৰকাশ কৰিছে। ৩০ মে'ৰ শেষলৈকে, বিভাগটোৱে প্ৰায় ১,১০০ কোটি টকাৰ নগদ ধন আৰু গহনা জব্দ কৰিছে, যি ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ সময়ত জব্দ কৰা ৩৯০ কোটি টকাৰ তুলনাত ১৮২ শতাংশ অধিক।এই সংখ্যাটো আৰু বৃদ্ধি হ'ব পাৰে, কিয়নো অভিযান এতিয়াও চলি আছে। ১৬ মাৰ্চত ভাৰতত আদৰ্শ আচৰণ বিধি (এমচিচি) কাৰ্যকৰী হয়, একেদিনাই নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰে। সূত্ৰ অনুসৰি, দিল্লী আৰু কৰ্ণাটক প্ৰতিখন ৰাজ্যতে ২০০ কোটি টকাৰ অধিক নগদ ধন আৰু গহনা জব্দ কৰি তালিকাৰ শীৰ্ষত আছে। তামিলনাডু দ্বিতীয় স্থানত…
Read More
গৰৈমাৰী ষ্টেডিয়ামত আন্তঃজিলা ছিনিয়ৰ মহিলা হকী

গৰৈমাৰী ষ্টেডিয়ামত আন্তঃজিলা ছিনিয়ৰ মহিলা হকী

অসম হকীৰ তত্ত্বাৱধানত চৰাইদেউ জিলাৰ মাহমৰা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰম্ভ হৈছে ১৪ সংখ্যক ছিনিয়ৰ আন্তঃজিলা মহিলাৰ হকী চেম্পিয়নশ্বিপ । মঙলবাৰে প্ৰতিযোগিতাখন উদ্বোধন কৰে অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহনে । এই অনুষ্ঠানত উপস্থিত থাকে অসম হকীৰ সম্পাদক তপন দাস, মহমৰা ক্ৰীড়া সন্থাৰ সভাপতি লোকনাথ কোঁৱৰ, সাধাৰণ সম্পাদক মণ্টু কোঁৱৰ, উপদেষ্টা প্ৰাক্তন সন্তোষ ট্ৰফী খেলুৱৈ অনিল বৰগোহাঁইকে ধৰি বহু বিশিষ্ট লোক । প্ৰতিযোগিতাৰ উদ্ধোধনী মেচত ঘৰুৱা দল চৰাইদেউৱে ৩-০ গ'লত পৰাস্ত কৰে ধেমাজিক । গ'ল কেইটা দিয়ে লক্ষীমণি কৰ্মকাৰ, পূজা গোৱালা আৰু বেগম আখতাৰ জাহানে ।আনবোৰ মেচৰ ভিতৰত শিৱসাগৰে তিনিচুকীয়াক ৩-১, বঙাইগাঁৱে হোজাইক ২-০, শদিয়াই হাইলাকান্দিক ৩-১, গুৱাহাটীয়ে তেজপুৰক ১-০ আৰু…
Read More
৭০ বছৰীয়া বৃদ্ধই হেৰাই পোৱা টকাসহ বেগ মাতি নি দিলে ওভতাই

৭০ বছৰীয়া বৃদ্ধই হেৰাই পোৱা টকাসহ বেগ মাতি নি দিলে ওভতাই

কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত টুপামাৰী গাঁওৰ এগৰাকী ব্যক্তিৰ সততা আৰু মহানুভৱতাই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে বৃহত্তৰ অঞ্চলটো | ফৰিজুল হক নামৰ ৭০ বছৰীয়া বৃদ্ধ গৰাকীয়ে বাটত হেৰাই পোৱা টকাসহ নথি-পত্ৰ সমূহ গৰাকীক ফোন কৰি নিজ ঘৰলৈ মাতি আনি উভতাই দিয়া ঘটনাক ভূয়সী প্ৰশংসা কৰিছে স্থানীয় লোকে৷ জানিব পৰা মতে,যোৱা ২৫ মেত বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত বাঘমাৰা চৰ গাঁওৰ ফুলচান আলী নামৰ যুৱকজনৰ মানিবেগখনত নগদ ১৭,৪৩০ টকাৰ লগতে আধাৰ কাৰ্ড,এ টি এম কাৰ্ডকে আদি গুৰুত্বপূৰ্ণ নথি-পত্ৰও আছিল। বহু বিচাৰ খোচাৰ কৰিও হেৰোৱা ধন আৰু নথিপত্ৰৰ কোনো খবৰ নাপাই হতাশগ্ৰস্ত হৈ পৰিছিল শ্ৰমিক গৰাকী | টকাখিনি ঘুৰাই পোৱাৰ সকলো…
Read More
ঘোচ লৈ হাত দাঙিলে লাট মণ্ডলে

