editor

3175 Posts
যোৰহাট বিস্ফোৰণ কাণ্ডঃ আলফা স্বাধীনৰ সন্দেহযুক্ত লিংকমেনক গ্ৰেপ্তাৰ আৰক্ষীৰ

যোৰহাট বিস্ফোৰণ কাণ্ডঃ আলফা স্বাধীনৰ সন্দেহযুক্ত লিংকমেনক গ্ৰেপ্তাৰ আৰক্ষীৰ

যোৰহাট জিলাত সংঘটিত গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত নিষিদ্ধ সংগঠন আলফা স্বাধীনৰ এজন সন্দেহযুক্ত লিংকমেনক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰাৰম্ভিক তথ্য অনুসৰি লিচুবাৰী সেনা শিবিৰত সংঘটিত গ্ৰেনেড বিস্ফোৰণৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জুমন বৰা নামৰ সন্দেহযুক্ত লিংকমেনজনক। সন্দেহযুক্ত লিংকমেনজনৰ ছ’চিয়েল মিডিয়া হেণ্ডেল পৰীক্ষা কৰাৰ পিছত অসম আৰক্ষীৰ বিৰুদ্ধে কৰা কেইবাটাও পোষ্ট ধৰা পেলায়। ইয়াৰ পূৰ্বেও তেওঁক তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বুলিও চৰ্চালৈ আহিছে।
Read More
উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ ডিটিঅ’ আৰু বলবৎকাৰী পৰীক্ষক

উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ ডিটিঅ’ আৰু বলবৎকাৰী পৰীক্ষক

কৰিমগঞ্জৰ জিলা পৰিবহণ বিষয়া (ভাৰপ্ৰাপ্ত) আৰু বলবৎকাৰী পৰীক্ষকক বুধবাৰে সন্ধিয়া সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ এটা দলে উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে। বুধবাৰে অভিযোগকাৰীৰ বাহনখন মুক্তভাৱে চলাচল কৰাৰ অনুমতি দিয়াৰ বাবে ডিটিঅ’ চাহাব উদ্দিন তপাদাৰৰ সৈতে ষড়যন্ত্ৰ কৰি উৎকোচ গ্ৰহণ কৰাৰ পিছত বলবৎকাৰী পৰীক্ষক আবু ছালেহ এম ডি জাকাৰিয়াক হাতে-লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই। পিছত তপাদাৰকো এই উৎকোচ কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। ইফালে কৰিমগঞ্জ আৰু গুৱাহাটীত আটকাধীন দুয়োগৰাকী বিষয়াৰ ঘৰত তালাচী চলোৱা হয়। কৰিমগঞ্জৰ ডিটিঅ’ৰ কাৰ্যালয়ৰ বিৰুদ্ধে ধাৰাবাহিক অভিযোগ উত্থাপন হোৱাৰ পিছতে শীৰ্ষ বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছতে ৰাইজে সকাহ ব্যক্ত কৰিছে। জানিব পৰা মতে কৰিমগঞ্জ…
Read More
পুনৰ নাৰী নিৰ্যাতনৰ ঘটনাৰ শীৰ্ষত যোগীৰাজ্য উত্তৰ প্ৰদেশ! সদনত জনালে গৃহ মন্ত্ৰণালয়ে…

পুনৰ নাৰী নিৰ্যাতনৰ ঘটনাৰ শীৰ্ষত যোগীৰাজ্য উত্তৰ প্ৰদেশ! সদনত জনালে গৃহ মন্ত্ৰণালয়ে…

