12
Jul
গ্ৰাহক ৰাইজৰ জনস্বাস্থ্যৰ দিশটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি একমাত্ৰ মুনাফা লাভৰ লক্ষ্যৰে গুৱাহাটী মহানগৰীৰ পৌৰ এলেকাত অস্বাস্থ্যকৰ পৰিবেশত গ্ৰাহকক মাছ - মাংস বিক্ৰী কৰা ব্যৱসায়ী সকলৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা বিভাগে নিগমৰ এনফৰ্চমেণ্ট বিভাগ , গুৱাহাটী মহানগৰ আৰক্ষী , কামৰূপ মহানগৰ জিলা পশুপালন বিভাগ , খাদ্য সুৰক্ষা বিভাগৰ সহযোগত আজি পুৱাৰে পৰা বিয়লিলৈ জালুকবাৰী আৰক্ষী থানা এলেকাত এক বিশেষ অভিযান চলোৱা হয়। অভিযানত জালুকবাৰী থানা এলেকাৰ পাণ্ডু বৰ বাজাৰ , পাণ্ডু ৰেলৱে বজাৰ, পাণ্ডু বন্দৰ পথ, অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পথ, তেতেলিয়া, গোটানগৰ, মালিগাওঁ গোশালা আৰু চাটেল গেট আদিত চলোৱা অভিযানত অভিযানকাৰী দলটোৱে মুঠ ৩৫ খন মাছ - মাংস…
