editor

3175 Posts
দক্ষতা বিকাশ দুৰ্নীতিৰ গোচৰত স্থায়ী জামিন প্ৰদান অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক

দক্ষতা বিকাশ দুৰ্নীতিৰ গোচৰত স্থায়ী জামিন প্ৰদান অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক

‘দক্ষতা বিকাশ দুৰ্নীতি’ গোচৰত অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ স্থায়ী জামিন আবেদন মঞ্জুৰ কৰে অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ে। অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টিৰ মুৰব্বীগৰাকী অন্তৱৰ্তীকালীন জামিনত মুকলি কৰি দিয়াৰ পিছত বৰ্তমান চিকিৎসাধীন হৈ আছে। তেওঁৰ বাবে শুকুৰবাৰে উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশক ‘বৃহৎ সকাহ’ বুলি গণ্য কৰা হৈছে। ৩১ অক্টোবৰত চন্দ্ৰবাবুৰ চাৰি সপ্তাহৰ অন্তৱৰ্তীকালীন জামিন ‘স্বাস্থ্যৰ ভিত্তিত’ অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছিল। তেলেংগানাৰ হায়দৰাবাদৰ এখন চিকিৎসালয়ত চকুৰ ছানি পৰা অস্ত্ৰোপচাৰ কৰি এতিয়া ঘৰতে জিৰণি লৈ আছে। যোৱা ৩১ অক্টোবৰত উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছিল যে চন্দ্ৰবাবুৱে ২৮ নৱেম্বৰৰ সন্ধিয়া ৫ বজাৰ ভিতৰত ৰাজমাহেন্দ্ৰবৰম কেন্দ্ৰীয় কাৰাগাৰত ৰিপৰ্ট দিব…
Read More
‘ব্ৰেকিং নিউজ! এতিয়া ইডিয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ ঘৰত তালাচী চলাব’! বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ পিছত প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ মহুৱা মৈত্ৰাৰ

‘ব্ৰেকিং নিউজ! এতিয়া ইডিয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ ঘৰত তালাচী চলাব’! বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ পিছত প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ মহুৱা মৈত্ৰাৰ

আকৌ এবাৰ বিশ্বকাপ জয়ৰ সপোন ভাঙিল টিম ইণ্ডিয়াৰ। অষ্ট্ৰেলিয়াৰ হাতত ভাৰতীয় দলৰ পৰাজয়ৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰে তৃণমূল সাংসদ মহুৱা মৈত্ৰাই। ভাৰতৰ পৰাজয়ৰ বিষয়টো তেওঁ ৰাজনৈতিক ক্ষেত্ৰলৈ টানি লৈ যায়। বিশ্বকাপৰ মেগা ফাইনেলত দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ১ লাখ ৩২ হাজাৰ দৰ্শকৰ সন্মুখত মুখামুখি হয় ভাৰত আৰু অষ্ট্ৰেলিয়া। প্ৰধানমন্ত্ৰীয়েও মেচ চাবলৈ ষ্টেডিয়ামত উপস্থিত হয়। কিন্তু মোডীয়ে ভাৰতৰ বিশ্ব বিজয় দেখাৰ আশা পূৰণ নহ’ল। খেলত শেষ হাঁহি মাৰে অষ্ট্ৰেলিয়াই। ইয়াৰ পিছত কৃষ্ণনগৰ তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰাই এক্সত প্ৰধানমন্ত্ৰীক সমালোচনা কৰে। তেওঁ লিখিছে, ‘আহমেদাবাদৰ ষ্টেডিয়ামৰ নাম সলনি কৰা হৈছে। জৱাহৰলাল নেহৰু ষ্টেডিয়ামত বিশ্বকাপৰ ফাইনেলত পৰাস্ত হ’ল ভাৰত।” দৰাচলতে দেশৰ…
Read More
মৰ্মান্তিক! ঘৰৰ ভিতৰত উদ্ধাৰ ৪ ভাতৃ-ভগ্নীৰ মৃতদেহ, বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুৰ সন্দেহ

মৰ্মান্তিক! ঘৰৰ ভিতৰত উদ্ধাৰ ৪ ভাতৃ-ভগ্নীৰ মৃতদেহ, বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুৰ সন্দেহ