আকৌ এবাৰ পোহৰলৈ আহিছে বিজেপি শাসিত চৰকাৰৰ আইন-শৃংখলাৰ প্ৰকৃত ছবি। সমগ্ৰ দেশতে মহিলা আৰু শিশুৰ ওপৰত হোৱা হিংসাৰ শীৰ্ষত দুখনকৈ বিজেপি শাসিত ৰাজ্য উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰ। অভিষেক বেনাৰ্জীৰ লিখিত প্ৰশ্নৰ উত্তৰত মঙলবাৰে এই তথ্য প্ৰদান কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। তৃণমূল কংগ্ৰেছৰ ডাইমণ্ড হাৰ্বাৰ লোকসভা সমষ্টিৰ সাংসদগৰাকীক অমিত শ্বাহৰ মন্ত্ৰালয়ে জনোৱা মতে, ২০২২ চনত দেশৰ মুঠ মহিলা ধৰ্ষণৰ ১৫ শতাংশতকৈ অধিক ঘটনা উত্তৰ প্ৰদেশৰ যোগী ৰাজ্যত সংঘটিত হৈছিল। আনহাতে, হিন্দুত্ববাদৰ পতাকা উৰুৱাই শিৱসেনা (শিন্দে)-বিজেপি মিত্ৰজোঁটৰ শাসিত মহাৰাষ্ট্ৰ শিশু নিৰ্যাতনৰ ক্ষেত্ৰত শীৰ্ষত আছে। মুঠ নিৰ্যাতনৰ প্ৰায় ১৪ শতাংশ আৰব সাগৰৰ সীমান্তৱৰ্তী ৰাজ্যসমূহত সংঘটিত হৈছে। দ্বিতীয় স্থানত মধ্যপ্ৰদেশ আন এক গেৰুৱা শাসিত…
Read More
একাপ চাহক লৈ তুমুল কাজিয়া! তাৰ পিছতে পত্নীক নৃশংসভাৱে হত্যা স্বামীৰ

একাপ চাহক লৈ তুমুল কাজিয়া! তাৰ পিছতে পত্নীক নৃশংসভাৱে হত্যা স্বামীৰ

একাপ চাহৰ বাবেই সংঘটিত হ’ল এক নৃশংস হত্যাকাণ্ড। চাহক লৈ সূত্ৰপাত হোৱা কাজিয়াৰ পিছতে পত্নীক নিৰ্মমভাৱে হত্যা কৰে স্বামীয়ে। দম্পতীহালৰ পুত্ৰৰ পৰা এজাহাৰ লাভ কৰাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হত্যাকাৰী লোকজনক। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত। জানিব পৰা মতে ধৰমবীৰ নামৰ এজন ব্যক্তিয়ে পত্নী সুন্দৰীৰ লগত চাহক লৈ কাজিয়াত লিপ্ত হৈছিল। অভিযোগ অনুসৰি ইয়াৰ পিছতে কাজিয়া তীব্ৰতৰ হৈ পৰে। সেই সময়ত ধৰমবীৰে তৰোৱালৰ দৰে চোকা অস্ত্ৰ লৈ দৌৰি আহি পত্নীৰ ওপৰত আক্ৰমণ চলায়। যাৰ ফলত থিতাতে ঢলি পৰি মৃত্যু ঘটে মহিলাগৰাকীৰ। ইফালে ঘটনাৰ পিছতে পলায়ন কৰে ধৰমবীৰে। দম্পতীহালৰ পুত্ৰৰ এজাহাৰ লাভ কৰাৰ পিছতে সেই স্থানত উপস্থিত হয় আৰক্ষী।…
Read More
তামিলনাডুত প্ৰকৃতিৰ বিভীষিকা, এতিয়ালৈকে ১০ জনৰ মৃত্যু

তামিলনাডুত প্ৰকৃতিৰ বিভীষিকা, এতিয়ালৈকে ১০ জনৰ মৃত্যু

তামিলনাডুত প্ৰচণ্ড বৰষুণৰ ফলত সৃষ্টি হোৱা ভয়ংকৰ দুৰ্যোগ পৰিস্থিতিৰ এতিয়ালৈকে ১০ জন লোকৰ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে। কৰ্তৃপক্ষই উদ্ধাৰ আৰু সাহায্য অভিযান চলাই থকাৰ সময়তে কেইবাটাও অঞ্চল বানপানীৰ তলত বুৰ গৈ আছে। তামিলনাডু ৰাজ ভৱনে ছ’চিয়েল মিডিয়াত অৱগত কৰে যে পৰিস্থিতি “বিশেষকৈ থুথুকুড়ি আৰু তিৰুনেলভেলী” জিলাত অতি বেয়া হৈ আছে। তামিলনাডুৰ কিছু অংশত প্ৰচণ্ড বৰষুণ অব্যাহত থকাৰ সময়তে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে বুধবাৰেও ৰাজ্যখনত কোনো ডাঙৰ সতৰ্কবাণী জাৰি কৰা নাই। বতৰ বিভাগে কয় যে, "দক্ষিণ তামিলনাডুৰ উপকূলৰ কাষে কাষে আৰু ইয়াৰ কাষত, মান্নাৰ উপসাগৰ আৰু ইয়াৰ কাষৰীয়া ক'ম'ৰিন অঞ্চলত ঘণ্টাত ৪০-৪৫ কিলোমিটাৰ বেগেৰে বতাহৰ গতিবেগেৰে ধুমুহাৰ দৰে বতৰৰ…
Read More
মণিপুৰত অব্যাহত আছে অপ্ৰীতিকৰ পৰিস্থিতি! পুনৰ ৫ দিনৰ বাবে বন্ধ ইণ্টাৰনেট সেৱা

