17
Jun
পুনৰ দেশত সংঘটিত হ'ল ভয়াবহ ৰে'ল দুৰ্ঘটনা। দাৰ্জিলিঙৰ নিউ জলপাইগুৰিৰ ওচৰত শিয়ালদাহ অভিমুখী কাঞ্চনজংঘা এক্সপ্ৰেছৰে এখন মালবাহী ৰে'লৰ সোমবাৰে পুৱা সংঘৰ্ষ হয়। ঘটনাটো পুৱা প্ৰায় ৯ বজাত সংঘটিত হয়। দুৰ্ঘটনাটো ইমানেই ভয়াবহ আছিল যে ৮ জন যাত্ৰীৰ মৃত্যু নিশ্চিত হৈছে আৰু কমেও ৫০ জন লোক আহত হৈছে। এই সন্দৰ্ভত ৰে'লৱে ব'ৰ্ডৰ চিআইঅ' জয়া বাৰ্মা সিনহাই কয় যে উদ্ধাৰ অভিযান সম্পূৰ্ণ হৈছে আৰু এতিয়ালৈকে মৃত্যুৰ সংখ্যা আঠজনলৈ বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে আগৰতলাৰ পৰা অহা ১৩১৭৪ কাঞ্চনজংঘা এক্সপ্ৰেছখন শিয়ালদাহলৈ গৈ আছিল আৰু নিউ জলপাইগুৰি ষ্টেচনৰ ওচৰৰ ৰণগাপানীত এখন মালবাহী ৰেলৰ সৈতে সংঘৰ্ষ হয়। দাৰ্জিলিঙৰ অতিৰিক্ত এছ পি অভিষেক ৰয়ে কয়…