উত্তৰ প্ৰদেশৰ উন্নাওত এটা ঘৰত একেলগে চাৰি ভাতৃ-ভগ্নীক মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। আৰক্ষীৰ অনুমান অনুসৰি, ইজনে সিজনক বচাবলৈ চেষ্টা কৰি বিদ্যুৎস্পৃষ্ট হৈ চাৰিওটি শিশুৱে মৃত্যুক আঁকোৱালি লয়। স্থানীয় আৰু আৰক্ষীৰ সূত্ৰ অনুসৰি বীৰেন্দ্ৰ কুমাৰ আৰু শিৱদেৱী উন্নাও জিলাৰ লালমানখেডা গাঁৱৰ বাসিন্দা। তেওঁলোকৰ চাৰিটা সন্তান - মায়ংক (৯), হিংমাছি (৮), হিমংক (৬) আৰু মানসী (৪)। দেওবাৰে বিয়লি ঘৰটো খালী হৈ পৰিছিল। দুপৰীয়া উভতি অহাৰ পিছত তেওঁলোকে চাৰিটা সন্তানক মাটিত মৃত অৱস্থাত পৰি থকা দেখে। লগে লগে চুবুৰীয়াক খবৰ দিয়ে। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আহি মৃতদেহ কেইটা উদ্ধাৰ কৰে। বৰাসাগৰৰ এছ এইচ অ’ দিলীপ কুমাৰে কয়,…
Read More
এবছৰত একেৰাহে দুটা আইচিচি ট্ৰফী দখল অষ্ট্ৰেলিয়াৰ

এবছৰত একেৰাহে দুটা আইচিচি ট্ৰফী দখল অষ্ট্ৰেলিয়াৰ

অষ্ট্ৰেলিয়াই ভাৰতক পৰাস্ত কৰি আইচিচি এদিনীয়া বিশ্বকাপ ২০২৩ ৰ খিতাপ জয় কৰে। অষ্ট্ৰেলিয়াই ইয়াৰ সৈতে বিশ্বকাপৰ ষষ্ঠটো খিতাপ দখল কৰে। দেওবাৰে খেলা খেলখনত অষ্ট্ৰেলিয়াই ভাৰতক ছয় উইকেটত পৰাস্ত কৰে। পেট কামিন্সৰ নেতৃত্বত, অষ্ট্ৰেলিয়াই এই বছৰ একেৰাহে দুটা আইচিচি ট্ৰফী দখল কৰে, যাৰ আগতে দলটোৱে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপো জিকিছিল। অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমসমূহে এই বিজয়ৰ পিছত অধিনায়ক পেট কামিন্সক প্ৰশংসা কৰিছে আৰু বিশ্বকাপ ২০২৩ ৰ খিতাপক আটাইতকৈ ডাঙৰ খিতাপ হিচাপে বৰ্ণনা কৰিছে। অষ্ট্ৰেলিয়াৰ আগশাৰীৰ বাতৰি কাকত দ্য চিডনী মৰ্ণিং হেৰাল্ডে লিখিছে, 'পেট কামিন্সে এই খিতাপৰ সৈতে ভালৰ পৰা মহানলৈ আগবাঢ়িছে। অষ্ট্ৰেলিয়াই শান্ত, চতুৰ আৰু সাহসী প্ৰদৰ্শনেৰে বিশ্বকাপৰ খিতাপ দখল কৰে।' দ্য…
Read More
ষষ্ঠবাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়া দললৈ ৩৩.৩১ কোটি টকাৰ পুৰস্কাৰ

ষষ্ঠবাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়া দললৈ ৩৩.৩১ কোটি টকাৰ পুৰস্কাৰ

বিশ্বকাপৰ অন্তিম খন খেল ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হয়। য'ত ভাৰতক পৰাস্ত কৰি অষ্ট্ৰেলিয়াই ষষ্ঠবাৰৰ বাবে বিশ্বকাপৰ খিতাপ দখল কৰে। তেওঁলোক আঠ বছৰৰ পিছত পুনৰ চেম্পিয়ন হয়। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই ১৯৮৭, ১৯৯৯, ২০০৩, ২০০৭ আৰু ২০১৫ চনত খিতাপ জয় কৰিছিল। ২০২৩ৰ বিশ্বকাপৰ খিতাপ দখল লগে লগে অষ্ট্ৰেলিয়া দলটোৰ ওপৰত ধনৰ বৰষুণ পাৰে। কেংগাৰু বাহিনীয়ে খিতাপৰ সৈতে ৩৩.৩১ কোটি টকা লাভ কৰে। একে সময়তে, ভাৰতে ১৬.৬৫ কোটি টকা লাভ কৰে। প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ আগতেই আইচিচিয়ে পুৰষ্কাৰৰ ধন ঘোষণা কৰিছিল। তেওঁলোকে টকা খৰচ কৰিছিল। ৮৩.২৯ কোটি ডলাৰ (১০ নিযুত আমেৰিকান ডলাৰ) বাজেট তৈয়াৰ কৰা হৈছিল। ইয়াৰ ভিতৰত,…
Read More
মহাৰাষ্ট্ৰত ভয়ংকৰ নাও দুৰ্ঘটনা, ১৮ জনক উদ্ধাৰ, ২জন সন্ধানহীন