মণিপুৰত অব্যাহত আছে অপ্ৰীতিকৰ পৰিস্থিতি! পুনৰ ৫ দিনৰ বাবে বন্ধ ইণ্টাৰনেট সেৱা

বিগত কেইবামাহো ধৰি মণিপুৰত জ্বলি আছে হিংসাৰ দাবানল। ৰাজ্যখনৰ দুটা জনগোষ্ঠীৰ মাজত হোৱা হিংসাই এক বৃহৎ ৰূপ ধাৰণ কৰিছে। এই সময়ছোৱাত বহু লোকে প্ৰাণ হেৰুৱাইছে। বহু লোক গৃহহীন হৈ পৰিছে। সোমবাৰে জিৰিবাম জিলাত এজন আৰক্ষীয়ে ৩২ বছৰীয়া এজন যুৱকক গুলীয়াই হত্যা কৰে। এই হত্যাকাণ্ডত ক্ষুব্ধ হৈ মঙলবাৰে আৰক্ষী জোইতম অৰুন্ত সিঙৰ ঘৰত আক্রমণ কৰি ক্ষতিসাধন কৰে একাংশ লোকে৷ মণিপুৰত আকৌ এবাৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৫ দিনৰ বাবে ইন্টাৰনেট নিষিদ্ধ কৰাৰ বিপৰীতে চুৰাচান্দপুৰ জিলাত দুমাহৰ বাবে আই পি চিৰ ১৪৪ ধাৰাত নিষেধাজ্ঞা আদেশ জাৰি কৰা হৈছে। জিলা দণ্ডাধীশে এটা আদেশ জাৰি কৰি কয় যে দুয়োটা গোটৰ মাজত…
Read More
উপ-ৰাষ্ট্ৰপতিৰ মিমিক্ৰীক লৈ উত্তাল ৰাজনীতি! প্ৰধানমন্ত্ৰীৰ দুখ প্ৰকাশ, ৰাহুল গান্ধীৰ প্ৰতিমূৰ্তি দাহ কৰিব বিজেপিয়ে…

উপ-ৰাষ্ট্ৰপতিৰ মিমিক্ৰীক লৈ উত্তাল ৰাজনীতি! প্ৰধানমন্ত্ৰীৰ দুখ প্ৰকাশ, ৰাহুল গান্ধীৰ প্ৰতিমূৰ্তি দাহ কৰিব বিজেপিয়ে…

সংসদ পৰিসৰত একাংশ বিৰোধী সাংসদে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ মিমিক্ৰী কৰা বিষয়ক লৈ উত্তপ্ত হৈ পৰিছে ৰাজনীতি। উপ-ৰাষ্ট্ৰপতিৰ সন্মানত এঘণ্টা ধৰি ৰাজ্যসভাত থিয় দিছে এন ডি এৰ সকলো সাংসদ। লগতে বিজেপিয়ে সমগ্ৰ দেশতে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ প্ৰতিমূৰ্তি দাহ কৰাৰ কথা ঘোষণা কৰিছে। একে সময়তে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক ফোন কৰি একাংশ সাংসদৰ আচৰণক লৈ হতাশা প্ৰকাশ কৰে। একে সময়তে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও হতাশা প্ৰকাশ কৰিছে। দৰাচলতে কালি সংসদত বিৰোধীৰ প্ৰতিবাদৰ সময়ত তৃণমূল কংগ্ৰেছৰ নেতা কল্যাণ বেনাৰ্জীয়ে উপ-ৰাষ্ট্ৰপতি ধনখড়ক উপহাস কৰিছিল। নিলম্বনৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত উপ-ৰাষ্ট্ৰপতিৰ মিমিক্ৰী কৰিছিল তেওঁ। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে টুইট কৰি কয়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টেলিফোন কল…
Read More
জ্ঞানবাপী মছজিদ গোচৰ! মুছলমান পক্ষৰ সকলো আবেদন খাৰিজ উচ্চ ন্যায়ালয়ৰ

