28
Feb
কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানৰ উদ্যোগত বাহিনীটোৰ জনহিতকৰ কাৰ্যসূচীৰ অংশ হিচাপে বৃহত্তৰ ৰাণী অঞ্চলৰ আৰ্থিকভাবে দুৰ্বল ১০ গৰাকী মহিলা- যুৱতীক ৭ ফেব্ৰুৱাৰীৰ পৰা ২০ দিনীয়াকৈ উন্নত মানৰ চিলাই প্ৰশিক্ষণ প্ৰদান কৰা হয়। মূলতঃ যুৱতী - মহিলাসকলে যাতে কাপোৰ চিলাইকে ধৰি চিলাই মেচিনেৰে কৰিব পৰা কামসমূহ কৰি আৰ্থিকভাবে স্বাৱলম্বী হব পাৰে সেই লক্ষ্যৰে দক্ষ প্ৰশিক্ষকৰ দ্ৱাৰা প্ৰশিক্ষণ প্ৰদান কৰা হয়। আনহাতে ২৭ ফেব্ৰুৱাৰীৰ দিনা বিয়লি প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই প্ৰশিক্ষণ গ্ৰহণ কৰা ১০ গৰাকী মহিলা -…
