21
Apr
ভাৰতীয় ক্ৰীড়াক্ষেত্ৰত বৰ্তমান এক চৰ্চিত নাম অসম সন্তান তথা দৌৰবিদ অম্লান বৰগোঁহাই। চলিত বৰ্ষৰ ৬ এপ্ৰিলত কেৰেলাৰ পৰা অসমবাসীলৈ সেই ভাল খবৰটো আহিছিল। কেৰালাৰ কালিকটত অনুষ্ঠিত হোৱা ২৫ সংখ্যক চিনিয়ৰ ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ এথলেটিকচ প্ৰতিযোগিতাত অসমৰ অম্লান বৰগোঁহাইয়ে ট্ৰেকত বিজুলী গতিত দৌৰি শ্ৰেষ্ঠত্ব প্ৰদৰ্শনেৰে পুৰুষৰ ২০০ মিঃ দৌৰত ২০.৫২ চেকেণ্ডত ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰি সোণৰ পদক লাভেৰে ২২তম এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰে। অসমলৈ নিজৰ পাৰদৰ্শিতাৰে সুনাম কঢ়িয়াই অনা খেলুৱৈগৰাকীক আজি সৰুসজাই ক্ৰীড়া প্ৰকল্পত অসম এথলেটিকচ্ সন্থাই সম্বৰ্ধনা জ্ঞাপন কৰে। অসম এথলেটিকচ্ সন্থাৰ সম্পাদক অশোক কুমাৰ ভৰালীয়ে আঁত ধৰা অনুষ্ঠানটিত অম্লানে 'সন্মুখত যদিও এছিয়ান গেমছ,কিন্তু মোৰ সপোন আৰু প্ৰধান লক্ষ্য…