জ্ঞানবাপী মছজিদ গোচৰ! মুছলমান পক্ষৰ সকলো আবেদন খাৰিজ উচ্চ ন্যায়ালয়ৰ

জ্ঞানবাপী গোচৰত মুছলমান পক্ষই বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়। এলাহাবাদ উচ্চ ন্যায়ালয়ে তেওঁলোকে দাখিল কৰা সকলো আৱেদন খাৰিজ কৰে। মছজিদ চৌহদত মন্দিৰ পুনৰ নিৰ্মাণৰ বাবে দাখিল কৰা আবেদনৰ শুনানি ক্ষিপ্ৰতাৰে সমাপ্ত কৰিবলৈও বাৰাণসী আদালতক নিৰ্দেশ দিয়া হৈছে। মন কৰিবলগীয়া যে বাৰাণসী আদালতত হিন্দু পক্ষই দাখিল কৰা গোচৰৰ বৈধতাক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল অঞ্জুমান ইণ্টেজামিয়া মছজিদ সমিতি, উত্তৰ প্ৰদেশৰ চুন্নী কেন্দ্ৰীয় ৱাকফ ব’ৰ্ডকে ধৰি একাংশ মুছলমান সংগঠনে। তেওঁলোকৰ দাবী অনুসৰি ১৯৯১ চনৰ ধৰ্মস্থান আইন অনুসৰি জ্ঞানবাপীৰ ধৰ্মীয় চৰিত্ৰ আৰু শৈলী সলনি কৰিব নোৱাৰি। দেশখনক সাম্প্ৰদায়িক বিপদৰ পৰা বচাবলৈ প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওৰ চৰকাৰে প্ৰণয়ন কৰিছিল ধৰ্মস্থান আইন। জ্ঞানবাপী মছজিদ কৰ্তৃপক্ষই…
Read More
মাজনিশা ভয়ংকৰ পথ দুৰ্ঘটনা, আহত ৫ যুৱক

মাজনিশা ভয়ংকৰ পথ দুৰ্ঘটনা, আহত ৫ যুৱক

শিলচৰত নিশা সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৫ জন যুৱক। আহত আটাইকেইজন যুৱকক চিকিৎসাধীন হৈ থকাৰ সময়তে দুজনক সংকটজনক বুলি জানিব পৰা গৈছে। আৰক্ষী সূত্ৰই জনোৱা মতে, উধৰবন্ধৰ পৰা শিলচৰলৈ গৈ থকা আটাইকেইখন গাড়ীয়ে ৰোড ডিভাইডাৰত খুন্দা মাৰে। ঘটনাৰ পিছতে আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি প্ৰেৰণ কৰে হাস্পতাললৈ। তীব্ৰ গতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।
Read More
দেশত পুনৰ কোৰোনা আতংক! ৰাজ্য সমূহলৈ পৰামৰ্শ জাৰি কেন্দ্ৰীয় চৰকাৰৰ

দেশত পুনৰ কোৰোনা আতংক! ৰাজ্য সমূহলৈ পৰামৰ্শ জাৰি কেন্দ্ৰীয় চৰকাৰৰ

কেইবাখনো ৰাজ্যত শেহতীয়াকৈ পুনৰ কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতে সোমবাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ অহৰহ সতৰ্কতা বৰ্তাই ৰাখিবলৈ পৰামৰ্শ জাৰি কৰে কেন্দ্ৰীয় চৰকাৰে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ লিখা এখন পত্ৰত স্বাস্থ্য সচিব সুধনশ পণ্টে কোভিড পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নিৰীক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। পণ্টে কয়, “কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সামঞ্জস্যপূৰ্ণ আৰু সহযোগিতামূলক কাৰ্য্যৰ বাবে আমি বহনক্ষম কম হাৰত ট্ৰেজেক্টৰী বজাই ৰাখিবলৈ সক্ষম হৈছো।” স্বাস্থ্য সচিবগৰাকীয়ে সংহত স্বাস্থ্য তথ্য মঞ্চ (আইএইচআইপি) পৰ্টেলকে ধৰি সকলো স্বাস্থ্য সুবিধাত নিয়মীয়াকৈ জিলাভিত্তিক ইনফ্লুৱেঞ্জা সদৃশ ৰোগ (আইএলআই) আৰু গুৰুতৰ তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগ (ছাৰী) ৰোগীৰ নিৰীক্ষণ আৰু প্ৰতিবেদন নিশ্চিত কৰিবলৈ ৰাজ্যসমূহক…
Read More