editor

3175 Posts
দুৰ্ঘটনাত পতিত প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতীৰ বাহন, কেনে আছে নেত্ৰীগৰাকী…

দুৰ্ঘটনাত পতিত প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতীৰ বাহন, কেনে আছে নেত্ৰীগৰাকী…

বৃহস্পতিবাৰে দুৰ্ঘটনাত পতিত হয় জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতীৰ বাহন। অনন্তনাগলৈ গৈ থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে, পিডিপিৰ মুৰব্বীগৰাকীৰ এই দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে। জানিব পৰা মতে, খানাবলত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাতৰ বাবে মেহবুবা মুফতীয়ে গৈ থকাৰ সময়তে তেওঁলোকৰ বাহনখনে আন এখন বাহনৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। সংবাদ সংস্থা পিটিআইয়ে দাবী কৰা মতে, এই দুৰ্ঘটনাত মুফতীৰ নিৰাপত্তাৰক্ষী সামান্য আঘাতপ্ৰাপ্ত হয়। ৰাষ্ট্ৰীয় সন্মিলনৰ নেতা তথা জম্মু-কাশ্মীৰৰ আন এজন প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই মুফতীৰ গাড়ী দুৰ্ঘটনাৰ খবৰ পাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এই দুৰ্ঘটনাত নেত্ৰীগৰাকী আহত হোৱা নাই, এই খবৰত তেওঁ সুখী বুলি মন্তব্য কৰে…
Read More
কংগ্ৰেছ ছিজনেল হিন্দু! ৰাম মন্দিৰৰ উদ্বোধনৰ নিমন্ত্ৰণ নাকচ কৰাৰ পিছতে সৰৱ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং

কংগ্ৰেছ ছিজনেল হিন্দু! ৰাম মন্দিৰৰ উদ্বোধনৰ নিমন্ত্ৰণ নাকচ কৰাৰ পিছতে সৰৱ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং

অযোধ্যাত ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ আমন্ত্ৰণ নাকচ কৰি বিজেপিৰ ৰাডাৰত কংগ্ৰেছ। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা গিৰিৰাজ সিঙে বিৰোধী দলটোক আক্ৰমণ কৰি কয় যে কংগ্ৰেছীসকল ঋতুভিত্তিক হিন্দু। অযোধ্যালৈ যাবলৈ তেওঁলোকৰ শক্তি নাই। জৱাহৰলাল নেহৰুৰ পিছত কংগ্ৰেছৰ কোনো লোক অযোধ্যালৈ যোৱা নাই। উল্লেখ্য যে, ২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া অযোধ্যাৰ ৰাম মন্দিৰৰ উদ্বোধন অনুষ্ঠানৰ বাবে কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে, প্ৰাক্তন অধ্যক্ষা ছোনিয়া গান্ধী আৰু সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে নিমন্ত্ৰণ লাভ কৰিছিল যদিও তেওঁলোকে নাকচ কৰে। কংগ্ৰেছে কয় যে মন্দিৰটো সম্পূৰ্ণৰূপে নিৰ্মাণ কৰা হোৱা নাই, সেয়েহে বিজেপিয়ে প্ৰথমে উদ্বোধন কৰি নিৰ্বাচনী সুবিধা লাভৰ চেষ্টা কৰিছে। কংগ্ৰেছৰ এক বিবৃতি অনুসৰি ছোনিয়া গান্ধী, দলৰ মুৰব্বী…
Read More
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে নিমন্ত্ৰণৰ কৰ্তৃত্ব বিজেপি-আৰএছএছক কোনে দিলে? প্ৰশ্ন ভূপেন বৰাৰ

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে নিমন্ত্ৰণৰ কৰ্তৃত্ব বিজেপি-আৰএছএছক কোনে দিলে? প্ৰশ্ন ভূপেন বৰাৰ