মহাৰাষ্ট্ৰত ভয়ংকৰ নাও দুৰ্ঘটনা, ১৮ জনক উদ্ধাৰ, ২জন সন্ধানহীন

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ বৈতৰ্না নদীত সোমবাৰে পুৱা ২০ জন শ্ৰমিক কঢ়িওৱা এখন টাগ নাও বাগৰি পৰাত কমেও দুজন লোক নিৰুদ্দেশ হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। এই পৰ্যন্ত ১৮ জন শ্ৰমিকক উদ্ধাৰ কৰা হৈছে বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে। পুৱা প্ৰায় ৬ বজাত জেএনপিটি-বদোদৰা এক্সপ্ৰেছৱে নিৰ্মাণৰ কামত নিয়োজিত কোম্পানী এটাৰ টাগ নাওত যাত্ৰা কৰি থকা অৱস্থাত এই ঘটনা সংঘটিত হয়। এই প্ৰকল্পৰ অংশ হিচাপে নদীখনৰ ওপৰত এখন দলং নিৰ্মাণৰ কাম চলি আছে। নাওখন নদীৰ মাজত থকাৰ সময়তে নাওখন উলটি যায় যাৰ পিছত সকলো শ্ৰমিক জলভাগত পৰি যায় বুলি বিষয়াগৰাকীয়ে জনায়। আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু জিলা প্ৰশাসনক এই বিষয়ে অৱগত কৰা হয়…
Read More
ভয়ংকৰ অগ্নিকাণ্ড! নিমিষতে জ্বলি ভষ্মীভূত ৩৫ খন মাছমৰীয়াৰ নাও

ভয়ংকৰ অগ্নিকাণ্ড! নিমিষতে জ্বলি ভষ্মীভূত ৩৫ খন মাছমৰীয়াৰ নাও

সোমবাৰে পুৱা বিশাখাপট্টনমৰ এটা জেটি এলেকাত সংঘটিত ভয়াবহ অগ্নিকাণ্ডত জ্বলি ভষ্মীভূত হয় কমেও ৩৫খন মাছ ধৰা নাও। জিৰ’ জেটি এলেকাত এখন নাওৰ পৰা বিয়পি পৰা জুইয়ে কিছু সময়ৰ ভিতৰতে আন কেইবাখনো নাও ভষ্মীভূত কৰে। বিশাখাপট্টনম কণ্টেইনাৰ টাৰ্মিনেলৰ সমীপৱৰ্তী অঞ্চল আৰু ভাৰতীয় তৈল নিগমৰ মাছ ধৰা নাও ৰখাই থোৱা অঞ্চলত এই অগ্নিকাণ্ড সংঘটিত হয়। বিশাখাপট্টনম জিলা অগ্নিনিৰ্বাপক বিষয়া এছ ৰেনুকায়াই পিটিআইক জনোৱা মতে, দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীয়ে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়। বিষয়াগৰাকীয়ে কয় যে এই পৰ্যন্ত কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই। ৰেনুকায়াই জনোৱা মতে, অগ্নিনিৰ্বাপক বাহিনীয়ে আধা ঘণ্টাৰ ভিতৰতে ওচৰৰ আন নাওলৈ জুই বিয়পি পৰাৰ…
Read More
কৰিমগঞ্জত আৰক্ষীৰ অভিযানত ৫০ লাখ টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ জব্দ, এজনক আটক

কৰিমগঞ্জত আৰক্ষীৰ অভিযানত ৫০ লাখ টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ জব্দ, এজনক আটক