ঘোচ লৈ হাত দাঙিলে লাট মণ্ডলে

বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই আটক কৰে এগৰাকী লাট মণ্ডলক | সম্প্ৰতি দুৰ্নীতি নিবাৰক শাখাৰ জালত লাত মণ্ডল লবকান্ত নাথ। নামজাৰীৰ বাবে বিচাৰিছিল এক লাখ টকা ৷ ৫ হাজাৰ টকা ঘোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই হাতে লোটে মন্ডল গৰাকীক ধৰে বুলি জানিব পৰা গৈছে।
Read More
কাঁনত প্ৰদৰ্শিত কুকি

কাঁনত প্ৰদৰ্শিত কুকি

ড° জুনমনি দেৱী খাউণ্ড (প্ৰযোজক), আৰু ঋতিশা খাউণ্ড (অভিনেত্ৰী) দৰ্শকৰ সতে মতবিনিময় কৰে। উল্লেখযোগ্য যে, ফ্ৰান্স, মৰক্কো আৰু আন কেইবাখনো দেশে নিজ নিজ ৰাষ্ট্ৰত "কুকি" মুকলি কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। এগৰাকী অসমীয়া প্ৰযোজকৰ দ্বাৰা অসমত নিৰ্মিত বলীউড হিন্দী চলচ্চিত্ৰ "কুকি" সন্মানীয় কাঁন চলচ্চিত্ৰ মহোৎসৱ (ডু ফিল্ম দে কাঁন)ত প্ৰদৰ্শিত হয়। মঙলবাৰে স্থানীয় সময় অনুসৰি নিশা ১১.৩০ বজাত পেলেই এইচ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই প্ৰদৰ্শনী। বিভিন্ন দেশৰ চলচ্চিত্ৰ অনুৰাগী আৰু বিতৰকে ছবিখন উপভোগ কৰি প্ৰশংসাৰে ওপচাই পেলায়। ইয়াৰোপৰি, ঋতিষা খাউণ্ডৰ ব্যতিক্ৰমী অভিনয়ক প্ৰদৰ্শনীত উপস্থিত থকা বহুকেইগৰাকী পৰিচালক আৰু চলচ্চিত্ৰ নিৰ্মাতাই প্ৰশংসা কৰে। “ মই নেদেখাজনক ধন্যবাদ জনাইছোঁ যে কুকিয়ে মোৰ…
Read More
যি সুৰে প্ৰাণ টানি ধৰে সেয়ে প্ৰকৃত গীত : মনীষা হাজৰিকা

যি সুৰে প্ৰাণ টানি ধৰে সেয়ে প্ৰকৃত গীত : মনীষা হাজৰিকা

এক অতি মাংগলিক পৰিৱেশৰ মাজত দেওবাৰে মহানগৰীৰ পশ্চিম বৰাগাঁওৰ গাখীৰ চ'কস্থিত "কাব্য কুঞ্জ" ভৱনত "পৰাগজ্যোতি প্ৰকাশন" ৰ উদ্যোগত বিশিষ্ট মননশীল গীতিকাৰ, সাহিত্যিক শচীন দাস ৰচিত আৰু সুৰাৰোপিত চাৰিটা গীত শুভ-উন্মোচন কৰে। কণমানি শিল্পী মান্যতা তালুকদাৰৰ জ্যোতি সংগীতৰ পৰিৱেশনেৰে শুভাৰম্ভ কৰা সভাখনি উদ্ধোধন কৰি অনাতাঁৰ আৰু দূৰদৰ্শন কেন্দ্ৰৰ উত্তৰ-পূৱ ভাৰতৰ অৱসৰপ্ৰাপ্ত সঞ্চালক তথা চলচ্চিত্ৰ নিৰ্মাতা দেবেন্দ্ৰ নাথ বসুমতাৰীয়ে কয়- 'নিজৰ চিনাকীৰে মানুহ মহান হ'ব পাৰে। শচীন দাসৰ সৃষ্টিৰাজি যুগজয়ী হৈছে।" পৰাগজ্যোতি প্ৰকাশনৰ সচিব, সাংবাদিক দীপক শৰ্মাই আঁত ধৰা অনুষ্ঠানত গীত মুকলি কৰি বিশিষ্ট কন্ঠশিল্পী, ৰাজ্য চৰকাৰৰ শিল্পী বঁটা প্ৰাপক মনীষা হাজৰিকাই কয়- "যি সুৰে প্ৰাণ টানি ধৰে সেয়ে প্ৰকৃত গীত। ৰাইজে…
Read More