অসম ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বৃহস্পতিবাৰে ৰাম মন্দিৰৰ ‘প্ৰণ প্ৰতিষ্ঠা’ৰ আমন্ত্ৰণ প্ৰদানৰ ক্ষেত্ৰত বিজেপি আৰু আৰএছএছৰ কৰ্তৃত্বক লৈ প্ৰশ্ন উত্থাপন কৰে। "ৰাম মন্দিৰ বিজেপিৰ সম্পত্তি নেকি? ৰাম মন্দিৰ কোনো ৰাজনৈতিক দলৰ নেকি?" বুলিও তেওঁ প্ৰশ্ন কৰে। অহা ২৫ আৰু ২৬ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া কংগ্ৰেছৰ ন্যায় যাত্ৰাৰ সময়ত বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হ’ব বুলি ঘোষণা কৰি বৰাই কয় যে যাত্ৰাৰ সময়ত ৰাহুল গান্ধীৰ কণ্টেইনাৰ বাহনখন ৰখাবলৈ অনুমতি দিয়া হোৱা নাই, আৰু দলটোৱে এই সমস্যাৰ সমাধানৰ বাবে কৰ্তৃপক্ষৰ সৈতে বৈঠকত মিলিত হ’ব। "আমি ১৮ জানুৱাৰীৰ পৰা যাত্ৰা আৰম্ভ কৰিম; যিকোনো কথা আহিব পাৰে, কিন্তু যাত্ৰা…
Read More
ৰাজ্যৰ মহিলাসকললৈ মুখ্যমন্ত্ৰীৰ ভোগালীৰ উপহাৰ! ৩৯ লাখ মহিলাই লাভ কৰিব ১০ হাজাৰকৈ টকা

ৰাজ্যৰ মহিলাসকললৈ মুখ্যমন্ত্ৰীৰ ভোগালীৰ উপহাৰ! ৩৯ লাখ মহিলাই লাভ কৰিব ১০ হাজাৰকৈ টকা

ৰাজ্যৰ লাখ-লাখ মহিলালৈ মুখ্যমন্ত্ৰীৰ ভোগালী বিহুৰ উপহাৰ। গ্ৰাম্য মহিলা সবলীকৰণৰ বাবে নতুন আঁচনি মুকলি মুখ্যমন্ত্ৰীৰ। অসমৰ আত্মসহায়ক গোটৰ বাবে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি মুকলি মুখ্যমন্ত্ৰীয়ে। এই আঁচনিৰ জৰিয়তে ১০ হাজাৰকৈ টকা লাভ কৰিব ৰাজ্য মহিলাসকলে। ৰাজ্যৰ ৩৯ লাখ মহিলাই লাভ কৰিব এই আঁচনিৰ সুবিধা। প্ৰথম পৰ্যায়ত ৰাজ্য চৰকাৰে ১০,০০০ টকাকৈ মহিলাসকলক দিব। পৰৱৰ্তী সময়ত ২৫,০০০ টকাকৈ লাভ কৰিব মহিলাসকলে। ২৫,০০০ টকাৰ ১২,৫০০ টকা চৰকাৰে দিব আৰু ১২,৫০০ টকা বেংকে মহিলাসকলক দিব। চৰকাৰৰ পৰা দিয়া ধন উভতাই দিব নালাগে। কিন্তু পৰ্যায়ক্ৰমে বেংকৰ পৰা দিয়া ধন উভতাই দিব লাগিব মহিলাসকলে। ১০ হাজাৰ টকা প্ৰদানৰ ক্ষেত্ৰত প্ৰথমে মহিলাগৰাকীয়ে ব্যৱসায় কৰিব পাৰিব নে নাই…
Read More
গুৱাহাটীৰ মাজেৰে যাব নোৱাৰিব ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা, জনালে মুখ্যমন্ত্ৰীয়ে

গুৱাহাটীৰ মাজেৰে যাব নোৱাৰিব ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা, জনালে মুখ্যমন্ত্ৰীয়ে

‘ভাৰত জোড়ো যাত্ৰা’ৰ পিছত এইবাৰ ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’। মণিপুৰৰ ইম্ফলৰ পৰা আৰম্ভ হ’ব ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’। ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ ১৪ জানুৱাৰীত মণিপুৰৰ পৰা আৰম্ভ হ’ব। ১৮ জানুৱাৰীত মণিপুৰৰ পৰা নাগালেণ্ড হৈ অসমৰ আমগুৰিত প্ৰৱেশ কৰিব ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ই। ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। ‘‘ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ কথা এতিয়ালৈ চৰকাৰক জনোৱা নাই। চৰকাৰে নাজানে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ পথ। চৰকাৰক জনালে দিয়া হ’ব অনুমতি।’’ ‘ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ স্কুল আৰু মহানগৰৰ মাজেৰে যোৱাৰ অনুমতি দিয়া নহ’ব। আনহাতে মহানগৰীৰ মাজেৰে গ’লে…
Read More
মৰ্মান্তিক! শুই থাকোতেই নিশা বাসগৃহত অগ্নিকাণ্ড, শ্বাস বন্ধ হৈ ৫ শিশুৰ কৰুণ মৃত্যু

