editor

3175 Posts
আলফা-স্বাধীনৰ জ্যেষ্ঠ কেডাৰৰ বাসগৃহত আৰক্ষীৰ গুলীচালনাৰ অভিযোগ…

আলফা-স্বাধীনৰ জ্যেষ্ঠ কেডাৰৰ বাসগৃহত আৰক্ষীৰ গুলীচালনাৰ অভিযোগ…

বুধবাৰে তিনিচুকীয়া জিলাৰ শদিয়াত নিষিদ্ধ উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ এজন জ্যেষ্ঠ কেডাৰৰ বাসগৃহত আৰক্ষীয়ে গুলীচালনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। আলফা স্বাধীনৰ জ্যেষ্ঠ কেডাৰ আইচেং অসমৰ এজন আত্মীয়ই দাবী কৰা মতে, শদিয়া আৰক্ষীৰ এটা দলে তেওঁৰ বাসগৃহলৈ আহি তেওঁৰ গাড়ী চুচূৰ্মৈ কৰি গুলীচালনা কৰে। আলফাৰ কেডাৰ আইচেং অসমৰ বিষয়ে সোধা-পোছা কৰি এইদৰে আৰক্ষীয়ে গুলীচালনা সংঘটিত কৰি আতংকৰ পৰিৱেশৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰে আত্মীয়ই। অৱশ্যে স্থানীয় আৰক্ষীয়ে এই অভিযোগ অস্বীকাৰ কৰিছে।
Read More
আলফাৰ নামত এনকাউণ্টাৰক লৈ বিতৰ্কঃ DGPয়ে ক’লে- প্ৰমাণ আদালতত দাখিল কৰা হ’ব…

আলফাৰ নামত এনকাউণ্টাৰক লৈ বিতৰ্কঃ DGPয়ে ক’লে- প্ৰমাণ আদালতত দাখিল কৰা হ’ব…

শেহতীয়াকৈ অসমৰ কথিত আলফা-স্বাধীন কেডাৰক লক্ষ্য কৰি সংঘটিত হোৱা এনকাউণ্টাৰৰ বিষয়টো ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া। শদিয়া আৰু বাইহাটা চাৰিআলিত আৰক্ষীৰ দ্বাৰা সংঘটিত এই এনকাউণ্টাৰ ভুৱা বুলি একাংশই সৰৱ হৈ পৰা দেখা গৈছে। বিতৰ্ক আৰু নিষিদ্ধ আলফা-স্বাধীনে আৰক্ষীৰ পৰা এনকাউণ্টাৰৰ সৈতে সম্পৰ্ক স্থাপন কৰি প্ৰমাণ বিচৰাৰ মাজতে ডিজিপি জিপি সিঙে কয় যে দুয়োটা এনকাউণ্টাৰ সন্দৰ্ভত প্ৰমাণ আদালতৰ সন্মুখত দাখিল কৰা হ’ব। উল্লেখযোগ্য যে যোৱা ২৪ ডিচেম্বৰত তিনিচুকীয়া জিলাত নিষিদ্ধ সংগঠনত যোগদান কৰাৰ পৰিকল্পনা কৰাৰ অভিযোগত তিনিজন যুৱক আৰক্ষীৰ গুলীচালনাত আহত হৈছিল। ইফালে, যোৱা ২৪ ডিচেম্বৰত কামৰূপ গ্ৰাম্য জিলাত আলফা-স্বাধীনৰ সদস্য বুলি সন্দেহযুক্ত প্ৰাঞ্জল দাস নামৰ এজন যুৱকক আৰক্ষীয়ে গুলীয়াই আহত কৰে।…
Read More
আৰক্ষী মহাপৰিদৰ্শক পদলৈ পদোন্নতি IPS সংযুক্তা পৰাশৰৰ

আৰক্ষী মহাপৰিদৰ্শক পদলৈ পদোন্নতি IPS সংযুক্তা পৰাশৰৰ

বৰ্তমান নতুন দিল্লীৰ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন আই এ)ত উপ-মহাপৰিদৰ্শক হিচাপে কৰ্মৰত অসম কন্যা আই পি এছ বিষয়া সংযুক্তা পৰাশৰে আৰক্ষী মহাপৰিদৰ্শক পদবীলৈ পদোন্নতি লাভ কৰিছে। এক অধিসূচনাৰ জৰিয়তে আই পি এছ বিষয়াগৰাকাৰী জনসেৱাৰ প্ৰতি থকা দায়বদ্ধতাক স্বীকৃতি স্বৰূপে প্ৰদান কৰা এই পদোন্নতিৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়।
Read More
আলফা-স্বাধীনৰ নামত সংঘটিত এনকাউণ্টাৰক ভুৱা আখ্যা বিধায়ক অখিল গগৈৰ, ক’লে…

