05
May
গুৱাহাটীঃ ৰাজ্যখনৰ দ্বিতীয় সৰ্ববৃহৎ ভোটাৰ থকা সমষ্টি হিচাপে পৰিচিত ৫৪নং পশ্চিম গুৱাহাটীত অষ্টমবাৰৰ বাবে প্ৰতিদ্বন্দিতা কৰি ষষ্ঠ বাৰৰ বাবে বিজয়ী হোৱাৰ লগতে এইবেলি অভিলেখ পৰিমাণৰ প্ৰায় ১.৩৮ লাখ ভোট লাভ কৰা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বৰ্তমানৰ ৰাজ্যৰ ভয়ংকৰ ক'ভিড পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি নহা পৰ্যন্ত ৰাজহুৱা স্থানত কোনো ধৰণৰ অনুষ্ঠানত অংশগ্ৰহণ আৰু ৰাজহুৱা সম্বৰ্ধনা গ্ৰহণ নকৰে বুলি ঘোষণা কৰিছে। অৱশ্যে বিগত দুদিনত অগপকে ধৰি মিত্ৰজোঁটৰ দুই এক সমৰ্থক-কৰ্মকর্তাই ক'ভিড বিধি মানি বাসভৱনলৈ আহি শুভেচ্ছা আৰু সম্বৰ্ধনা জ্ঞাপন কৰিছে। এই সন্দৰ্ভত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে বৰ্তমান ৰাজ্যত ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে। চৰকাৰে ক'ভিডৰ সংক্ৰমণ ৰোধৰ বাবে হাফ লকডাউন…