মৰ্মান্তিক! শুই থাকোতেই নিশা বাসগৃহত অগ্নিকাণ্ড, শ্বাস বন্ধ হৈ ৫ শিশুৰ কৰুণ মৃত্যু

নিশা শুই থকা সময়তে ঘৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ পিছত ধোঁৱাৰ বাবে উশাহ বন্ধ হৈ বিচনাতে অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল পাঁচটি শিশুৱে। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ আমৰোহা জিলাত। আৰক্ষীৰ তথ্য অনুসৰি, যোৱা সোমবাৰে নিশা ঘৰটোত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ভিতৰত শুই আছিল ৭ জন লোকে। কিন্তু ধোঁৱাই সমগ্ৰ ঘৰটো বেঢ়ি ধৰাৰ ফলত ৫ টি শিশুৰ মৃত্যু ঘটে। ইফালে পিছদিনা ৰাতিপুৱা ঘৰৰ পৰা ধোঁৱা ওলোৱা দেখি ওচৰ-চুবুৰীয়াৰ সন্দেহ জাগে। তাৰ পিছতে দুৱাৰ ভাঙি ঘৰৰ ভিতৰত সোমোৱাত দুজনক অচেতন অৱস্থাত উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি সেই ঘৰৰ মালিক আছিল ৰহিজুদ্দিন। দুৰ্ঘটনাত ৰহিজুদ্দিনৰ তিনি শিশুৰ লগতে তেওঁৰ আত্মীয়ৰ…
Read More
ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা আৰম্ভ কৰাত অনুমতি নিদিলে মণিপুৰ চৰকাৰে, ক’ৰ পৰা আৰম্ভ হ’ব যাত্ৰা?

ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা আৰম্ভ কৰাত অনুমতি নিদিলে মণিপুৰ চৰকাৰে, ক’ৰ পৰা আৰম্ভ হ’ব যাত্ৰা?

মণিপুৰত কংগ্ৰেছৰ ভাৰত ন্যায় যাত্ৰাৰ অনুমতি নাই। এন বীৰেণ সিঙৰ চৰকাৰে ইম্ফলৰ পেলেচ খেলপথাৰত এই যাত্ৰাৰ অনুমতি দিবলৈ অস্বীকাৰ কৰিছে। এনে পৰিস্থিতিত উত্থাপিত হোৱা আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল ৰাহুল গান্ধীয়ে এতিয়া এই যাত্ৰা ক’ৰ পৰা আৰম্ভ কৰিব? কংগ্ৰেছে মণিপুৰ চৰকাৰৰ এই সিদ্ধান্তক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে। উল্লেখ্য যে, ১৪ জানুৱাৰীৰ পৰা ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ লগা আছিল ভাৰত জোড়ো ন্যায় যাত্ৰা। ইফালে, মণিপুৰ চৰকাৰে অনুমতি নিদিয়াৰ সন্দৰ্ভত কে চি বেনুগোপালে কয় যে মণিপুৰ চৰকাৰৰ এই সিদ্ধান্ত দুৰ্ভাগ্যজনক। 'এসপ্তাহ পূৰ্বে মণিপুৰ কংগ্ৰেছৰ সভাপতিয়ে মুখ্য সচিবক অনুমতি বিচাৰি এখন পত্ৰ দিছিল। ৫ দিনৰ পিছত সিদ্ধান্ত ল’ম বুলি কৈছিল আৰু ৩ দিনৰ আগতে…
Read More
ঘোচ কাণ্ড! ১০ হাজাৰ টকাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ এছ আই ছাৰ…

ঘোচ কাণ্ড! ১০ হাজাৰ টকাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ এছ আই ছাৰ…