আলফা-স্বাধীনৰ নামত সংঘটিত এনকাউণ্টাৰক ভুৱা আখ্যা বিধায়ক অখিল গগৈৰ, ক’লে…

শেহতীয়াকৈ অসম আৰক্ষীয়ে সংঘটিত কৰা আলফা স্বাধীনৰ সংগঠনৰ সৈতে জড়িত এনকাউণ্টাৰক ভুৱা আখ্যা ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ। আজি সংবাদ মাধ্যমক সম্বোধন কৰি গগৈয়ে এই এনকাউণ্টাৰবোৰক ভুৱা আখ্যা দি কয় যে শদিয়াত তিনিজন যুৱকক গুলীয়াই হত্যা কৰা এনকাউণ্টাৰটো প্ৰকৃততে এটা ভুৱা এনকাউণ্টাৰ। গগৈয়ে কয়, "এই সকলোবোৰ এনকাউণ্টাৰৰ ঘটনা সন্দেহজনক আৰু এই সকলোবোৰ ভুৱা এনকাউণ্টাৰ। বিশ্বৱন্ত বৰগোহাঁই, মনোজ বৰগোহাঁই, দীপজ্যোতি নেওগক ভুৱা এনকাউণ্টাৰত হত্যা কৰা হ’ল। আৰক্ষীয়ে নানা ধৰণৰ কথা ক'ব পাৰে, কিন্তু তেওঁলোক এ এছ ই বিৰ ঠিকাভিত্তিক কৰ্মী আছিল, যিয়ে চাকৰি হেৰুৱাইছিল। খবৰ অনুসৰি তেওঁলোক সুৰাপান কৰি নিজৰ ঘৰলৈ ফোন কৰি কৈছিল যে তেওঁলোকে আলফাত…
Read More
ভূমি বেদখলৰ সৈতে জড়িত হ’লে বিজেপিৰ নেতাইও ভুগিব লাগিব পৰিণামঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ভূমি বেদখলৰ সৈতে জড়িত হ’লে বিজেপিৰ নেতাইও ভুগিব লাগিব পৰিণামঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ভূমি দখলৰ কামত জড়িত হ’লে বিজেপিৰ নেতাইও ভুগিব লাগিব পৰিণাম। এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সোমবাৰে সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয়, ‘ভূ-মাফিয়াক বিজেপি বা কংগ্ৰেছী বুলি শ্ৰেণীভুক্ত কৰিব নোৱাৰি। তেওঁলোক অপৰাধী। তেওঁ বিজেপিৰ হওক বা কংগ্ৰেছ দলৰ হওক কাকো ৰেহাই দিয়া নহ’ব।” তেওঁ দাবী কৰে যে আৰক্ষীৰ ব্যৱস্থাৰ বাবে ইতিমধ্যে ভূ-মাফিয়াৰ এটা অংশই অবৈধ উপায়েৰে দখল কৰা মাটি খালী কৰিছে। মাটিৰ প্ৰকৃত মালিকসকলেও নিজৰ সম্পত্তি ঘূৰাই পাইছে। তেওঁ কয়, ‘জিলা উপায়ুক্ত আৰু আৰক্ষীয়ে সমগ্ৰ নেক্সাছটো ধ্বংস কৰিবলৈ প্ৰয়াস কৰি আহিছে।’ গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই গুৱাহাটীত এটা সুসংগঠিত ভূমি দখলৰ ৰেকেট উদঙাই দিয়াৰ পিছতে এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী…
Read More
মোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিলেও লোকসভা নিৰ্বাচনত ময়েই জয়ী হ’মঃ শশী থাৰুৰ

মোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিলেও লোকসভা নিৰ্বাচনত ময়েই জয়ী হ’মঃ শশী থাৰুৰ

