editor

3175 Posts
তিনিচুকীয়াত সেনা শিৱিৰৰ সন্মুখত গ্ৰেণেড আক্ৰমণ, ধৃত ২ আক্ৰমণকাৰী যুৱক

তিনিচুকীয়াত সেনা শিৱিৰৰ সন্মুখত গ্ৰেণেড আক্ৰমণ, ধৃত ২ আক্ৰমণকাৰী যুৱক

এইবাৰ উত্তৰ-পূৰ্বাঞ্চলৰ সেনা শিবিৰৰ সন্মুখত সংঘটিত হয় গ্ৰেনেড আক্ৰমণ। বৃহস্পতিবাৰে পুৱা মটৰবাইকত অহা দুজন যুৱকে তিনিচুকীয়াত সেনা শিবিৰৰ সন্মুখত গ্ৰেনেড নিক্ষেপ কৰে। সেনাই গ্ৰেপ্তাৰ কৰে যুৱক দুজনক। আৰক্ষীক গতাই দিয়া হৈছে। সেনা সূত্ৰৰ পৰা জানিব পৰা মতে, যুৱক দুজনে শিবিৰৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত গ্ৰেনেড নিক্ষেপ কৰে। শিবিৰৰ ভিতৰত গ্ৰেনেড দলিয়াই দিবলৈ চেষ্টা কৰে। কিন্তু লক্ষ্য হেৰুৱাই প্ৰৱেশদ্বাৰৰ সন্মুখত বিস্ফোৰণ ঘটে। এই ঘটনাত কোনো লোক আহত হোৱা নাই। এজন সেনা বিষয়াই কয় যে আক্ৰমণকাৰীয়ে পলাবলৈ চেষ্টা কৰিছিল যদিও শিবিৰৰ প্ৰৱেশদ্বাৰত পহৰা দি থকা জোৱানে তেওঁলোকক আটক কৰিবলৈ সক্ষম হয়। প্ৰথম অৱস্থাত আৰক্ষীয়ে ইয়াক সন্ত্ৰাসবাদী আক্ৰমণ বুলি গণ্য কৰে। প্ৰসংগক্ৰমে বিজেপি চৰকাৰৰ…
Read More
ইজৰাইল আৰু হামাছৰ মাজত চাৰি দিনৰ বাবে যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ

ইজৰাইল আৰু হামাছৰ মাজত চাৰি দিনৰ বাবে যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ

কাটাৰে যুদ্ধবিৰতি আৰু পণবন্দীসকলৰ মুক্তিৰ ক্ষেত্ৰত ইজৰাইল আৰু হামাছৰ মাজত হোৱা চুক্তিত অনুমোদন জনাইছে। এই চুক্তিয়ে ছয় সপ্তাহৰ যুদ্ধত প্ৰথম অস্থায়ী যুদ্ধবিৰতি চিহ্নিত কৰিব আৰু গাজা ষ্ট্ৰিপত হামাছৰ হাতত পণবন্দীক মুক্তি দিয়া আৰু পেলেস্তাইন বন্দীসকলৰ মুক্তিৰ পথ প্ৰশস্ত কৰিব। কাটাৰৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে যুদ্ধবিৰতি কেতিয়া কাৰ্যকৰী হ'ব সেই সন্দৰ্ভত অহা ২৪ ঘণ্টাৰ ভিতৰত ঘোষণা কৰা হ'ব। যুদ্ধবিৰতি চাৰি দিনৰ বাবে হ'ব।আজি পুৱা কাটাৰৰ বৈদেশিক মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতিত ইয়াক ইজিপ্ত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কাটাৰৰ মানৱীয় যুদ্ধবিৰতিৰ বাবে মধ্যস্থতা আলোচনাৰ ফলাফল বুলি বৰ্ণনা কৰি এই ঘোষণা কৰে। য'ত উল্লেখ আছে- যেতিয়া যুদ্ধবিৰতি কাৰ্যকৰী হ'ব সেয়া অহা ২৪ ঘণ্টাৰ ভিতৰত…
Read More
তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত পালন হ’ব গুৰু নানকৰ ৫৫৪ তম জন্ম- জয়ন্তী

তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত পালন হ’ব গুৰু নানকৰ ৫৫৪ তম জন্ম- জয়ন্তী

শিখ ধৰ্মৰ প্ৰৱৰ্তক তথা শিখৰ প্ৰথম গুৰু- গুৰু নানকৰ ৫৫৪ তম জন্ম- জয়ন্তী উৎসৱটো অতি উলহ মালহৰে গুৱাহাটী গুৰুদ্বাৰা প্ৰৱন্ধক কমিটীয়ে বৃহত্তৰ গুৱাহাটী শিখ সমাজৰ হৈ গোপীনাথ নগৰ গুৰুদ্বাৰাত অহা ২৫, ২৬ আৰু ২৭ নৱেম্বৰত তিনি দিনীয়া কাৰ্যসূচীৰে পালন কৰিবলৈ বিশাল আয়োজন কৰিছে। এই উদ্দেশ্যৰে যোৱা ৩ নবেম্বৰৰ পৰা ফাঁচী বজাৰ গুৰুদ্বাৰাত ১৩ টি পৱিত্ৰ - অখন্দ পাঠৰ প্ৰথমটি অখন্দ- পাঠ আৰম্ভ কৰি আজি তাৰিখলৈ দহটি অখন্দ - পাঠ সমাপ্ত কৰি এঘাৰ নম্বৰৰ অখন্দ পাঠ চলাই আছে। ২৫ নৱেম্বৰত বাৰ নম্বৰ অখন্দ পাঠৰ "ভোগ " ফাচী বজাৰ গুৰুদ্বাৰাত পূৱা ৯ বজাত পৰাৰ পিছতেই সেই দিনাই পুৱা ১০ বজাৰ পৰা গুৰুদ্বাৰা…
Read More
আবকাৰী নীতি গোচৰত কাৰাবন্দী আপ নেতা মণীষ ছিছ’দিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ ১১ ডিচেম্বৰলৈ বৃদ্ধি…

আবকাৰী নীতি গোচৰত কাৰাবন্দী আপ নেতা মণীষ ছিছ’দিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ ১১ ডিচেম্বৰলৈ বৃদ্ধি…

দিল্লী আবকাৰী নীতিৰ গোচৰত ৰাউজ এভিনিউ আদালতৰ পৰা সকাহ পোৱা নাই আম আদমী পাৰ্টিৰ নেতা তথা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াই। আদালতে তেওঁৰ ন্যায়িক জিম্মা ১১ ডিচেম্বৰলৈ বৃদ্ধি কৰিছে। আদালতে এই গোচৰৰ বিতং শুনানি গ্ৰহণ কৰি কয় যে অভিযুক্ত ব্যক্তিসকলৰ বিৰুদ্ধে এতিয়াও বহু নথি-পত্ৰ ইডিয়ে দাখিল কৰিবলৈ বাকী আছে। ইফালে আদালতে অধিবক্তাসকলৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি ২০৭ চি আৰ পি চিৰ মানি চলাৰ কাম অতি সোনকালে সম্পূৰ্ণ কৰিবলৈ কয় যাতে শুনানি আৰম্ভ হ’ব পাৰে। ইয়াৰ উপৰিও আদালতে ইডিক জাননী জাৰি কৰি বিনয় বাবুৰ অন্তৱৰ্তীকালীন জামিন আবেদন সন্দৰ্ভত যুক্তিৰ বাবে ২৪ নৱেম্বৰ নিৰ্ধাৰণ কৰে। ইয়াৰ পূৰ্বে মনীষ চিছ’দিয়াই উচ্চতম ন্যায়ালয়ৰো কাষ…
Read More
জাতি গণনা হৈছে দেশৰ এক্স-ৰে! আমি ক্ষমতালৈ আহিলে সমগ্ৰ দেশতে জাতিগত গণনা কৰিমঃ ৰাহুল গান্ধী