ৰাজ্যত পুনৰ ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল আন এজন খাকী পোছাকধাৰী। অভিযোগকাৰীৰ গাড়ী মুকলি কৰি দিয়াৰ বাবে ১০ হাজাৰ টকাৰ ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে চিৰাং জিলাৰ ঢালিগাঁও টাউন আউটপোষ্টৰ উপ-পৰিদৰ্শক (ইউবি) চিণ্টু দাস। মঙলবাৰে দুৰ্নীতি নিবাৰক শাখাৰ দলে অভিযান চলাই আৰক্ষী বিষয়াজনক গ্ৰেপ্তাৰ কৰি তেওঁৰ পৰা উদ্ধাৰ কৰে অভিযোগকাৰীৰ পৰা ঘোচ হিচাপে লোৱা ধন। ইতিমধ্যে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি অধিক তদন্ত অব্যাহত ৰখা হৈছে।
Read More
হেকাৰৰ টাৰ্গেট মুখ্যমন্ত্ৰীৰ ফেচবুক একাউণ্ট, পাকিস্তানৰ পৰা হেক কৰাৰ চেষ্টা

হেকাৰৰ টাৰ্গেট মুখ্যমন্ত্ৰীৰ ফেচবুক একাউণ্ট, পাকিস্তানৰ পৰা হেক কৰাৰ চেষ্টা

এইবাৰ হেকাৰৰ টাৰ্গেট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ছ’চিয়েল মিডিয়া একাউণ্ট। মুখ্যমন্ত্ৰীৰ ফেচবুক একাউণ্ট হেক কৰাৰ চেষ্টা হেকাৰৰ। পাকিস্তানৰ হেকাৰে এই দুষ্কাৰ্য সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে। এই কথা টুইটযোগে জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰত লিখিছে, ‘অজ্ঞাত হেকাৰে আজি সন্ধিয়া মোৰ ফেচবুক একাউণ্ট হেক কৰাৰ চেষ্টা চলাইছিল। প্ৰাথমিক তথ্য মতে, হেকাৰে পাকিস্তানৰ পৰা কাম কৰি থাকিব পাৰে।’ অসম আৰক্ষী আৰু আৰক্ষী সঞ্চালকপ্ৰধানক টেগ কৰি এই টুইট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলিও উল্লেখ কৰিছে মুখ্য়মন্ত্ৰীয়ে।
Read More
বিশিষ্ট সংগীত শিল্পী ভূপেন উজীৰৰ দেহাৱসান, নৱগ্ৰহত শেষকৃত্য

বিশিষ্ট সংগীত শিল্পী ভূপেন উজীৰৰ দেহাৱসান, নৱগ্ৰহত শেষকৃত্য

মঙলবাৰে নিশা ১০ বজাত গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিলে ৰাজ্যৰ বিশিষ্ট সংগীত শিল্পী ভূপেন উজীৰে। নিশাটো নেমকেয়াৰ হাস্পতালতে ৰখাৰ পিছত আজি নিজৰ বাসগৃহত নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব। বিশিষ্ট শিল্পীগৰাকীয়ে শ্বাস-প্ৰশ্বাস জনিত ৰোগত আক্ৰান্ত হৈ ১ জানুৱাৰীৰ পৰা নেমকেয়াৰ হাস্পতালত ভৰ্তি হৈ আছিল। ভূপেন উজীৰে ১৯৫৩ চনৰ ৫ এপ্ৰিলত যোৰহাটত জন্মগ্ৰহণ কৰিছিল। শিল্পী গৰাকীয়ে যোৰহাটত শৈশৱ পাৰ কৰিছিল। মৃত্যুৰ সময়ত শিল্পীগৰাকীয়ে ইহ সংসাৰত এৰি থৈ যায় পত্নী শান্তা উজীৰ আৰু দুই কন্যা প্ৰীতিস্মিতা উজীৰ খানুজা আৰু কীৰ্তিকা উজীৰ শৰ্মাক। ভূপেন উজীৰে সুৰ কৰা বা সংগীতেৰে সজোৱা অসমীয়া গীতৰ তালিকা যথেষ্ট দীঘলীয়া।…
Read More