কংগ্ৰেছ নেতা শশী থাৰুৰে মঙলবাৰে কয় যে ২০২৪ চনত তিৰুৱনন্তপুৰম লোকসভাৰ আসনৰ পৰা চতুৰ্থবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু, যিটো তেওঁৰ শেষ আসন হ’ব পাৰে, আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে যুঁজিবলগীয়া হ’লেও যিকোনো ক্ষেত্ৰতে তেওঁ জয়ী হ’ব। থাৰুৰে তেওঁৰ ভৱিষ্যতৰ পৰিকল্পনাৰ ওপৰত টিভি চেনেলৰ ডিবেটত অংশগ্ৰহণ কৰি এই কথা কয়। তেওঁ কয়, ‘মই ইয়াৰ পৰা পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু, কিন্তু চূড়ান্ত সিদ্ধান্ত দলে ল’ব আৰু মোক কোৱা হ’লে কৰিম। এইটোৱেই হ’ব মোৰ লোকসভালৈ শেষ প্ৰতিদ্বন্দ্বিতা।’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিৰুৱনন্তপুৰমৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বুলি জল্পনা-কল্পনাৰ সন্দৰ্ভত থাৰুৰে কয়, ‘মোদীয়ে মোৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হ’লেও মই জয়ী হ’ম।’ থাৰুৰে লগতে কয়, ‘মই…
Read More
প্ৰেমত পৰি ভাৰতত অবৈধভাৱে অনুপ্ৰৱেশ, ত্ৰিপুৰাত গ্ৰেপ্তাৰ বাংলাদেশী মহিলা

প্ৰেমত পৰি ভাৰতত অবৈধভাৱে অনুপ্ৰৱেশ, ত্ৰিপুৰাত গ্ৰেপ্তাৰ বাংলাদেশী মহিলা

এবছৰীয়া প্ৰেমৰ পিছত গোপনে বিবাহ সম্পন্ন কৰি পাছপৰ্ট আইন উলংঘা কৰি অবৈধভাৱে সীমান্ত পাৰ হৈ ভাৰতলৈ অহা এগৰাকী বাংলাদেশী মহিলাক ত্ৰিপুৰাত গ্ৰেপ্তাৰ কৰা হৈছে। জানিব পৰা মতে, উত্তৰ ত্ৰিপুৰা জিলাৰ কদমতলা বজেন্দ্ৰ নগৰৰ ৫০ বছৰীয়া সুধাংশু দাসৰ সৈতে বাংলাদেশৰ মৌলবীবজাৰ নিবাসী জলি ৰাণী দাস নামৰ ২৫ বছৰীয়া মহিলাগৰাকীয়ে বিবাহপাশত আবদ্ধ হয়। বাংলাদেশৰ এটা মন্দিৰত গম্ভীৰ্যপূৰ্ণভাৱে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত ১৭ ডিচেম্বৰত দম্পতীহালে লুকাই চুৰকৈ ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰে। দেওবাৰে নিশা মহিলাগৰাকীৰ জাতীয়তা সম্পৰ্কে এক গোপন খবৰ পোৱাৰ পিছতে আৰক্ষী আৰু বি এছ এফৰ জোৱানে বাজেন্দ্ৰনগৰ অঞ্চলত যৌথ অভিযান চলায়। ইয়াৰ পিছতে মহিলাগৰাকীক স্বামীৰ ঘৰত গ্ৰেপ্তাৰ হয়। সীমান্তত নিয়োজিত সীমান্ত নিৰাপত্তা…
Read More
বিদ্যালয়ত শিক্ষকে ধমক দিয়াৰ বাবেই বিষ মহিলাই খালে চাওমিন! দুই কিশোৰীৰ মৃত্যু