জাতি গণনা হৈছে দেশৰ এক্স-ৰে! আমি ক্ষমতালৈ আহিলে সমগ্ৰ দেশতে জাতিগত গণনা কৰিমঃ ৰাহুল গান্ধী

২৫ নৱেম্বৰত ৰাজস্থানত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। তাৰ পূৰ্বে পূৰ্ণ গতিত চলিছে বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ। একে ক্ৰমতে উদয়পুৰৰ বল্লভনগৰত নিৰ্বাচনী সভাত ভাষণ দি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিৰোধী ভাৰতীয় জনতা পাৰ্টি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণ কৰে। তেওঁ কয় যে ভাৰতবৰ্ষ এখন প্ৰেম, ভাতৃত্ববোধ আৰু সন্মানৰ দেশ। বিজেপিক আক্ৰমণ কৰি তেওঁ কয়, ‘প্ৰথমে জাতি জনগণনা হ’ব লাগে। সকলোৰে সংখ্যা গম পোৱা যাব। মই লোকসভাত জাতি লোকপিয়লৰ বিষয়টো উত্থাপন কৰা দিনটোৰ পাছত নৰেন্দ্ৰ মোডীৰ কণ্ঠ সম্পূর্ণৰূপে সলনি হ’ল৷ প্ৰশ্ন হয় বিজেপিয়ে কিয় দেশত ঘৃণা বিয়পাই দিয়ে। কিয় বিজেপিয়ে মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যাৰ কথা নকয়?’ মঙলবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে জাতি লোকপিয়লৰ বিষয়টো…
Read More
চিনেমাৰ কায়দাত আৰক্ষীৰ সন্মুখতে আৰক্ষীৰ বাহন চুৰি কৰি পলায়ন অভিযুক্তৰ, ৩ ঘণ্টীয়া অভিযানৰ অন্তত হ’ল আটক

চিনেমাৰ কায়দাত আৰক্ষীৰ সন্মুখতে আৰক্ষীৰ বাহন চুৰি কৰি পলায়ন অভিযুক্তৰ, ৩ ঘণ্টীয়া অভিযানৰ অন্তত হ’ল আটক

কোৱা হয় যে চিনেমা সমাজৰ দাপোন, ছবিত বাস্তৱত যি দেখুওৱা হয় সেয়াহে দেখুওৱা হয়, কিন্তু বহু সময়ত মানুহে কেৱল ছবিৰ জৰিয়তেহে নতুন তথ্য লাভ কৰে। তেনে এটা গোচৰ পোহৰলৈ আহিছে কৰ্ণাটকৰ পৰা, য’ত আৰক্ষীৰ সন্মুখত এজন ব্যক্তিয়ে আৰক্ষীৰ বাহন লৈ ফিল্মী ষ্টাইলত পলায়ন কৰে। কিন্তু বহু সংগ্ৰামৰ অন্তত আৰক্ষীয়ে তেওঁক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। এই ঘটনা সংঘটিত হৈছে টুমাকুৰু জিলাৰ গুব্বি তালুকৰ নৰনহল্লী গাঁৱত। আচলতে সোমবাৰে (২০ নৱেম্বৰ) নিশা মুনিয়া আনুআটাৰ জ্যেষ্ঠ ভাতৃৰ সৈতে কোনো এটা বিষয়ক লৈ তীব্ৰ কাজিয়া হৈছিল। ক্ৰমান্বয়ে বিষয়টো তীব্ৰতৰ হৈ পৰিল। ইফালে মুনিয়াৰ ভাতৃয়ে ফোন কৰি আৰক্ষীক এই বিষয়ে অৱগত কৰে। তথ্য পোৱাৰ লগে লগে…
Read More
তাৰিখ পে তাৰিখ নহয়, পেৰ’ল পে পেৰ’ল! ৪ বছৰত ৬ মাহেই কাৰাগাৰৰ বাহিৰত কাৰাবন্দী স্বয়ম্ভূ ভগৱান ৰাম ৰহিম