শুকুৰবাৰে কৰিমগঞ্জৰ সৰগোলা অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অটোৰিক্সা এলেকাত অভিযান চলাই আৰক্ষীয়ে ৫০ লাখ টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। সূত্ৰ অনুসৰি আৰক্ষীৰ এটা দলে এ এছ ১০ চি ২৯৪০ নম্বৰ এখন অটোৰিক্সাত তালাচী চলাই ৪৮টা পেকেটত লুকাই ৰখা বৃহৎ পৰিমাণৰ য়াবা টেবলেট জব্দ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিয়াজ উদ্দিন নামৰ অটোৰিক্সা চালকজনৰ পৰা উদ্ধাৰ কৰা হৈছে ১০৬০ কিলোগ্ৰাম ওজনৰ প্ৰায় ৯৬০০ য়াবা টেবলেট। কৰিমগঞ্জ সদৰ আৰক্ষীয়ে জেৰাৰ বাবে আটক কৰে নিয়াজ উদ্দিনক।
Read More
ভাৰত-অষ্ট্ৰেলিয়াৰ বিশ্বকাপ ফাইনেলৰ খেল উপভোগ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে…

ভাৰত-অষ্ট্ৰেলিয়াৰ বিশ্বকাপ ফাইনেলৰ খেল উপভোগ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে…

দেওবাৰে অনুষ্ঠিত হ’বলগীয়া ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। দেওবাৰে সন্ধিয়া আহমেদাবাদত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোডী। আহমেদাবাদ ক্ৰিকেট ষ্টেডিয়ামত উপস্থিত হৈ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বিশ্বকাপৰ ফাইনেল খেল উপভোগ কৰিব। এই সময়ছোৱাত দুই তিনিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীও উপস্থিত থাকিব। দেওবাৰে প্ৰধানমন্ত্ৰী মোডীৰ গুজৰাট ভ্ৰমণৰ সম্পূৰ্ণ সময়সূচী প্ৰকাশ কৰা হৈছে। আচলতে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা বিশ্বকাপৰ অন্তিমখন খেল আহমেদাবাদত অৱস্থিত ‘নৰেন্দ্ৰ মোডী ক্ৰিকেট ষ্টেডিয়াম’ত অনুষ্ঠিত হ’ব। ১.৩ লাখতকৈ অধিক দৰ্শকৰ ক্ষমতা থকা এই ষ্টেডিয়ামখন বিশ্বৰ অন্যতম বৃহৎ ষ্টেডিয়াম। প্ৰধানমন্ত্ৰী মোডীৰ উপৰিও বিচিচিআইৰ বহু গুৰুত্বপূৰ্ণ বিষয়া তথা বৰ্তমানলৈকে বিশ্বকাপ জয় কৰা অধিনায়কসকলো ষ্টেডিয়ামত উপস্থিত থাকিব। ভাৰতীয় ক্ৰিকেট দলৰ ৰূপলৈ…
Read More
তেওঁ অত্যাধিক কথা কৈছে, তেওঁৰ কথা কোনেও ভাল পোৱা নাইঃ অসমৰ মুখ্যমন্ত্ৰীক তুলাধূনা ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ

তেওঁ অত্যাধিক কথা কৈছে, তেওঁৰ কথা কোনেও ভাল পোৱা নাইঃ অসমৰ মুখ্যমন্ত্ৰীক তুলাধূনা ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ

ৰাজস্থানত বিধানসভা নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী অশোক গেহলটে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰিলে পৰামৰ্শ। অসমৰ মুখ্যমন্ত্ৰীৰ এক বক্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰি গেহলটে কয়, ‘তেওঁ অত্যাধিক কথা কৈছে, তেওঁক কোনেও ভাল পোৱা নাই, তেওঁ গোটেই জীৱন কংগ্ৰেছত আছিল।’ অসমৰ মুখ্যমন্ত্ৰী সন্দৰ্ভত গেহলটে কয় যে এতিয়া এনেধৰণৰ বক্তব্য দি তেওঁ বিজেপিৰ হাইকমাণ্ডৰ চৰ্ত পূৰণ কৰিছে। তেওঁ বিজেপি হাইকমাণ্ডৰ প্ৰতি নিজৰ আনুগত্য পূৰণ কৰিছে। এই কথা কৈ তেওঁলোকে দেখুৱাব বিচাৰিছে যে আমি বিজেপি কেডাৰতকৈ কম দেখা নাপাওঁ। নিৰ্বাচনত ৰাজ্য চৰকাৰৰ কাম-কাজৰ ওপৰত ভোট বিচাৰিব লাগে। যোৱা ৫ বছৰত আমি কৰা কামবোৰক লৈ চৰ্চা হ'ব লাগে। ৰাজস্থানত বিজেপিক লৈ ৰাইজে হাঁহিছে। বিজেপিৰ বাহিৰৰ…
Read More