বিদ্যালয়ত শিক্ষকে ধমক দিয়াৰ বাবেই বিষ মহিলাই খালে চাওমিন! দুই কিশোৰীৰ মৃত্যু

বান্ধৱীৰ সৈতে বিষাক্ত চাওমিন খাই অসুস্থ হৈ হাস্পতালত চিকিৎসাধীন হৈ থকা দুগৰাকী কিশোৰীৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে বাক্সা জিলাত। জানিব পৰা মতে, যোৱা ৮ ডিচেম্বৰত বিষাক্ত চাওমিন খোৱাৰ ফলত অসুস্থ হৈ পৰিছিল তিনি কিশোৰী। ইয়াৰ পিছত তিনিওকে গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটিছিল এগৰাকী কিশোৰীৰ। আনহাতে আজিও আন এগৰাকী কিশোৰীৰ মৃত্যু ঘটে। বাতৰি অনুসৰি, ৮ ডিচেম্বৰৰ সন্ধিয়া তিনিগৰাকী কিশোৰীয়ে টিউচন চেণ্টাৰৰ ব্লেকবৰ্ডত আপত্তিজনক বিষয়বস্তু লিখি নিজৰ ঘৰলৈ গৈছিল। পিছদিনা তেওঁলোকৰ সহপাঠী ছাত্ৰ-ছাত্ৰীসকলে এই আপত্তিজনক লিখনীৰ বিষয়ে শিক্ষকৰ আগত নাম সহকাৰে প্ৰকাশ কৰাত শিক্ষকে তিনিওকে কিছু দাবী-ধমকি দি তেনে ভুল দুনাই নকৰিবলৈ সকীয়াই দিছিল। নিজৰ…
Read More
দেশত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা, নতুনকৈ আক্ৰান্ত…

দেশত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা, নতুনকৈ আক্ৰান্ত…

দেশত পুনৰ এবাৰ বৃদ্ধি পাইছে কোভিডৰ আতংক। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত এটা দিনত ৬২৮ জন লোক নতুনকৈ আক্ৰান্ত হৈছে কোৰোনা মহামাৰীত। ইয়াৰ লগে লগে দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ৪০৫৪ লৈ বৃদ্ধি পাইছে। সোমবাৰৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত কেৰালাৰ পৰা এজন নতুনকৈ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। ইয়াৰ পিছত কোভিডত মৃত্যু ঘটা ৰোগীৰ সংখ্যা ৫.৩৩ লাখলৈ বৃদ্ধি পাইছে। বৰ্তমান দেশত কোভিড আক্ৰান্তৰ সংখ্যা হৈছে ৪.৫০ কোটি। স্বাস্থ্য মন্ত্ৰালয়ৰ ৱেবছাইটত প্ৰকাশ পোৱা অনুসৰি এই ৰোগৰ পৰা সুস্থ হোৱা লোকৰ সংখ্যা ৪.৪৪ কোটিলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯৮.৮১ শতাংশ। ৰোগীৰ মৃত্যুৰ হাৰ ১.১৯ শতাংশ। মন্ত্ৰালয়ৰ ৱেবছাইট অনুসৰি ২২০.৬৭…
Read More
ফেৰীৱালাৰ ভেশ লৈ ত্ৰিপুৰাত বাহৰ ১২ বাংলাদেশীৰ, গ্ৰেপ্তাৰ

ফেৰীৱালাৰ ভেশ লৈ ত্ৰিপুৰাত বাহৰ ১২ বাংলাদেশীৰ, গ্ৰেপ্তাৰ

ঠাণ্ডাৰ দিনৰ কাপোৰ বিক্ৰেতাৰ বেশত ত্ৰিপুৰাত বাহৰ পাতি থকা ১২জন বাংলাদেশী নাগৰিকক শনিবাৰে নিশা ত্ৰিপুৰাৰ খোৱাই জিলাৰ অন্তৰ্গত তেলিয়ামুৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, অভিযুক্ত লোককেইজনে স্থানীয় অঞ্চলত উত্তৰ প্ৰদেশ আৰু অসমৰ পৰা প্ৰব্ৰজিত ব্যৱসায়ী বুলি পৰিচয় দি ঘৰ ভাড়ালৈ লৈ বাহৰ পাতিছিল। জ্যেষ্ঠ আৰক্ষী বিষয়াগৰাকীয়ে কয়, “শীতকাল আৰম্ভ হোৱাৰ লগে লগে তেওঁলোকে টেলিয়ামুৰাত এটা কোঠা ভাড়াত লৈছিল। আমি গম পালোঁ যে তেওঁলোকে আগতে ঘৰে ঘৰে ফেৰীৰে শীতকালীন কাপোৰ বিক্ৰী কৰিছিল। অসম আৰু উত্তৰ প্ৰদেশৰ ভুৱা পৰিচয় পত্ৰৰে ঘৰৰ মালিকৰ চকুত ধূলি দি আহিছিল।' এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে গভীৰ নিশা অভিযান চলাই ভাড়াঘৰত আবদ্ধ…
Read More