তাৰিখ পে তাৰিখ নহয়, পেৰ’ল পে পেৰ’ল! ৪ বছৰত ৬ মাহেই কাৰাগাৰৰ বাহিৰত কাৰাবন্দী স্বয়ম্ভূ ভগৱান ৰাম ৰহিম

চাৰি বছৰত ছমাহেই কাৰাগাৰৰ বাহিৰত! এয়াই হৈছে ধৰ্ষণ আৰু হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা ডেৰা সচ্চা সৌদাৰ মুৰব্বী গুৰমীত ৰাম ৰহিমৰ কাৰাবাসৰ হিচাব-নিকাচ। ৰোহটকৰ সুনাৰিয়া কাৰাগাৰত ১৯৯৭ নম্বৰৰ বন্দী হিচাপে শাস্তি ভুগি আছে ৰাম ৰহিমে, কিন্তু ২০ নৱেম্বৰ সোমবাৰে হাৰিয়ানা চৰকাৰৰ পৰা ২১ দিনৰ পেৰোল পোৱাৰ পিছত আজি পুনৰ কাৰাগাৰৰ পৰা ওলাই আহিব পাৰিব ৰাম ৰহিমে। ২০২৩ চনত তৃতীয়বাৰৰ বাবে জেলৰ পৰা ওলাই আহিছে ৰাম ৰহিম। এইবাৰো তেওঁ উত্তৰ প্ৰদেশৰ বৰ্ণৱা আশ্ৰমত থাকিব। বৰ্ণাৱা আশ্ৰমত কটোৱা পেৰ’ল আৰু ফাৰ্ল’ৰ সময়ত তেওঁৰ আচৰণৰ কথা মনত ৰাখি ৰোহটক প্ৰশাসনে পুনৰবাৰ ফাৰ্ল’ প্ৰদান কৰিছে ৰাম ৰহিমক। চলিত বৰ্ষৰ আৰম্ভণিতে ডেৰা সচ্চা সৌদাৰ…
Read More
পুনৰ মণিপুৰত হিংসাৰ দাবানল! প্ৰচণ্ড গুলীয়াগুলিত আৰক্ষী জোৱানসহ নিহত ২

পুনৰ মণিপুৰত হিংসাৰ দাবানল! প্ৰচণ্ড গুলীয়াগুলিত আৰক্ষী জোৱানসহ নিহত ২

মণিপুৰত পুনৰ আৰম্ভ হৈছে হিংসা। সোমবাৰে সংঘটিত হিংসাত্মক কাণ্ডত কাংপকপি জিলাত দুটা প্ৰতিদ্বন্দ্বী গোটৰ মাজত হোৱা গুলীচালনাৰ সময়ত ৬ নং আই আৰ বিৰ এজন আৰক্ষী জোৱান হেনমিনলেন ভাইফেইকে ধৰি দুজন ব্যক্তিয়ে প্ৰাণ হেৰুৱায়। আৰক্ষীৰ মতে, হাৰোথেল আৰু কোবছা গাঁৱৰ মাজৰ এটা স্থানত গুলীচালনা সংঘটিত হয় যদিও গুলীচালনাৰ কাৰণ কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এটা জনজাতীয় সংগঠনে দাবী কৰিছিল যে কুকি-জো সম্প্ৰদায়ৰ লোকক কোনো প্ৰৰোচনা নকৰাকৈ আক্ৰমণ কৰা হৈছিল। তদুপৰি জিলাখনতো বন্ধ ঘোষণা কৰা হৈছে। উল্লেখ্য যে, মে’ মাহৰ আৰম্ভণিতে উত্তৰ-পূব ৰাজ্যখনত মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত জাতিগত সংঘাত আৰম্ভ হোৱাৰ পিছৰে পৰা অঞ্চলটোত গাঁৱৰ মানুহৰ মাজত গুলীচালনাৰ কেইবাটাও ঘটনা…
Read More
আৰণ্যকৰ জি আই এছ দিৱস উদযাপন

আৰণ্যকৰ জি আই এছ দিৱস উদযাপন

বিশ্বজোৰা জি আই এছ (ভৌগোলিক তথ্য ব্যৱস্থা) দিৱস উদযাপনৰ অংশ হিচাপে উত্তৰ পূৱৰ অগ্ৰণী গৱেষণা-চালিত সংৰক্ষণ সংস্থা আৰণ্যকৰ ভূ-স্থানিক প্ৰযুক্তিবিদ্যা আৰু প্ৰয়োগ বিভাগৰ (জি টি এ ডি) উদ্যোগত গুৱাহাটীত ভূ-স্থানিক প্ৰযুক্তিবিদ্যা বিষয়ক দুটা কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । শিক্ষা, গৱেষণা, আৰু পৰিকল্পনাৰ বিভিন্ন দিশত ভূ-স্থানিক প্ৰযুক্তিৰ গুৰুত্বক দাঙি ধৰাৰ উদ্দেশ্যে পৰিৱেশ ব্যৱস্থা গৱেষণা প্ৰতিষ্ঠান ইনকৰ্পৰেশ্যনৰ পৃষ্ঠপোষকতাত প্ৰতি বছৰৰ নৱেম্বৰ মাহৰ তৃতীয় বুধবাৰে বিশ্বজুৰি জি আই এছ দিৱস উদযাপন কৰা হয় । ১৬ নৱেম্বৰত অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ বিষয়াসকলৰ বাবে ভূ-স্থানিক প্ৰযুক্তিবিদ্যা সম্পৰ্কীয় এখন দিনজোৰা কৰ্মশালাৰ আয়োজন কৰা হয়। পৰিষদৰ অধ্যক্ষ অৰূপ কুমাৰ মিশ্ৰই কৰ্মশালা উদ্বোধন কৰি ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ বন্যপ্ৰাণী…
Read More
ষ্টেণ্ড-আপ কমেডি শ্ব’ “বীৰ দাস: লেণ্ডিং”ৰ বাবে বীৰ দাসলৈ Emmy Awards

ষ্টেণ্ড-আপ কমেডি শ্ব’ “বীৰ দাস: লেণ্ডিং”ৰ বাবে বীৰ দাসলৈ Emmy Awards

ভাৰতীয় অভিনেতা তথা কৌতুক অভিনেতা বীৰ দাসে নেটফ্লিক্সত সম্প্ৰচাৰিত তেওঁৰ বিশেষ ষ্টেণ্ড-আপ কমেডি শ্ব' "বীৰ দাস: লেণ্ডিং"ৰ বাবে শ্ৰেষ্ঠ কমেডি চিৰিজ শ্ৰেণীত এমি বঁটা (Emmy Awards) লাভ কৰিছে আৰু এই সন্মান তেওঁৰ দেশবাসীক উৎসৰ্গা কৰিছে। এই বঁটা প্ৰদান অনুষ্ঠান সোমবাৰে নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰৰ নিউয়ৰ্ক হিল্টন মিডটাউনত অনুষ্ঠিত হয়। দাসক দ্বিতীয় এমি বঁটাৰ বাবে মনোনীত কৰা হৈছিল আৰু এই শ্ৰেণীত প্ৰথমবাৰৰ বাবে বঁটা লাভ কৰিছে। দাসে জনপ্ৰিয় ব্ৰিটিছ টিন কমেডি শ্ব' "ডেইৰী গাৰ্লছ"ৰ তৃতীয় চিজনৰ সৈতে ট্ৰফী ভাগ বতৰা কৰে। দাসে কয় যে শ্ৰেষ্ঠ কৌতুক শৃংখলাৰ বাবে আন্তৰ্জাতিক এমি বঁটা লাভ কৰাটো এক অভূতপূৰ্ব সন্মান, যিটো সপোন সঁচা হোৱাৰ…
Read More